ETV Bharat / state

বন্ধ হোৱাৰ সংকেত নেকি ! কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীক ভি আৰ এছ দিয়াৰ সিদ্ধান্ত কেবিনেটৰ - ASSAM CABINET KEY DECISIONS

Cabinet Meeting of Assam Government : ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ 'আপোন ঘৰ' আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব 30 লাখ পৰ্যন্ত ঋণ ৷ তুলি লোৱা সন্তানৰ লালন-পালনৰ বাবে ৰাজ্য চৰকাৰৰ মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা ৷ অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীক ভি আৰ এছ দিয়াৰ বাবদ ৰাজ্য চৰকাৰে ব্যয় কৰিব 155 কোটি টকা ৷

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 10:33 PM IST

ASSAM CABINET KEY DECISIONS
কেবিনেটৰ অন্তত মন্ত্ৰী পেগুৰ সংবাদমেল (Source : X account of Ranoj Pegu)

গুৱাহাটী, 10 জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

কেবিনেটৰ অন্তত মন্ত্ৰী পেগুৰ সংবাদমেল (E TV Bharat Assam)

কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কঢ়িয়াই আনিছে ভাল খবৰ ৷ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ 'আপোন ঘৰ' আঁচনিৰ অধীনত কৰ্মচাৰীসকলে 30 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব ৷ ইয়াৰ পূৰ্বে এই ঋণৰ পৰিমাণ আছিল 15 লাখ টকা ৷ 20 বছৰৰ বাবে প্ৰযোজ্য থাকিব এই সুবিধা আৰু এই ঋণৰ সুদৰ এক শতাংশ বহন কৰিব ৰাজ্য চৰকাৰে ৷ আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

লগতে পঢ়ক: খাহীৰ তেলেৰে মাহৰ দাইলৰ ভোজ খুৱাই ধমক খালে বৰ্ণালী ডেকাই : জিলা আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ - Cabinet Meeting in Nalbari

উল্লেখ্য যে, 2016-17 চনত আৰম্ভ কৰা 'আপোন ঘৰ' আঁচনিৰ অধীনত বৰ্তমানলৈকে 37,277 গৰাকী কৰ্মচাৰীয়ে ঋণ লোৱাৰ কথা সদৰী কৰে চৰকাৰে ৷ এই ঋণৰ পৰিমাণ হৈছে 5,663 কোটি টকা ৷ ইয়াৰে সুদৰ বাবদ ৰাজ্য চৰকাৰে বহন কৰিছে 596 কোটি টকা ৷

বুধবাৰৰ কেবিনেটত সন্তান তুলি লোৱা ৰাজ্য চৰকাৰৰ মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা কৰাৰ কথাও সদৰী কৰে মন্ত্ৰী পেগুৱে ৷ এবছৰৰ কম বয়সৰ সন্তান তুলি ল'লে মহিলা কৰ্মচাৰীয়ে 180 দিনৰ ছুটী লাভ কৰিব ৷ অৱশ্যে নিজৰ এটা সন্তান থকা মহিলাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব এই ছুটী ৷

আনহাতে, আজিৰ কেবিনেটে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীসকলক ভি আৰ এছ তথা স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷ স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ বাবেই পৰিষদৰ কৰ্মচাৰীসকলে নিয়মীয়াভাৱে দৰমহা নোপোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছিল ৷ যাৰ বাবে আজিৰ কেবিনেটে ভি আৰ এছৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ দিনত হোৱা অনিয়মৰ তদন্ত চিবিআইলৈ : সিদ্ধান্ত ৰাজ্যিক কেবিনেটত - Bordikorai Hydro Electric Project

পৰিষদত কৰ্মৰত 612 গৰাকী নিয়মীয়া কৰ্মচাৰীক ভি আৰ এছ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তদুপৰি পৰিষদত ঠিকাভিত্তিত থকা 147 গৰাকী আৰু ফিক্সড পে’ লাভ কৰা 16 গৰাকী কৰ্মচাৰীকো ভি আৰ এছ অফাৰ কৰা হৈছে ৷ 612 গৰাকী নিয়মীয়া কৰ্মচাৰীক ভি আৰ এছ দিয়াৰ বাবদ চৰকাৰে ব্যয় কৰিব লাগিব 130 কোটি টকা আৰু কেবিনেটে এই টকাৰ অনুমোদন জনায় ৷

কৰ্মচাৰীসকলক ভি আৰ এছৰ হিচাপ-নিকাচৰ উপৰিও অতিৰিক্তভাৱে 10 শতাংশকৈ দিয়াৰ বাবেও আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ৷ 612 গৰাকী নিয়মীয়া কৰ্মচাৰীয়ে ভি আৰ এছ ল'লে 20 ৰ পৰা 25 লাখ টকা লাভ কৰিব ৷

লগতে পঢ়ক: ১৫ আগষ্টৰ পূৰ্বে প্ৰদান কৰা হ’ব বানত ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণ : আৰু কি কি সিদ্ধান্ত কেবিনেটৰ ? - Assam Cabinet Metting

আনহাতে, 147 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ ভিতৰত 10 বছৰ কাম কৰাসকলে পাব 5 লাখ টকা, 10 ৰ পৰা 15 বছৰলৈ কাম কৰাসকলে 5.50 লাখ টকা আৰু 15 বছৰৰ ওপৰত কাম কৰাসকলে 6 লাখ টকাকৈ লাভ কৰিব ৷ সেইদৰে ফিক্সড পে’ পোৱা 16 গৰাকী কৰ্মচাৰীৰ 10 বছৰ সেৱা আগবঢ়োৱাসকলে 1.75 লাখ টকা, 10 ৰ পৰা 15 বছৰ সেৱা আগবঢ়োৱাসকলে 1.93 লাখ টকা আৰু 15 বছৰৰ ওপৰত সেৱা আগবঢ়োৱাসকলে 2.10 লাখ টকাকৈ লাভ কৰিব ৷ ঠিকাভিত্তিক আৰু ফিক্সড পে’ ৰ দৰমহা লাভ কৰা কৰ্মচাৰীসকলকো চৰকাৰে অতিৰিক্তভাৱে 10 শতাংশকৈ ধন দিব ৷ এই ভি আৰ এছ প্ৰক্ৰিয়াৰ বাবদ অসম চৰকাৰৰ ব্যয় হ'ব 155 কোটি টকা ৷

45 দিনৰ ভিতৰত এই ভি আৰ এছ প্ৰক্ৰিয়া শেষ কৰাৰ চেষ্টা কৰা হ'ব ৷ অৱশ্যে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদক বন্ধ কৰাৰ সিদ্ধান্ত এতিয়াও চৰকাৰে গ্ৰহণ কৰা নাই বুলি সংবাদমেলত সদৰী কৰে মন্ত্ৰী পেগুৱে ৷

লগতে পঢ়ক: জৰিমনা ৰেহাই দিয়াৰ সিদ্ধান্ত কেবিনেটৰ; সাধাৰণ ৰাইজে পিচে কি কয় ? - Assam Cabinet Decision

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.