ETV Bharat / state

অসম বাতিল বিধেয়ক 2024 ত কেবিনেটৰ অনুমোদন : মুছলমান বিবাহ পঞ্জীয়নৰ বাবে অনা হ’ব আইন - ASSAM CABINET KEY DECISIONS

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:04 PM IST

Assam Cabinet : ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। আজিৰ কেবিনেটত 'অসম বাতিল বিধেয়ক, 2024'ত অনুমোদন জনোৱা হয় ৷ উন্নয়নমূলক কামৰ তদাৰক কৰাৰ বাবে প্ৰতি মাহে তিনিদিন দুগৰাকীকৈ মন্ত্রী বৰাকৰ তিনিখন জিলালৈ গৈ থাকিব।

ASSAM CABINET KEY DECISIONS
ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (ETV Bharat Assam)

গুৱাহাটী, 18 জুলাই : অসমৰ মুছলমান কন্যা আৰু ভগ্নীসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আজিৰ কেবিনেটত 'অসম বাতিল বিধেয়ক, 2024'ত অনুমোদন জনোৱা হয় ৷ এই কথা সামাজিক মাধ্যম যোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লক্ষণীয় বিষয় যে আজিৰ কেবিনেট বৈঠকৰ পাচতে সংবাদমেল যোগে দুগৰাকীকৈ মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাই কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে যদিও এই সিদ্ধান্তৰ কথা উল্লেখ কৰা নাছিল ৷ কেবিনেটৰ পাঁচটাকৈ সিদ্ধান্তৰ কথা মন্ত্ৰী দুগৰাকীয়ে উল্লেখ কৰে ৷

'অসম বাতিল বিধেয়ক, 2024' কেবিনেটে অনুমোদন জনোৱাৰ কথা মন্ত্ৰী দুগৰাকীয়ে উল্লেখ নকৰিলে ৷ ইয়াৰ বিপৰীতে কেবিনেটৰ এই সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে সদৰী কৰে ৷ সেই অনুসৰি কোৱা হৈছে যে মুছলমান যুৱতীৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ 'Assam Repealing Bill 2024'ত অনুমোদন জনালে আজিৰ ৰাজ্যিক কেবিনেটে ৷

সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ (ETV Bharat Assam)

মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেটত ৷ বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত শক্তিশালী পদক্ষেপ ৰাজ্য চৰকাৰৰ ৷ বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নত সমতা আনিবলৈ ৰাজ্যিক কেবিনেটে অসম বাতিল বিধেয়ক, 2024ত অনুমোদন জনাইছে ৷ যাৰ উদ্দেশ্য হৈছে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, 1935 আৰু অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধি, 1935 বাতিল কৰা ৷ এই বিধেয়কখন বিবেচনাৰ বাবে অসম বিধানসভাৰ পৰৱৰ্তী বৰ্ষাকালীন অধিৱেশনত উত্থাপন কৰা হ'ব ৷ আজিৰ কেবিনেটে লগতে নিৰ্দেশ দিয়ে যে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনৰ ভিতৰত বিবেচনা কৰি অসমত মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনা হ'ব ৷

ইফালে চি এন জিৰ ক্ষেত্ৰত ভেটৰ হাৰ 14.5 শতাংশৰ পৰা 5 শতাংশলৈ হ্ৰাস কৰা হৈছে ৷ যাতে চি এন জিৰ খৰচ কমি যায় আৰু ইয়াৰ ব্যৱহাৰ বৃদ্ধি হয় তথা সহজলভ্য হয় ৷ প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে জি এন জি সহজলভ্য কৰাৰ উদ্দেশ্যে অসম চৰকাৰে 100 টা চি এন জি ষ্টেচন স্থাপনৰ ব্যৱস্থা কৰিছে ৷ চি এন জিৰ অধিক ব্যৱহাৰৰ বাবে অসম চৰকাৰে চি এন জিৰ ভেটৰ হাৰ 14.5 শতাংশৰ পৰা 5 শতাংশলৈ হ্ৰাস কৰে ৷ আজিৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু কেশৱ মহন্তই ৷

কেবিনেটৰ সিদ্ধান্ত অনুসৰি বৰাক উপত্যকাৰ উন্নয়নমূলক কামসমূহ তদাৰক কৰাৰ বাবে প্ৰতিমাহে দুগৰাকীকৈ মন্ত্ৰী বৰাকৰ তিনিখন জিলালৈ গৈ তিনিদিন থাকিব ৷ তিনিদিনত মন্ত্ৰী দুগৰাকীয়ে জিলা তিনিখনত প্ৰতিটো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিব ৷ তদুপৰি জনপ্ৰতিনিধি, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু সামাজিক সংগঠনৰে আলোচনাত মিলিত হৈ চৰকাৰী আঁচনি সমূহৰ ৰূপায়নৰ বুজ ল'ব ৷ বৰাকৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে ৷ ইয়াৰ বাবে মন্ত্ৰীসকলক দায়িত্ব ভগাই দিয়া হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী দুগৰাকীয়ে ৷ তদুপৰি অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱাই নিয়মীয়াকৈ বৰাকৰ জিলা কেইখন ভ্ৰমণ কৰিব ৷

লগতে পঢ়ক : বন্ধ হোৱাৰ সংকেত নেকি ! কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীক ভি আৰ এছ দিয়াৰ সিদ্ধান্ত কেবিনেটৰ - ASSAM CABINET KEY DECISIONS

আজিৰ কেবিনেটে বি টি আৰৰ বাবে ৰাজ্য চৰকাৰৰ অনুদানৰ প্ৰথম কিস্তিৰ 401.50 কোটি টকা মোকলাই দিয়ে ৷ ৰাজ্য চৰকাৰে বি টি আৰৰ বাবে বাৰ্ষিক 800 কোটি টকাৰ অনুদান আগবঢ়ায় ৷ আজি প্ৰথম কিস্তিৰ ধন মোকলাই দিয়া হয় ৷ প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনিৰ অধীনত ৰাজ্যৰ 66 লাখ পৰিয়ালে বছৰি 5 লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰে ৷ ইয়াৰ বাবে আজিৰ কেবিনেটে 375 কোটি কোটি টকা মোকলাই দিয়ে ৷

আনহাতে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনলৈ আজিৰ কেবিনেটে 200 কোটি টকা মোকলাই দিয়ে ৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত অসমত 18 খন কৰ্কট হাস্পতাল নিৰ্মাণৰ কাম হাতত লোৱা হৈছে আৰু ইতিমধ্যে 8 খন মুকলি কৰা হৈছে ৷ বাকী কেইখনৰ কাম চলি আছে ৷ এই প্ৰকল্পত অসম চৰকাৰে 2531 কোটি টকা আৰু টাটা ট্ৰাষ্টে 1180 কোটি টকা ব্যয় কৰিব ৷ ইতিমধ্যে অসম চৰকাৰে 1475 কোটি টকা আৰু টাটা ট্ৰাষ্টে 623 কোটি টকা ব্যয় কৰিছে ৷ আজি অসম চৰকাৰে পুনৰ 200 কোটি টকা মোকলাই দিয়ে ৷

লগতে পঢ়ক : অভাৱৰ দীঘলীয়া তালিকা কনকলতা অসামৰিক চিকিৎসালয়ত : ৰোগীৰ মাজত হাহাকাৰ - Assam Health Department

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.