ETV Bharat / state

নুনমাটিস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ মাচুল ১১০০ শতাংশতকৈও অধিক বৃদ্ধি, অভিভাৱকৰ প্ৰতিবাদ - Kendriya Vidyalaya Noonmati

Protest at Noonmati KV : ১১০০ শতাংশৰো অধিক মাচুল বৃদ্ধিক লৈ গুৱাহাটীৰ নুনমাটিস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ । প্ৰায় শতাধিক অভিভাৱকে সোমবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 11:00 PM IST

Protest at Noonmati KV
নুনমাটি কেন্দ্ৰীয় বিদ্যালয়ত অভিভাৱকৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ৮ জুলাই : আই অ' চি এলৰ অধীনস্থ কেন্দ্ৰীয় বিদ্যালয়ৰ হঠকাৰী সিদ্ধান্ত । ভাৰতীয় তেল নিগমৰ চি এছ আৰ আঁচনিৰ অধীনস্থ নুনমাটিস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ মাচুল বৃদ্ধিক লৈ বিপাঙত অভিভাৱকসকল । একেকোবে ১১০০ শতাংশৰো অধিক মাহিলি মাচুল বৃদ্ধিৰ এক অবিবেচক সিদ্ধান্ত বিদ্যালয় কৰ্তৃপক্ষ তথা আই অ' চি এলৰ । যাৰ বাবে এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে সাধাৰণ অভিভাৱকসকল ।

আনহাতে, এই আকাশলংঘী মাচুল বৃদ্ধিৰ সিদ্ধান্ত কোনো প্ৰকাৰে মানি ল'ব পৰা নাই অভিভাৱকসকলে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মহানগৰীৰ নুনমাটিস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়খনৰ অভিভাৱক সন্থাই । কেন্দ্ৰীয় বিদ্যালয়খনত শিক্ষাৰ্থীসকলৰ মাচুল অত্যধিক হাৰত বৃদ্ধি কৰাক কেন্দ্ৰ কৰি গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে ।

অভিভাৱকসকলে জনোৱা অনুসৰি, পূৰ্বতে কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰকল্প শিতানত মাহেকীয়া মাচুল আছিল ১৫০ টকা । কিন্তু বিদ্যালয় কৰ্তৃপক্ষই এই মাচুল একেকোবে ১৮০০ টকালৈ বৃদ্ধি কৰে । অৰ্থাৎ এই মাচুল প্ৰায় ১১০০ শতাংশ বৃদ্ধিৰ এক হঠকাৰী সিদ্ধান্ত লয় কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই । যাৰ বাবে নিৰুপায়ত পৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় অভিভাৱকসকলে ।

প্ৰতিবাদত অংশগ্ৰহণ কৰা একাংশ অভিভাৱকে জনোৱা মতে, এই মাচুল বৃদ্ধিৰ জাননী লাভ কৰাৰ পিচতে ততাতৈয়াকৈ অভিভাৱকসকল একগোট হৈ এখন সমিতি গঠন কৰি বিদ্যালয় কৰ্তৃপক্ষক এই মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা কৰি পত্ৰ প্ৰেৰণ কৰে । লগতে তেওঁলোকে এই মাচুল লাগিলে ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰি ৩০০ টকা কৰিবলৈ অনুৰোধ জনায় । কিন্তু বিদ্যালয় কৰ্তৃপক্ষ ইয়াত ৰাজী নোহোৱাত অভিভাৱক সন্থাই কেইবাবাৰো বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে মিলিত হৈ ৮০০ টকা পৰ্যন্ত মাচুল বৃদ্ধি কৰিবলৈ অনুৰোধ জনায় যদিও বিদ্যালয় কৰ্তৃপক্ষ তথা আই অ' চি এল নিজৰ সিদ্ধান্তত অটল থাকে ।

যাৰ বাবে সোমবাৰে গুৱাহাটীৰ শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অভিভাৱকসকলে । লগতে কেন্দ্ৰীয় বিদ্যালয়খন গুৱাহাটীৰ শোধনাগাৰ কৰ্তৃপক্ষই ব্যক্তিগতকৰণৰ পৰিকল্পনা কৰা বুলিও অভিযোগ উত্থাপন কৰে অভিভাৱক সন্থাই ।

উল্লেখযোগ্য যে গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষই পূৰ্বৰ মাহেকীয়া মাচুল ১৫০ টকাৰ পৰা ১৮০০ টকা নিৰ্ধাৰণ কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে অভিভাৱকসকল । আনহাতে, সৰ্বভাৰতীয় পৰ্যায়ত কোনো কেন্দ্ৰীয় বিদ্যালয়ৰ মাচুল এনেধৰণে বৃদ্ধি কৰা নাই যদিও কেৱল নুনমাটি কেন্দ্ৰীয় বিদ্যালয়েহে এই হাৰত মাচুল বৃদ্ধি কৰাক লৈয়ো অভিভাৱকসকলে ৰহস্যৰ গোন্ধ পাইছে ।

এই সন্দৰ্ভত অভিভাৱকসকলে জনোৱা অনুসৰি, মাচুল বৃদ্ধিৰ বিষয়টোক লৈ অভিভাৱক সন্থাৰ লগতে আছুৰ প্ৰতিনিধিয়ে শোধনাগাৰ কৰ্তৃপক্ষৰ সৈতে তিনিবাৰকৈ আলোচনাত মিলিত হয় । কিন্তু তাৰ পাচতো কোনো সুফল নোপোৱাৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে অভিভাৱকসকলে । আনহাতে, বৰ্ধিত মাচুল আদায়ৰ বাবে শিক্ষাৰ্থীসকলো মানসিকভাৱে হেঁচা প্ৰয়োগ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী অভিভাৱকসকলে ।

লগতে পঢ়ক :নগৰ উন্নয়ন মন্ত্ৰীক অস্তিত্বহীন আখ্যা বিধায়ক অখিল গগৈৰ - MLA Akhil Gogoi
লগতে পঢ়ক :গৃহমন্ত্ৰীয়ে অসমবাসীক চৰম অপমান কৰিছে : অখিল গগৈ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.