ETV Bharat / state

এইবাৰ গুৱাহাটীত দুৰ্গা পূজাৰ সময়ত মানিব লাগিব এইসমূহ নিৰ্দেশনা - Durga Puja 2024

Durga Puja in Guwahati: মহানগৰীত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশনা । বাট-পথ বন্ধ কৰি দুৰ্গা পূজা উদযাপনত নিষেধাজ্ঞা ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Durga Puja in Guwahati
দুৰ্গাপূজাৰ বাবে মহানগৰ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা (ETV Bharat Assam)

গুৱাহাটী, ৪ অক্টোবৰ : দুৰ্গা পূজালৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী । কিন্তু এতিয়াৰে পৰাই যেন ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎসৱৰ আনন্দই বিৰাজ কৰিছে । ইতিমধ্যে দেৱী প্ৰতিমাৰ লগতে আকৰ্ষণীয় পূজা মণ্ডপবোৰৰ নিৰ্মাণকাৰ্য প্ৰায় সমাপ্ত হৈছে । গুৱাহাটী মহানগৰীতো একেই পৰিৱেশে বিৰাজ কৰিছে ।

এইবেলি গুৱাহাটীত ৪৫০ খনৰো অধিক দুৰ্গা পূজা অনুষ্ঠিত হ'ব । ইয়াৰ বাবে মহানগৰ তথা জিলা প্ৰশাসনে ইতিমধ্যে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । লগতে জাৰি কৰা হৈছে পূজাৰ বাবে বিশেষ এছ অ' পি । গুৱাহাটী মহানগৰত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত এইবাৰ কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে ।

গুৱাহাটীত দুৰ্গা পূজা উদযাপনৰ বাবে প্ৰশাসনৰ স্বৰ্তাৱলী-

সেই অনুসৰি, কামৰূপ মহানগৰ আৰু মহানগৰ আৰক্ষীৰ অনুমতি লৈহে পূজা কমিটীসমূহে পূজা অনুষ্ঠিত কৰিব লাগিব । প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মতে, গুৱাহাটী মহানগৰীৰ বাট-পথ বন্ধ কৰি কোনো পূজা সমিতিয়ে দুৰ্গাপূজা উদযাপন কৰিব নোৱাৰিব । দুর্গা পূজা সমিতিয়ে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ ৫৫ ডেচিবেলতকৈ উচ্চস্বৰত আৰু নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ৪৫ ডেচিবেলতকৈ উচ্চস্বৰত মাইক বজাব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে আৰক্ষী প্রশাসনে ।

Durga Puja in Guwahati
প্ৰশাসনৰ নিৰ্দেশনা (ETV Bharat Assam)

উল্লেখ্য, গুৱাহাটীৰ জিলা পুথিভঁৰালত বৃহস্পতিবাৰে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু মহানগৰীৰ দুৰ্গা পূজা সমিতিসমূহৰ মাজত এখন সভা অনুষ্ঠিত হয় । সভাত পূজাৰ সময়ছোৱাত ভক্তপ্ৰাণ ৰাইজৰ নিৰাপত্তা আৰু যান-বাহন পার্কিঙকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় । লগতে বিভিন্ন বিষয়ত পূজা সমিতিসমূহক কেতবোৰ নীতি-নির্দেশনা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে ।

সেই অনুসৰি, পূজা মণ্ডপ চাফ-চিকুণত গুৰুত্ব আৰু খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰাৰ লগতে কোনো ধৰণৰ কূটাঘাতমূলক ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি সতর্কতা অৱলম্বন কৰিব লাগিব । কোনো পূজা সমিতিয়ে ৰাজপথ আবদ্ধ কৰি পূজা উদযাপন নোৱাৰিব । লগতে উচ্চস্বৰত মাইক বজাব আৰু পূজা মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত যান-বাহন পার্কিং কৰিব নোৱাৰিব ।

Durga Puja in Guwahati
প্ৰশাসনৰ নিৰ্দেশনা (ETV Bharat)

স্বেচ্ছাসেৱকৰ তালিকা দাখিল কৰা, আগতীয়াকৈ ওচৰৰ আৰক্ষী থানাত সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ বিশদ তালিকা প্ৰদান কৰা, ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পুৰুষ আৰু মহিলাৰ বাবে পৃথক প্রৱেশ/প্রস্থান বেৰিকেড স্থাপন কৰা, পূজা মণ্ডপত চি চি কেমেৰা স্থাপন কৰা, বিদ্যুৎ কৰ্তন হ'লে লগে লগে জেনেৰেটৰৰ দ্বাৰা বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে । আনহাতে, প্লাষ্টিক বৰ্জন কৰি কাগজৰ প্লেটত প্ৰসাদ বিতৰণকে ধৰি কোনো ধৰণৰ প্ৰদূষণযুক্ত সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ পূজা সমিতিসমূহক আহ্বান জনাইছে অসম প্ৰদূষণ পৰিষদে ।

তদুপৰি, স্বাস্থ্য বিভাগ, গুৱাহাটী পৌৰ নিগম, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, অগ্নি নির্বাপক বাহিনী, বিদ্যুৎ বিভাগকে ধৰি বিভিন্ন বিভাগৰ পৰাও দুৰ্গা পূজা সমিতিসমূহক বিভিন্ন নির্দেশনা দিয়া হয় । উল্লেখ্য যে এইবেলি গুৱাহাটীৰ ৮ টা ঘাটত দেৱী প্ৰতিমা বিসর্জন প্রক্রিয়া সম্পন্ন হ'ব ।

লগতে পঢ়ক :চমক সৃষ্টিৰ বাবে সাজু হৈ উঠিছে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ : থলুৱা শিল্প, থলুৱা শিল্পীক প্ৰাধান্য - Durga Puja 2024
লগতে পঢ়ক :SOP মানি উদযাপন কৰক শাৰদীয় দুৰ্গোৎসৱ - Durga Puja 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.