ETV Bharat / state

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে কি কি ব্যৱস্থা লৈছে কামৰূপ আৰু বিশ্বনাথ জিলা প্ৰশাসনে ? - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 9:35 PM IST

Assam Direct Recruitment Examination 2024: অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ চমুকৈ ADRE পৰীক্ষাৰ বাবে সম্পূৰ্ণ সাজু কামৰূপ আৰু বিশ্বনাথ জিলা প্ৰশাসন ৷ কামৰূপৰ জিলাৰ মুঠ ১৫৫ টা কেন্দ্ৰ আৰু বিশ্বনাথৰ ১৫৫ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা ৷

Assam Direct Recruitment Examination 2024
অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ (ETV Bharat Assam)

বাইহাটা/বিশ্বনাথ, ১৪ ছেপ্টেম্বৰ: দেওবাৰে অনুষ্ঠিত হ’বলগীয়া অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ চমুকৈ ADRE 2024 বাবে কামৰূপ জিলা আৰু বিশ্বনাথ জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ কামৰূপ জিলাৰ মুঠ ১৫৫ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা । শনিবাৰে বিয়লি কামৰূপ জিলাৰ জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত কীৰ্তি জল্লী আৰু আৰক্ষী অধীক্ষকৰ ৰঞ্জন ভূঞাই সংবাদমেল সম্বোধন কৰি পৰীক্ষাৰ নিয়মাৱলীৰ বিষয়ে উল্লেখ কৰে ৷

কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লী (ETV Bharat Assam)

লগতে পঢ়ক: তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অসৎ উপায় ল'লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড, ১০ কোটিলৈকে জৰিমনা - Assam Direct Recruitment Exam 2024

জিলা আয়ুক্ত জল্লীয়ে কাইলৈ অৰ্থাৎ ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ লগতে জনবহুল সভা স্থগিত ৰখাৰ কথা ব্যক্ত কৰে ৷ তেওঁ জনোৱা মতে এইবাৰ জিলাখনৰ মুঠ ৮০,৬৯৭ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ৰাজ্যৰ এই বৃহৎ নিযুক্তি পৰীক্ষাত । ইতিমধ্যেই পৰীক্ষাৰ বাবে জিলাখনত মুঠ ১৫৫ টা পৰীক্ষা কেন্দ্ৰ সাজু কৰি তুলিছে জিলা প্ৰশাসনে ।

পৰীক্ষাৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি তাৰ বাবে সম্পূৰ্ণ নজৰ ৰাখিব জিলা প্ৰশাসনে । লগতে সমূহ পৰীক্ষাৰ্থীক দুঘন্টাৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ আহ্বান জনাই জিলা আয়ুক্তগৰাকীয়ে ৷ ইয়াৰ উপৰিও যান-জঁটৰ পৰা ৰক্ষা পৰিবলৈ সকলোকে সতৰ্ক হ’বলৈও আহ্বান জনাই আয়ুক্ত জল্লীয়ে ।

লগতে পঢ়ক: তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে এন এফ ৰে'লৱেৰ 12 খন বিশেষ ৰে'লৰ ব্যৱস্থা - Assam govt ADRE 2024

ইফালে আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই পৰীক্ষাৰ্থীসকলক লগত কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী পৰীক্ষা কেন্দ্ৰলৈ নানিবলৈ আহ্বান জনায় । তেওঁ পৰীক্ষা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ বাবে ১৫০০ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে পৰীক্ষাৰ সময়ত আইন উলংঘা কৰা পৰীক্ষাৰ্থীক ৰেহাই দিয়া নহ’ব বুলিও সকীয়াই দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

ইফালে পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে প্ৰশাসনে হেল্পলাইন নম্বৰ মুকলি কৰিছে । কোনো অসুবিধাৰ সন্মুখীন হ’লে তেওঁলোকে ৯৩৮৭৬৮৫২৬৭ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক: তৃতীয় বৰ্গৰ বাছনি পৰীক্ষাৰ বাবে শোণিতপুৰৰ কেইবাখনো বজাৰ বন্ধৰ নিৰ্দেশ - ADRE 2024

বিশ্বনাথ:

ইফালে বিশ্বনাথ জিলাত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা এই পৰীক্ষাত ২৬,৯৪০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । ইয়াৰে ১৪,৬১৯ গৰাকী পুৰুষ আৰু ১২,৩২১ গৰাকী মহিলা পৰীক্ষাৰ্থী । আনহাতে ১৫০ গৰাকী দিব্যাংগ পৰীক্ষাৰ্থীও এই পৰীক্ষাত অৱতীৰ্ণ হ'ব । জিলাখনৰ মুঠ ৬২ টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ১৯ টা পৰীক্ষা কেন্দ্ৰ মহিলা পৰীক্ষাৰ্থীৰ বাবে সাজু কৰা হৈছে । অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে নিযুক্তি লাভ কৰা অসম চৰকাৰৰ প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সচিব তথা বিশ্বনাথৰ পৰীক্ষা পৰ্যবেক্ষক (Observer) মাহমুদ হাচানে আজি এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে ৷

তেওঁ সংবাদমেলত সদৰী কৰা মতে, মুঠ পৰীক্ষাৰ্থীৰ ৩৬৩৭ গৰাকী জিলাখনৰ বাহিৰৰ পৰা আহিব । পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ সহায়ক হোৱাকৈ জিলা প্ৰশাসনৰ 'Biswanath Administration' শীর্ষক সামাজিক মাধ্যমৰ পৃষ্ঠাত গুগল মেপৰ লিংক প্ৰকাশ কৰা হৈছে ৷ তদুপৰি জিলাখনৰ ভিতৰুৱা পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দ্ধাৰিত মূল্যত ই-ৰিক্সা, টেম্পুৰ ব্যৱস্থা কৰা হৈছে ৷

ইয়াৰ উপৰি নিযুক্তি পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ৰ ১৬৩ ধাৰাৰ অধীনত জিলা দণ্ডাধীশ ড৹ নেহা যাদৱে জাৰি কৰা এক নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ ভিতৰত– পৰীক্ষাত অৱতীৰ্ণ হোৱা বৈধ এডমিট কাৰ্ডত যথাযথভাৱে কৰ্তৃপক্ষৰ স্বাক্ষৰ থকা প্ৰাৰ্থী, পৰীক্ষাৰ সৈতে জড়িত তত্বাৱধায়ক, কৰ্মচাৰী আৰু পৰীক্ষাকাৰী দল, আইন-শৃংখলা তথা অত্যাৱশ্যকীয় সেৱাসমূহৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত চৰকাৰৰ সংস্থাসমূহ আৰু পৰীক্ষা পৰিচালনাত নিয়োজিত যিকোনো চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ব্যতিৰেকে অন্য লোকৰ উপস্থিতিত বাধা আৰোপ কৰা হৈছে ।

লগতে পঢ়ক: তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা; কেনে প্ৰস্তুতি চলাইছে তিনিচুকীয়া প্ৰশাসনে ? - ADRE 2024

তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত নিষেধাজ্ঞা - Assam govt ADRE 2024

ADRE ৰ পৰীক্ষা কেন্দ্ৰলৈ নগাঁৱৰ পৰা কি দৰে সুচল যাতায়ত কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে ? - ADRE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.