ETV Bharat / state

ভণ্ড বাবাৰে ভৰি পৰিছে কামাখ্যা : কি ব্যৱস্থা গ্ৰহণ মন্দিৰ সমিতিৰ - Kamakhya temple

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 8:46 PM IST

Fake Baba in Kamakhya Ambubachi : মঙলবাৰে অন্ত পৰিব মা কামাখ্যাৰ অম্বুবাচী । কিন্তু এইবাৰৰ অম্বুবাচীত বহুকেইটা বিসংগতি পৰিলক্ষিত হৈছে । তাৰ ভিতৰত এটা হৈছে অনলাইন পূজাৰ দোহাই দি এচাম ভণ্ড বাবাৰ আৱিৰ্ভাৱ । অনলাইন পূজা তথা এই ভণ্ড বাবা সন্দৰ্ভত মন্তব্য প্ৰকাশ কামাখ্যাৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাৰ । অনলাইন পূজা-অৰ্চনাৰ নামত সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ।

Fake Baba in Kamakhya Ambubachi
ভণ্ড বাবা সন্দৰ্ভত কামাখ্যা পৰিচালনা সমিতিৰ মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, ২৫ জুন : ধৰ্মৰ নামত কামাখ্যাত ভণ্ড বাবাৰ আৱিৰ্ভাৱ । আনহাতে, এই ভণ্ড বাবাৰ কাণ্ডত অতিষ্ঠ হৈ পৰিছে কামাখ্যা দেৱালয় সমিতি । অনলাইন পূজা-অৰ্চনাৰ নামত সামাজিক মাধ্যমত একাংশ ভণ্ড বাবাই ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

কামাখ্যাৰ দলৈ কবীন্দ্ৰ শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

একাংশ ভণ্ড পাণ্ডা আৰু বাবাই সামাজিক মাধ্যম ইউটিউব আৰু ফেচবুকত কামাখ্যা দেৱালয়ৰ ভুৱা ছবি প্ৰচাৰ কৰি কামাখ্যাক পূজা-অৰ্চনা অনলাইনৰ জৰিয়তে কৰাৰ অভিযোগ কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ । এই সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ দলৈ কবীন্দ্ৰ শৰ্মাৰ মন্তব্য, "কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা অনলাইন পূজা সেৱাৰ কোনো ব্যৱস্থাই নাই । অনলাইন পূজা আৰু দক্ষিণাৰ ব্যৱস্থা কৰা নাই দেৱালয় সমিতিয়ে ।"

আনহাতে, ভণ্ড বাবা সন্দৰ্ভত মন্তব্য কৰি দলৈ শৰ্মাই কয়, "যদিহে কোনোবাই কামাখ্যাৰ এইসমূহ নিয়ম নামানি অন্য পন্থাৰে ব্যৱসায়িক ভিত্তিক অনলাইন পূজা কৰি আহিছে, তেন্তে তেওঁলোকক আমি ভণ্ড বুলি ক'বই লাগিব । এইসকল বাবাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"

লগতে পঢ়ক :কামাখ্যা দেৱালয়ৰ 'অম্বুবাচী'ৰ প্ৰকৃত অৰ্থ কি ? - Ambubachi Mela 2024

কেৱল সেয়াই নহয়, অম্বুবাচীৰ সময়ত কামাখ্যাত একাংশ ভুৱা বাবা তথা সাধু-সন্ত বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে দলৈগৰাকীয়ে । এই সন্দৰ্ভত তেওঁ কয়, "অম্বুবাচীৰ সময়ত যিহেতু কামাখ্যালৈ দেশ-বিদেশৰ বহু সাধু-সন্ত আহে । গতিকে তাৰে মাজত কোন সঁচা কোন ভণ্ড সেইটো নিৰ্ধাৰণ কৰাটো কঠিন হৈ পৰে । আনহাতে, তাৰে ভিতৰত একাংশ আকৌ অৰ্থলাভৰ বাবেও আহে ।"

উল্লেখ্য, শনিবাৰৰ পৰা আৰম্ভ হোৱা মহা অম্বুবাচীৰ মহাপৰ্বৰ বাবে বিগত কেইবাদিনৰে পৰা কামাখ্যা ধামলৈ আগমন ঘটিছে দেশ-বিদেশৰ সহস্ৰাধিক ভক্তৰ । 22 জুনৰ পুৱা 8 বাজি 35 মিনিট 14 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হয় ৷ অম্বুবাচী প্ৰবৃত্তিৰ পাচত 22 জুনৰ পৰা 26 জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ ৷ মঙলবাৰে নিশা 8.56 মিনিটত অম্বুবাচীৰ নিবৃত্তি ঘটিব । তাৰ পিচত 26 জুন অৰ্থাৎ বুধবাৰৰ পুৱা নিত্য পূজা সমাপনৰ অন্তত ভক্তৰ বাবে খুলি দিয়া হ'ব কামাখ্যা মন্দিৰৰ মূলদ্বাৰ ।

লগতে পঢ়ক :কামাখ্যা মন্দিৰৰ ঐতিহ্য আৰু জনবিশ্বাস : ৰহস্যৰে ভৰা আধ্যাত্মিকতাৰ নীলাচল পাহাৰ - Ambubachi Mela 2024

লগতে পঢ়ক :প্ৰৱঞ্চকৰ জালত নপৰিবলৈ ভক্তক আহ্বান কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ - Maa Kamakhya Temple

লগতে পঢ়ক :নীলাচলত ধ্যান এৰি প্ৰতিবাদত বহিল সাধু-সন্যাসী - Protest at Kamakhya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.