ETV Bharat / state

স্বাস্থ্য বেয়া-টকাৰ অভাৱ; ইমান দূৰলৈ গৈ কেছ খেলিব নোৱাৰো : জোনমণি ৰাভাৰ মাতৃৰ প্ৰতিক্ৰিয়া - Junmoni Rabha Death Case

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 5:41 PM IST

জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যু সন্দৰ্ভত জখলাবন্ধা আৰক্ষী নিৱেশত তৰা গোচৰ কিয় উঠাই ল’লে মাতৃ সুমিত্ৰা ৰাভাই ? গোচৰ প্ৰত্যাহাৰৰ আবেদন 4 এপ্ৰিলত কলিয়াবৰ ন্যায়িক আদালতে গ্ৰহণ কৰিছিল ৷ কি ক’লে সুমিত্ৰা ৰাভাই...

JUNMONI RABHA DEATH CASE
কিয় গোচৰ উঠাই ল’লে সুমিত্ৰা ৰাভাই ?
জোনমণি ৰাভাৰ মাতৃৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 6 এপ্ৰিল : গোচৰ উঠাই লোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাৰ ৷ স্বাস্থ্যজনিত কাৰণ আৰু আৰ্থিক সমস্যাৰ বাবে গোচৰ উঠাই লোৱা বুলি সদৰী কৰে জোনমণি ৰাভাৰ মাতৃয়ে ৷ লগতে জখলাবন্ধা তথা কলিয়াবৰলৈ গৈ এই গোচৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমৰ্থতাৰ কথা ব্যক্ত কৰে সুমিত্ৰা ৰাভাই ৷ উল্লেখ্য যে, জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যু সন্দৰ্ভত জখলাবন্ধা আৰক্ষী নিৱেশত তৰা গোচৰত মাতৃ সুমিত্ৰা ৰাভাৰ প্ৰত্যাহাৰৰ আবেদন 4 এপ্ৰিলত কলিয়াবৰ ন্যায়িক আদালতে গ্ৰহণ কৰিছিল ৷ জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা গোচৰটো আদালতত আগবঢ়াই নিব নোৱাৰিব বুলি প্ৰত্যাহাৰৰ আবেদন দাখিল কৰিছিল জোনমণি ৰাভাৰ মাতৃয়ে ৷

সুমিত্ৰা ৰাভাই সংবাদ মাধ্যমৰ আগত কয় যে, স্বাস্থ্য বেয়া, মানুহৰ অভাৱ আৰু আৰ্থিক সমস্যাৰ বাবে এছ আই জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত তৰা গোচৰ তেওঁ উঠাই লয় ৷ তেওঁ কয়- "মই জখলাবন্ধা বা কলিয়াবৰ, ইমান দূৰলৈ গৈ মই কেছ খেলিব নোৱাৰো ৷ মোৰ স্বাস্থ্য বেয়া, মোৰ মানুহৰ অভাৱ, টকাৰ অভাৱ ৷ সেইবাবেই গোচৰ উঠাই ল’ব লগা হ’ল ৷"

ইফালে গোচৰ উঠাই লোৱা সন্দৰ্ভত তেওঁ বুজাবুজি কৰাৰ কথা নস্যাৎ কৰে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই ৷ এই সন্দৰ্ভত তেওঁ কয়- "মানুহে ভাবিব পাৰে জোনমণিৰ মাকে টকা-পইচা লৈ এই গোচৰ উঠাই ল’লে ৷ কিন্তু মই সকলো ৰাইজক কৈছোঁ মই কাৰো পৰা এটকাও পইচা লোৱা নাই ৷" কোনোবাই এনেধৰণৰ কথা ভাবিব পাৰে আৰু ওলায়ো আছে বুলি মন্তব্য কৰি তেওঁ কাৰো কথা শুনি বা হেঁচাত পৰি এই সিদ্ধান্ত লোৱা নাই বুলি উল্লেখ কৰে ৷ সম্পূৰ্ণ নিজাকৈ তেওঁ এই গোচৰ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে ৷

আনহাতে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত আৰক্ষীৰ তৰফৰ পৰা তৰা গোচৰৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি সদৰী কৰে সুমিত্ৰা ৰাভাই ৷ জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাত হৈছে বুলি এতিয়াও মানি ল’ব পৰা নাই বুলি মন্তব্য কৰে তেওঁ ৷ সেইবাবেই তেওঁ তদন্তত আৰক্ষীক সহায় কৰিব বুলি উল্লেখ কৰে ৷ ইফালে অসম আৰক্ষীৰ তদন্তত বিশ্বাস নকৰে বুলিও মন্তব্য কৰে জোনমণি ৰাভাৰ মাতৃয়ে ৷ তদন্ত ভাল হোৱাহেতেন আগতেই হ’লহেতেন বুলি কয় তেওঁ ৷

উল্লেখ্য যে, জোনমণি ৰাভাই 2023 বৰ্ষৰ 16 মে'ৰ পুৱতি নিশা এটা ৰহস্যজনক দুর্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল ৷ দক্ষ আৰক্ষী বিষয়া বুলি কম সময়তে পৰিচিত হৈ পৰা ৰাভাৰ আকস্মিক মৃত্যুক সহজভাবে লোৱা নাছিল পৰিয়ালৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা সচেতন লোকে ৷ এই ঘটনা সন্দৰ্ভত জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই 19 মে'ত জখলাবন্ধা থানাত এজাহাৰ দাখিল কৰিছিল ৷

লগতে পঢ়ক : কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ, গোচৰ প্ৰত্যাহাৰ - Junmoni Rabha Death Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.