ETV Bharat / state

যোৰহাট জিলা হকাৰ সন্থা-চাংকাকতি শৈক্ষিক ন্যাসৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা - Student Felicitation Programme

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:30 PM IST

Student Felicitation in Jorhat: যোৰহাটত এক ব্য়তিক্ৰমী অনুষ্ঠানত হকাৰ সকলৰ সন্তানক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ এইসকল ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি ভৱিষ্য়তে সমাজৰ প্ৰতি দায়বদ্ধ হ'বলৈ আহ্বান জনায় লেখক, সমালোচক হেমচন্দ্ৰ শইকীয়াই।

Student Felicitation Programme in Jorhat
কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা (ETV Bharat Assam)

যোৰহাট, ২১ জুলাই: "গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদক্ষেত্ৰৰ লগত ভিন্ন স্তৰত বিভিন্ন ব্যক্তি জড়িত হৈ আছে । বিশেষকৈ ছপা মাধ্যমৰ ক্ষেত্ৰত এখন বাতৰি কাকত ছপা হৈ ওলোৱাৰ পৰা ইয়াক পাঠকৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বহুজনে ত্যাগ স্বীকাৰ কৰি আহিছে। সেই ত্যাগৰ ফলত এখন বাতৰি কাকত পুৱাই এজন পাঠকৰ হাতত পৰিবলৈ সক্ষম হয় ।" এই মন্তব্য শংকৰী সংস্কৃতিৰ বিশিষ্ট গৱেষক তথা লেখক,সমালোচক হেমচন্দ্ৰ শইকীয়াৰ । দেওবাৰে যোৰহাট জিলা হকাৰ সন্থা আৰু যোৰহাটৰ বাতৰি কাকত বিতৰক গোষ্ঠী চাংকাকতি শৈক্ষিক ন্যাসৰ যৌথ উদ্যোগত যোৰহাট প্ৰেছ ক্লাৱত আয়োজন কৰা এক অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ যোৰহাটৰ হকাৰ সকলৰ সন্তানক অভিনন্দন জ্ঞাপন কৰি তেওঁ এইদৰে মন্তব্য় কৰে ।

তেওঁ পুনৰ কয় যে ছপা মাধ্যমৰ এই যাত্ৰাৰ এক অতি অবিচ্ছেদ্য অংগ স্বৰূপ হৈছে হকাৰ সকল, যিসকলে পুৱতি নিশাই নিজৰ ঘৰৰ পৰা ওলাই আহি বাতৰি কাকত বিতৰণ কৰি এক সামাজিক দায়বদ্ধতা পালন কৰি আহিছে । এই হকাৰ সকলৰো এক নিজস্ব জীৱন আছে । তেওঁলোকে সমাজৰ দায়িত্ব পালন কৰাৰ লগতে নিজৰ পৰিয়ালৰ বাবেও নিজ বৃত্তিৰ জড়িয়তে কাম কৰি গৈছে অহৰহ । ৰদ, বৰষুণ নেওচি তেওঁলোক পুৱাই ওলাই আহে নিজৰ কৰ্তব্য পালনৰ বাবে ।

তেওঁ কয় যে এখন গ্ৰন্থই যুগ যুগৰ জ্ঞান কঢ়িয়াই নিবলৈ সক্ষম হয় । বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল কেৱল দৌৰিছে পৰীক্ষাত লাভ কৰা নম্বৰৰ পাছত । কিন্তু স্থবিৰ কৰি তুলিছে অন্যান্য ক্ষেত্ৰৰ জ্ঞান লাভৰ পৰা । বৰ্তমান সময়ত আমাৰ সমাজত ভাল নম্বৰ লাভ কৰি শিক্ষিত হোৱা মানুহৰ অভাৱ নাই, কিন্তু অভাৱ ঘটিছে সমাজৰ প্ৰতি দায়বদ্ধতা থকা মানুহৰ ।

লগতে পঢ়ক:আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানত তিনিশ মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - AASU Felicitation Programme

এই অভিনন্দন অনুষ্ঠানত শিক্ষাবিদ ড৹ অদিতি বেজবৰুৱাই কয় যে বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰাইজৰ মাজত অভিনন্দিত হোৱাটো ছাত্ৰ -ছাত্ৰীৰ বাবে এক শুভ দিন । ছাত্ৰ -ছাত্ৰী সকলে কৰা বহু কষ্টৰ ফলতহে এইদৰে অভিনন্দন লাভ কৰে। কিন্তু গুৰুত্বপূৰ্ণ যে এইদৰে অভিনন্দন অনুষ্ঠানে ছাত্ৰ -ছাত্ৰী সকলৰ দায়িত্বও বৃদ্ধি কৰে আৰু সেই দায়িত্ব হৈছে সমাজ, পৰিয়াল, পিতৃ- মাতৃ তথা দেশৰ বাবে । কেৱল অভিনন্দন লাভ কৰি ছাত্ৰ -ছাত্ৰী সকলে সন্তুষ্টি লাভ কৰিলে নহ'ব । কিয়নো তেওঁলোকে জীৱনত মাইলৰ পাছত মাইল অতিক্ৰম কৰিব লাগিব ।

চাংকাকতি শৈক্ষিক ন্যাসৰ সঞ্চালক প্ৰধান নিৰোদ চাংকাকতিৰ সঞ্চালনাত অনুষ্ঠিত সভাত উপস্থিত থাকে যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি অশোক বৰুৱা, পিপ'লছ বুক ষ্টলৰ স্বত্বাধিকাৰ মৃদুল হাজৰা, সমাজকৰ্মী আনন্দ আগৰৱালা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল । ৰেখা বৰুৱাই অনুষ্ঠানটোৰ আঁত ধৰে ।

লগতে পঢ়ক:মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪৩৩ গৰাকী কৃতি শিক্ষাৰ্থীক এককালীন সাহাৰ্য বিতৰণ - Mising Autonomous Council

লখিমপুৰত জিলা ছাত্র সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান - AASU Felicitation Programme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.