ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথে অন্ধকাৰ মাতিছে এজাক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ - JONAI SCHOOL

জোনাইৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান । নৱ-ৰ্নিমিত ৰাষ্ট্ৰীয় ঘাইপথে বিপদ কঢ়িয়াই আনিছে এজাক কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ ।

Jonai school children appeal Assam CM to save school
ৰাষ্ট্ৰীয় ঘাইপথে অন্ধকাৰ মাতিছে এজাক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 4:04 PM IST

জোনাই: “মামা আমি পঢ়িব বিচাৰো । আমাৰ বিদ্যালয়খন বচাই দিয়ক । আমি দুখীয়া ঘৰৰ লৰা ছোৱালী । আমাৰ বিদ্যালয়খন বচাই দিয়ক ।” জোনাইত নৱ-ৰ্নিমিত ৰাষ্ট্ৰীয় ঘাইপথে বিপদ কঢ়িয়াই অনা এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এইদৰে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীক । জোনাই মুৰ্কংচেলেক শিক্ষাখণ্ডৰ অধীনৰ কেদি চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অসমৰ মুখ্যমন্ত্ৰীলৈ এই কাতৰ আহ্বান ।

কেদি চুবুৰী প্ৰাথমিক বিদ্যালয়খনলৈ বিপদ কঢ়িয়াই আনিছে নিৰ্মীয়মাণ ৰাষ্ট্ৰীয় ঘাইপথে । জোনাইত নতুনকৈ সম্প্ৰসাৰণ হৈ থকা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ অংশ এই কেদি চুবুৰী প্ৰাথমিক বিদ্যালয় গৃহৰ নিচেই কাষেৰে যোৱাত এতিয়া শংকিত হৈ পৰিছে বিদ্যালয়খনত অধ্যয়নৰত কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল ।

ৰাষ্ট্ৰীয় ঘাইপথে অন্ধকাৰ মাতিছে এজাক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ (ETV Bharat Assam)

নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথটি বিদ্যালয় গৃহটোৰ প্ৰায় ৪-৫ ফুট কাষেৰে যোৱাত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ পৰিৱেশ নোহোৱা আৰু নিৰাপত্তাহীনতাৰ কথা চিন্তা কৰি শংকিত হৈ পৰিছে অভিভাৱক তথা পৰিচালনা সমিতি ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মাটিৰ জৰীপ চলাই থকাৰ সময়তে ৰাইজে ৰাজহ বিভাগক আবেদন জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজ । ইফালে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য দৈনিক অব্যাহত থকাত গধুৰ যান-বাহনৰ শব্দই ছাত্ৰ-ছাত্ৰীৰ পাঠদান বা পাঠগ্ৰহণত জন্মাইছে ব্যাঘাত । যাৰ ফলত অঞ্চলটোৰ দুই-তিনিখন গাঁৱৰ কণ কণ ল'ৰা-ছোৱালীয়ে অধ্যয়ন কৰা এই বিদ্যালয়খনৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ৰাইজ তথা অভিভাৱকসকল । সেয়ে অনতিপলমে এই প্ৰাথমিক বিদ্যালয়খন উপযুক্ত স্থানত পুনৰ নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক আহ্বান জনাইছে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক ৰাইজে ।

লগতে পঢ়ক: হিমন্ত মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক: শিক্ষাৰ্থীৰ অনুৰোধ - Students Protest - STUDENTS PROTEST

হঠাৎ পদত্যাগ বিতৰ্কিত প্ৰশাসনিক বিষয়াৰ - SRIBHUMI ADC RESIGNS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.