ETV Bharat / state

ঘৰৰ বাৰীখনতেই বছৰি কেনেকৈ উপাৰ্জন কৰিছে লাখ টকা - Self Reliant cultivator

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 1:51 PM IST

Agricultural revolution : জোনাইৰ এজন খেতিয়কে চৰকাৰী সাহাৰ্য অবিহনেই লাভ কৰিছে সফল হোৱাৰ মন্ত্ৰ । কিন্তু কেনেকৈ সফল হৈছে এই কৃষকজনে ? জানো আহক এই প্ৰতিবেদনেৰে -

Agricultural revolution
আদৰ্শ খেতিয়ক সীতাৰাম ছেত্ৰী (ETV BHARAT ASSAM)

জোনাই, ১৯ মে' : যি সময়ত ৰাজ্যত সংস্থাপনৰ অভাৱত শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কামৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে আকৌ নিজৰ ঘৰখনতেই খেতি কৰি বহুতেই স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে । কেৱল স্বাৱলম্বিতাৰে নিজৰ পৰিয়ালটোকেই যে পোহপাল দিছে তেনে নহয়, আন দহজনৰ বাবেও পেটৰ ভাতমুঠি মোকলাইছে ।

তেনে এজন আদৰ্শ খেতিয়কে জোনাইত দেখুৱাইছে পোহৰৰ পথ । জোনাই মহকুমাৰ অন্তৰ্গত ১ নং ৰাজাখানা গাঁৱৰ সীতাৰাম ছেত্ৰী নামৰ এজন খেতিয়কে চৰকাৰৰ অনুদান অবিহনেই পাঁচ বিঘা মাটিত খেতি কৰি বছৰি লাখ টকাতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

কি কি খেতি কৰিছে এইজন কৃষকে :

নিজৰ ঘৰৰ কাষতে থকা ৫ বিঘা ভূমিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে স্কোয়াছ (squash vegetable), জিকা, ভাত কেৰেলা, ভেণ্ডি, দাংবডি, জাতি কোমোৰা, পাণ আদিৰ খেতি কৰি মাত্ৰ কেইমাহমানৰ ভিতৰতে ভালফল লাভ কৰিবলৈ সক্ষম হৈছে সীতৰাম ছেত্ৰীয়ে ৷ এইজন আদৰ্শ কৃষকে উল্লেখ কৰা মতে, তেওঁ ইস্কচ তিনি বিঘাত ৰোপণ কৰাৰ উপৰিও পাণ পাঁচশ জোপা ৰুইছে ।

ডেৰ লাখ টকা লাভ হৈছে :

জোনাই মহকুমাৰ অন্তৰ্গত ১ নং ৰাজাখানা গাঁৱৰ সীতাৰাম ছেত্ৰী নামৰ কষকজনে তেওঁৰ কৃষিকৰ্মৰ জৰিয়তে হোৱা লাভ সন্দৰ্ভত কয়, "প্ৰথমতে মই অলপ মাটিত খেতি কৰিছিলো । এইবাৰ পাঁচ বিঘাত বিভিন্ন পাচলিৰ উপৰিও পাণ আদি ৰুইছো । এই বছৰ এতিয়ালৈকে ৬০ হাজাৰ খৰচ কৰি ডেৰ লাখ টকা লাভ হৈছে । ৰাজ্য়ৰ বাহিৰত কাম কৰিবলৈ যোৱাতকৈ ঘৰতেই খেতি কৰিলেও বহু লাভ হয় । খেতি কৰিছো, পইচা পাইছো বাবে মনটো ভাল লাগি আছে । অহা বছৰ ইয়াতকৈ বেছি পৰিসৰত খেতি কৰিম ।"

খেতিৰ জৰিয়তে সীতাৰাম ছেত্ৰীয়ে স্বাৱলম্বী হোৱাৰ উপৰিও কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে স্থানীয় বহু যুৱক- যুৱতীক ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সীতাৰাম ছেত্ৰীয়ে কৰা খেতিৰ পাচলি জোনাইৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰি অধিক লাভান্বিত হৈছে । এনে খেতিৰ জৰিয়তে সীতৰামে ভালফল পোৱাত নতুন প্ৰজন্মকো কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ সময় নষ্ট নকৰি নিজৰ ঘৰতে বহি কৃষি কৰ্মত মনোৱেশ দিবলৈ আহ্বান জনায় ।

চৰকাৰৰ পৰা কোনোধৰণৰ অনুদান নোপোৱাকৈও অতি সাহসিকতাৰে এই খেতি আৰম্ভ কৰি মাত্ৰ এবছৰৰ ভিতৰতে ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱাত সীতাৰাম ছেত্ৰীৰ মুখত বিৰিঙিছে সফলতাৰ হাঁহি ৷

লগতে পঢ়ক:

পদিনা খেতিৰেই মাহিলী লাখ টকা উপাৰ্জন মৰ্মে কলিতাৰ

মন মেলিলেই সকলো সম্ভৱ; নিজ গৃহতেই স্ব-নিয়োজনৰ বাট মোকলাব পৰে মহিলাই - Self Reliant Woman

সমাপ্ত হ’ল চাকৰি জীৱনৰ; সেউজ বিপ্লৱৰ লক্ষ্যৰে খেতি কৰ্ম আৰম্ভ অৱসৰপ্ৰাপ্ত শিক্ষকৰ - Self Reliant Retired Teacher

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.