ETV Bharat / state

প্ৰথমে ভুৱা পৰিচয়েৰে প্ৰেম, তাৰ পিছত হিন্দু যুৱতীক ধৰ্মান্তৰকৰণ : লক আপত কোৰাণ আলী - Allegation of Love jihad - ALLEGATION OF LOVE JIHAD

Jorhat conversion: কৰণ সিং নাম লৈ হিন্দু যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপনৰ পিছতে যুৱতীগৰাকীক ধৰ্মান্তৰকৰণ আৰু ধনদাবীৰ অভিযোগ এজন অন্য ধৰ্মৰ যুৱকৰ বিৰুদ্ধে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জলজীৱন মিছনৰ মিস্ত্ৰী কোৰাণ আলীক ।

Love Jihad
বিভিন্ন ভাবুকিৰে হিন্দু যুৱতীক ধৰ্মান্তৰকৰণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2024, 3:05 PM IST

যোৰহাট, ২৬ ছেপ্টেম্বৰ : যোৰহাটৰ তিতাবৰত চাঞ্চল্যকৰ ঘটনা । ভুৱা পৰিচয়েৰে এগৰাকী যুৱতীক প্ৰৱঞ্চনা জলজীৱন মিছনৰ মিস্ত্ৰীৰ ! প্ৰথমে প্ৰেম আৰু তাৰ পিছত বলপূৰ্বকভাৱে যুৱতীগৰাকীক ধৰ্মান্তৰকৰণৰ অভিযোগ কোৰাণ আলী নামৰ যুৱকজনৰ বিৰুদ্ধে । সম্প্ৰতি থানাৰ আলহী অভিযুক্ত কোৰাণ আলী ।

ঘটনাটো কি ?

জানিব পৰা মতে বিগত বছৰৰ ছেপ্টেম্বৰ মাহত তিতাবৰ মেলমাটিত জলজীৱন মিছনৰ কামত জড়িত কোৰাণ আলী নামৰ মিস্ত্ৰীজনে ভুৱা পৰিচয়েৰে সম্পৰ্ক স্থাপন কৰিছিল অঞ্চলটোৰ এগৰাকী হিন্দু যুৱতীৰ সৈতে । অভিযোগ অনুসৰি যুৱতীগৰাকীক কৰণ সিং বুলি পৰিচয় দিছিল কোৰাণ আলীয়ে । প্ৰথমে চিনাকী, লাহে লাহে কথা-বতৰা আৰম্ভ আৰু তাৰ পাছত প্ৰেমৰ প্ৰস্তাৱ । মোবাইলতে দুয়ো বিভিন্ন অন্তৰংগ মুহূৰ্তও ভাগ-বাটোৱাৰা কৰে । অভিযোগ অনুসৰি হিন্দু যুৱতীগৰাকীৰ কিছুমান আপত্তিজনক ফটো আৰু ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখে কোৰাণ আলীয়ে ।

বিভিন্ন ভাবুকিৰে হিন্দু যুৱতীক ধৰ্মান্তৰকৰণ (ETV Bharat)

অভিযোগ মতে পৰৱৰ্তী সময়ত কোৰাণ আলীয়ে যুৱতীগৰাকীক বিভিন্ন ধৰণৰ ভাবুকি দিবলৈ আৰম্ভ কৰে । যুৱতীগৰাকীৰ ফটো আৰু ভিডিঅ' ভাইৰলে কৰাৰো ভাবুকি দিয়ে । কেৱল এয়াই নহয়, ভাবুকি আৰু দাবী-ধমকিৰে হিন্দু যুৱতীগৰাকীক ধৰ্ম সলনি কৰিবলৈও বাধ্য কৰায় । ইয়াতে ক্ষান্ত নাথাকি কোৰাণ আলীয়ে যুৱতীগৰাকীক ধনদাবীও আৰম্ভ কৰে । যুৱকজনৰ এনে কাৰ্যত অতিষ্ঠ হৈ অৱশেষত যুৱতীগৰাকীয়ে পৰিয়ালক সমগ্ৰ ঘটনাৰ কথা অৱগত কৰে ।

আৰ এছ এছৰ সহযোগত ভুক্তভোগীৰ এজাহাৰ

আৰ এছ এছৰ এগৰাকী স্থানীয় কৰ্মীয়ে জনোৱা মতে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে বিষয়টো তেওঁলোকক অৱগত কৰে । লগে লগে আৰ এছ এছে এই সন্দৰ্ভত তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । যুৱকজনৰ বিৰুদ্ধে তিতাবৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ২৯৯/ ৩০৮(৪)/৩১৮ (২) / ৩১৮ (৪)/ ৩১৯( ২) / ৩৫১(৩) / ৫৫/৫৭ ধাৰাত ৭৬/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হয় । লগতে দক্ষিণ শালমৰাৰ আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত কোৰাণ আলীক ।

আৰক্ষীয়ে কোৰাণ আলীক আদালতত হাজিৰ কৰাই আৰু আদালতে অভিযুক্ত আলীক কাৰাগাৰলৈ প্ৰেৰণ কৰে । উল্লেখ যে কোৰাণ আলীৰ ঘৰ দক্ষিণ শালমৰাৰ ফকিৰগঞ্জত । তেওঁৰ পূৰ্বৰ দুজনী পত্নীও আছে বুলি জানিব পৰা গৈছে । অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । ইফালে আৰ এছ এছে এই ঘটনাক গৰিহণা দিছে । লগতে এনে কাৰ্যত লিপ্ত লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে সংগঠনটোৱে ।

লগতে পঢ়ক :বিদ্যালয়ত ছাত্ৰৰ মৃত্যু; প্ৰধান শিক্ষয়িত্ৰীসহ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি - DARRANG STUDENT DEATH ROW

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.