নেশ্যনেল ডেস্ক, ৪ মাৰ্চ : অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশেষ ঘোষণা কৰিছে । মোদীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৭ ৰ পৰা ৯ মাৰ্চলৈ কহৰা ৰেঞ্জত জীপ ছাফাৰী আৰু হাতী ছাফাৰী বন্ধ থাকিব ।
পূৰ্বাঞ্চল অসম বন্যপ্ৰাণী বিভাগৰ বিভাগীয় বন বিষয়া অৰুণ ভিগনেশে এক জাননীত কয় যে উক্ত দিন কেইটাত কহৰা ৰেঞ্জত সাধাৰণ পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু হাতী ছাফাৰী বন্ধ থাকিব । জীপ ছাফাৰী ৭-৯ মাৰ্চলৈ বন্ধ থাকিব আৰু হাতী ছাফাৰী ৮ আৰু ৯ মাৰ্চত বন্ধ থাকিব বুলি কোৱা হৈছে ।
জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ আৰু ৯ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব । তেওঁ ৮ মাৰ্চৰ সন্ধিয়া উদ্যানখনত উপস্থিত হ'ব বুলি আশা কৰা হৈছে আৰু নিশা তেওঁ তাতে থাকিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত উদ্যানখনৰ কহৰা ৰেঞ্জত এক জংঘল ছাফাৰী উপভোগ কৰাৰ কথা আছে । তেওঁৰ ২ দিনীয়া ভ্ৰমণসূচীত জীপ ছাফাৰী আৰু হাতী ছাফাৰী দুয়োটাই পৰিকল্পনা কৰা হৈছে ।
উল্লেখ্য যে কাজিৰঙাই ১৯৭৪ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল আৰু এইবছৰ কাজিৰঙাই সোণালী জয়ন্তী উদযাপন কৰিব ।
উল্লেখ্য যে অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৯ মাৰ্চত যোৰহাটত ১২৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰিব । তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (পিএমএৱাই) অধীনত নিৰ্মাণ কৰা ৫.৫ লাখ ঘৰৰ বাবে 'গৃহ প্ৰৱেশ' অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব আৰু যোৰহাটৰ মেলেং মেটেলি পথাৰত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।
প্ৰধানমন্ত্ৰীয়ে ৯ মাৰ্চত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব । অৰুণাচল প্ৰদেশত তেওঁ পশ্চিম কামেঙৰ চেলা সুৰংগ উদ্বোধন কৰিব । তাৰ পিচত, প্ৰধানমন্ত্ৰীগৰাকী ইটানগৰত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব ।
লগতে পঢ়ক :দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদী: যোৰহাট-অৰুণাচলৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ