ETV Bharat / state

অসমীয়া মানুহে নিজৰ সংস্কৃতিৰ বাবে সচেতন হোৱাটো স্বাভাৱিক : জয়ন্ত মল্লবৰুৱা - Krishna Janmashtami 2024

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 5:52 PM IST

Minister Jayanta Mallbaruah : অহিংসা নীতিৰে নহয়, শান্তি মিলাপ্ৰীতিৰ মাজেৰে অসমৰ সভ্যতা-সংস্কৃতি জীয়াই ৰখাৰ আহ্বান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । নলবাৰীত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপনত উপস্থিত থাকি মিঞা খেদা অভিযান সন্দৰ্ভত মন্তব্য আগবঢ়ায় কেবিনেট মন্ত্ৰীগৰাকীয়ে ।

Jayanta Mallbaruah comments on Miya Controversy in Nalbari
জয়ন্ত মল্লবৰুৱাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

নলবাৰী, ২৬ আগষ্ট : নলবাৰীৰ উত্তৰ-পূৰ্বাঞ্চল প্ৰসিদ্ধ কৃষ্ণপীঠ পবিত্ৰ শ্ৰী শ্ৰী হৰিমন্দৰত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন । বিশ্ব হিন্দু পৰিষদৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উলহ-মালহেৰে পালন কৰা হৈছে ৩৭ সংখ্যক জন্মাষ্টমী । ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা জন্মাষ্টমী উপলক্ষে এটি ধৰ্মীয়-সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয় । পবিত্ৰ হৰিমন্দিৰৰ বাকৰিৰ পৰা বাহিৰ কৰা এই শোভাযাত্ৰাটো পৰিভ্ৰমণ কৰে সমগ্ৰ নলবাৰী চহৰ ।

অসমীয়া মানুহে নিজৰ সংস্কৃতিৰ বাবে সচেতন হোৱাটো স্বাভাৱিক : জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

এই কাৰ্যসূচীত উপস্থিত থাকি সকলো সনতনধৰ্মী লোকসকলক ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ শুভেচ্ছা জনাই আগন্তুক সময়ত আৰু অধিক উলহ-মালহেৰে সকলোৱে এনেদৰে জন্মাষ্টমী উদযাপন কৰি সনাতন সভ্যতাক অধিক শক্তিশালী কৰিব বুলি বিশ্বাসী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । উক্ত অনুষ্ঠানত উপস্থিত থাকি উজনি অসমত ত্ৰিশ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ মিঞা খেদা অভিযান সন্দৰ্ভত মন্তব্য আগবঢ়ায় কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

নলবাৰী হৰিমন্দিৰত জন্মাষ্টমীত অংশ লৈ সাংবাদিকৰ আগত ৰাজ্যত সংঘটিত শেহতীয়া ঘটনা সন্দৰ্ভত তেওঁ কয়, "অসমীয়া সভ্যতা-সংস্কৃতি, ভাৰতীয় সভ্যতা-সংস্কৃতিত যিদৰে আগ্ৰাসন চলিছে সেই কথা অসমীয়া মানুহে বুজি পাইছে । অসমীয়া মানুহে নিজৰ সংস্কৃতিৰ বাবে সচেতন হোৱাটো স্বাভাৱিক । কিন্তু আমি হিংসাৰ আশ্ৰয় ল'ব নালাগে ।"

ইফালে খিলঞ্জীয়া লোকৰ ওপৰত বিভিন্ন প্ৰান্তত চলা আক্ৰমণ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কয়, "এই কথাবোৰ আমি বক্তব্যত ক’লে আমি ৰাজনীতি কৰা বুলি কয় । ১৯০১ চন আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্য চালেই ওলাই পৰিব আমি কিদৰে সংখ্যালঘু হ'বলৈ গৈ আছো । অসমত কিদৰে আগ্ৰাসন চলিছে । আমাৰ খিলঞ্জীয়া লোকৰ অধিকাৰত যাতে আগ্ৰাসন আহিব নোৱাৰে তাৰ বাবে আমি মাৰবান্ধি থিয় হ'ব লাগিব ।"

লগতে পঢ়ক: অসমৰ আইন-শৃংখলা বিঘ্নিত হ'বলৈ নিদিব: আবু বক্কৰ ছিদ্দিক - Miya Controversy

আমছুক নিষিদ্ধ ঘোষণাৰ দাবী : আমছুক অসমীয়া জাতিৰ শত্ৰু আখ্যা হিন্দু যুৱ পৰিষদৰ - Hindu Yuva Parishad

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.