ETV Bharat / state

VIP/VVIP পাছৰ কোনো ব্যৱস্থা নথকাৰ বাবেই বহুলোকে বিতৰ্ক কৰিছে: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 8:59 AM IST

Jayanta Malla Baruah on Ambubachi Mela 2024: কামাখ্যাত‌ অম্বুবাচীৰ সময়ত ভক্তসকলে সন্মুখীন হোৱা অসুবিধা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ VIP/VVIP পাছৰ কোনো ব্যৱস্থা নথকাৰ বাবেই বহুলোকে বিতৰ্কৰ সূচনা কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Assam
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (ETV Bharat Assam)

গুৱাহাটী, 29 জুন: দেশৰ 51 খন শক্তিপথৰ ভিতৰত অন্যতম হৈছে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধাম । কামাখ্যা ধামত প্ৰতিবছৰে অনুষ্ঠিত হোৱা অম্বুবাচী মেলাত সমাগম ঘটে দেশ-বিদেশৰ বহু ভক্তৰ । 2012 চনত পৰ্যটন বিভাগে অম্বুবাচী মেলাৰ বহুল প্ৰচাৰ চলোৱাৰ পিছত প্ৰতিবছৰে বৃদ্ধি পাইছে ভক্তৰ সংখ্যা । এই বৰ্ষত প্ৰায় 10 লাখৰো অধিক ভক্তৰ অম্বুবাচী মেলাত সমাগম ঘটে বুলি পৰ্যটন বিভাগ তথা কামাখ্যা ধাম পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।

লগতে পঢ়ক: খোল খালে কামাখ্যা মন্দিৰৰ দ্বাৰ : ভক্তৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থা - AMBUBACHI MELA 2024

ভক্তৰ এই সমাগম সম্পৰ্কে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পিছতে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে । কামাখ্যাত‌ অম্বুবাচীৰ সময়ত ভক্তৰ অসুবিধা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীযে কয়, "এইবাৰ কোনো VIP/VVIP ৰ ব্যৱস্থা কৰা হোৱা নাই । আনকি আজি মই আৰু মুখ্যমন্ত্ৰীয়ে মন্দিৰ দৰ্শন কৰিছো । এটা চামে অনাহকতে বিতৰ্ক কৰিছে । কামাখ্যাত ভক্তৰ সা-সুবিধাবোৰ চৰকাৰে নহয়, দলৈ সমাজে চায় । প্ৰথম দিনাৰ সভাতে মোক তেওঁলোকে জনাইছে । দলৈ সমাজৰ পৰামৰ্শ অনুসৰিয়েই অম্বুবাচীৰ নীতি-নিৰ্দেশনাসমূহ জাৰি কৰা হৈছিল । ইয়াত আমাৰ নিজস্ব একো সিদ্ধান্ত নাথাকে" ৷

লগতে পঢ়ক: ভণ্ড বাবাৰে ভৰি পৰিছে কামাখ্যা : কি ব্যৱস্থা গ্ৰহণ মন্দিৰ সমিতিৰ - Kamakhya temple

সমান্তৰালভাবে মন্ত্ৰীগৰাকীয়ে এইবাৰ VIP/VVIP পাছৰ কোনো ব্যৱস্থা নথকাৰ বাবেই বহুলোকে বিতৰ্ক কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে ৷

উল্লেখ্য যে, 22 জুনৰ পৰা 26 জুনলৈ অনুষ্ঠিত হৈ যায় 2024 বৰ্ষৰ অম্বুবাচী মেলা ৷ চাফ-চিকুণ তথা স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্তভাৱে 120 গৰাকী চাফাই কৰ্মী নিয়োগ কৰা হৈছিল উক্ত সময়ছোৱাত ৷ লগতে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ 250 টা চি চি টভি কেমেৰাৰ লগতে পুনৰ নতুনকৈ 300 টা চি চি টিভি কেমেৰা দেৱালয়ৰ চৌপাশে সংস্থাপন কৰোৱা হৈছিল ৷ সুৰক্ষাৰ বাবে মন্দিৰৰ সুৰক্ষা কৰ্মীসকলৰ লগতে অতিৰিক্তভাৱে 300 গৰাকী স্কাউট এণ্ড গাইডক নিয়োগ কৰা হৈছিল ৷

আনহাতে, অম্বুবাচী মেলা উপলক্ষে বাহিৰৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷

লগতে পঢ়ক: নীলাচলত ধ্যান এৰি প্ৰতিবাদত বহিল সাধু-সন্যাসী - Protest at Kamakhya

প্ৰৱঞ্চকৰ জালত নপৰিবলৈ ভক্তক আহ্বান কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ - Maa Kamakhya Temple

মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত ভক্তৰ ভিৰ; শংখ-ঘন্টাধ্বনিৰে মুখৰিত চৌপাশ - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.