ETV Bharat / state

চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ওলাই আহিল জাতীয় মহিলা পৰিষদ - Protest against Principal - PROTEST AGAINST PRINCIPAL

Silapathar College : চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লক্ষীনাথ পেগুৰ বিৰুদ্ধে উত্থাপিত হৈছে মহিলা কৰ্মচাৰীক মাৰপিটৰ অভিযোগ ৷ পিছে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে একত্ৰিত হ’ল স্থানীয় মহিলা সংগঠনসমূহ ৷ সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Jatiya Mahila parisad gives memorandum to police
জাতীয় মহিলা পৰিষদৰ প্ৰতিবাদ (Source : Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 8:26 PM IST

জাতীয় মহিলা পৰিষদৰ প্ৰতিবাদ (Source : Etv Bharat Assam)

ধেমাজি, 20 মে’: ক্ষমতাই মূৰত ধৰিলে মানুহে আবোল-তাবোল বকে, মইমতালিৰে আনক নিজৰ বহতীয়া কৰিব খোজে ৷ এনে এক কাণ্ডই সংঘটিত কৰিছে চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ৷ নিজ মহাবিদ্যালয়ৰ মহিলা কৰ্মচাৰীক মূৰত তিনিটাকৈ ফাইলেৰে প্ৰহাৰ কৰি ৰাইজৰ ৰোষৰ বলি হৈছে অধ্যক্ষগৰাকী ৷

অধ্যক্ষ ড৹ লক্ষীনাথ পেগুৰ বিৰুদ্ধে পূৰ্বতেও মহাবিদ্যালয়ৰ কৰ্মচাৰীক মানসিক আতিশয্য চলোৱাৰ বহু অভিযোগ উত্থাপিত হৈছিল ৷ পিছে ক্ষমতাৰে লালায়িত হৈ থকা অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কোনেও বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰহে সাহস কৰা নাছিল ৷ এনে কথাৰ মাজতে শনিবাৰে অধ্যক্ষগৰাকীয়ে যেতিয়া মহিলা কৰ্মচাৰী এগৰাকীক প্ৰহাৰ কৰি চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিলে, তেতিয়াহে গা লৰিল সকলোৰে ৷

তাৰেই পৰিপ্ৰেক্ষিতত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ ধেমাজি জিলা সমিতিয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে তেওঁলোকে চিলাপথাৰ থানাত স্মাৰকপত্ৰ প্ৰদান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷ মহিলাৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত মহাবিদ্যালয় এখনত অধ্যক্ষৰ হাতত এগৰাকী মহিলা কৰ্মচাৰী প্ৰহৃত হোৱা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব বুলি প্ৰতিবাদকাৰীসকলে প্ৰকাশ কৰে ।

অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগুক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্তি বিহাৰ লগতে চাকৰিৰ পৰা নিলম্বন কৰাৰ দাবী জনাইছে জাতীয় মহিলা পৰিষদৰ জিলা সভানেত্ৰী ভনিতা দাস মেচে । ধনবল, বাহুবল প্ৰয়োগ কৰি দোষীয়ে কোনোপধ্যে শাস্তিৰ পৰা যাতে সাৰি নেযায়, তাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিব মহিলা সংগঠনটোৱে ৷

উল্লেখযোগ্য যে, শনিবাৰে চিলাপথাৰ মহাবিদ্যালয়ত কৰ্মৰত অৱস্থাতে অধ্যক্ষ ড৹ লক্ষ্মীনাথ পেগুৱে এগৰাকী চতুৰ্থ বৰ্গৰ মধু চাহু নামৰ মহিলা কৰ্মচাৰীক অতৰ্কিতে প্ৰহাৰ কৰাত মূৰ, মুখমণ্ডলৰ লগতে নাকত আঘাতপ্ৰাপ্ত হোৱাত বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে কৰ্মচাৰী গৰাকী । ইফালে ভূক্তভোগীৰ পৰিয়ালে চিলাপথাৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত জামিনযোগ্য ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাণ্ড: হাস্পতালত চটফটাইছে মহিলা কৰ্মচাৰীয়ে - Silapathar College Crime News

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.