ETV Bharat / state

জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা: জোনাইত আক্ৰন্ত ৬ জন - Japanese Encephalitis Outbreak

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 11:19 AM IST

Japanese Encephalitis in Jonai: জোনাইত জাপানীজ এনকেফেলাইটিছৰ ত্ৰাস ৷ খবৰ অনুসৰি, জোনাইত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৬ গৰাকী লোক ৷ ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হৈছে ৷

Japanese Encephalitis in Jonai
জাপানীজ এনকেফেলাইটিছ (ETV Bharat)

জোনাই, ২১ জুলাই : বানৰ ভয়াৱহতাৰ পাচতে এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাদুৰ্ভাৱ হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ ৷ ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈছে বহুজন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ ধেমাজি জিলাটো এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

জাপানীজ এনকেফেলাইটিছ (ETV Bharat)

শেহতীয়া খবৰ অনুসৰি, জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত যোৱা জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে ৬ গৰাকী লোক জাপানীজ এনকেফেলাইটিছ বা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰন্ত হৈছে ৷ ইয়াৰে ভিতৰত আছে দুটি শিশু ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানে ৷

লগতে পঢ়ক : জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছাত্ৰ: আৰোগ্য নোহোৱাকৈয়ে যাবলৈ দিয়া হ’ল AMCHৰ পৰা - Japanese Encephalitis in Assam

ডাঃ কিশোৰ কুমাৰ কামানে উল্লেখ কৰা অনুসৰি, জাপানীজ এনকেফেলাইটিছ বা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰন্ত হৈ ইতিমধ্যে এগৰাকী ৪ বছৰীয়া শিশুৰ মৃত্যু হৈছে ৷ ইয়াৰ বিপৰীতে এটি শিশু বর্তমান সুস্থ্য হৈ ঘৰলৈ উভতিছে ৷

জোনাই মহকুমাৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা ব্যক্তিসকলৰ ঘৰ জোনাইৰ লক্ষী নেপালী বস্তি, জোনকাৰেং, ৩ নং চিমেন চাপৰি, বেকেলী, লাইমেকুৰী বুঢ়ীসূতী আৰু জোনাই বজাৰত । মুখ্য স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিবলৈ দিয়া মতে, জোনাইৰ তেলেম জাংমজিঙত নতুনকৈ আক্ৰান্ত হৈছে আন এজন শিশু ।

লগতে পঢ়ক : দৰঙত JE আৰু JE সদৃশ ৰোগত আক্ৰান্ত বহু লোক : তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ - Japanese Encephalitis

ইফালে জোনাইত জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়াৱহতালৈ চাই ধেমাজি জিলা তথা জোনাই মহকুমা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এনে ৰোগত আক্ৰান্ত অঞ্চলসমূহত যাৱতীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে স্বাস্থ্যকৰ্মীসকলে ৪৫৭১ গৰাকী লোকৰ তেজৰ নমুনাও সংগ্ৰহ কৰি স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে ৷

ইয়াৰ উপৰিও ৮৯৫৬ খন আঁঠুৱা ঔষধিকৰণৰ ব্যৱস্থা কৰিছে ৷ লগতে আশা আৰু স্বাস্থ্যকৰ্মীৰ জৰিয়তে জোনাই মহকুমাটোৰ বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ সম্পৰ্কে সজাগতা সভাও অনুষ্ঠিত কৰিছে ৷ লগতে অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, শৰীৰৰ কঁপনি আদি লক্ষ্যণে দেখা দিলে লগে লগে ওচৰৰ স্বাস্থ্যকৰ্মী বা স্বাস্থ্যকেন্দ্ৰত গৈ চিকিৎসা গ্ৰহণ কৰিবলৈ অনোৰোধ জনাইছে ৷

এইবোৰৰ উপৰিও সন্ধিয়া হ’লে ঘৰত চৌহদত ধোঁৱা দিয়া ব্যৱস্থা কৰা, শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰা, গাহৰিৰ গঁড়াল ঘৰৰ পৰা কিছু নিলগত ৰাখিবলৈ জোনাইবাসী ৰাইজক আহ্বান জনাইছে ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য ডাঃ কিশোৰ কুমাৰ কামানে ৷

লগতে পঢ়ক : কাৰ্বি আংলঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছয় - JAPANESE ENCEPHALITIS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.