ETV Bharat / state

চন্দ্ৰ হ’ব পাৰে পৃথিৱীৰ বাহিৰৰ নতুন বসতিস্থল : ইছৰোৰ বিজ্ঞানী - National Space Day 2024

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 9:04 PM IST

Space Day celebration at Tezpur University : ইছৰোৰ বিজ্ঞানী ড৹ ভি গিৰীশে কয় যে চন্দ্ৰ হ’ব পাৰে পৃথিৱীৰ বাহিৰৰ নতুন বসতিস্থল ৷ চন্দ্ৰৰ ভূতাত্ত্বিক ইতিহাসৰ পৰা আমাৰ গ্ৰহৰ আৰম্ভণিৰ ইতিহাসৰ সূত্ৰ পোৱা যায় ৷ এই মন্তব্য ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ উপ-সঞ্চালক ড৹ ভি গিৰীশৰ ৷

Space Day celebration at Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ উপ-সঞ্চালক ড৹ ভি গিৰীশ (ETV Bharat Assam)

তেজপুৰ, ২৩ আগষ্ট : আজিৰ দিনটোতে ইছৰোৰ দ্বাৰা প্ৰক্ষেপিত চন্দ্ৰযান-৩ৰ সফল অৱতৰণ ঘটিছিল ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত এই ঐতিহাসিক সাফল্যৰ দিনটোত আজি উদযাপন কৰা হয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস ।

Space Day celebration at Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন (ETV Bharat Assam)

তেজপুৰ বিশ্ববিদ্যালয়ত এই উপলক্ষে আয়োজিত এক কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ আমন্ত্ৰণত অংশ লয় ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ উপ-সঞ্চালক, বিশিষ্ট বিজ্ঞানী ড৹ ভি গিৰীশে । ড৹ গিৰীশে বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত আয়োজিত ‘চন্দ্ৰ, এনিগমা’ শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰে ৷ ড৹ গিৰীশে কয় যে একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ চন্দ্ৰক লৈ প্ৰাচীন কালৰে পৰাই মানৱ জাতিৰ মোহ আৰু ৰহস্যৰ সৃষ্টি হৈ আহিছে । তেওঁ চন্দ্ৰ অধ্যয়নে মানৱ জাতিৰ বাবে কিয় অসংখ্য বৈজ্ঞানিক আৰু ব্যৱহাৰিক উপকাৰ প্ৰদান কৰে সেই বিষয়ে আলোচনা কৰে ।

তেওঁ কয়, “চন্দ্ৰৰ ভূতাত্ত্বিক ইতিহাসৰ পৰা আমাৰ গ্ৰহৰ আৰম্ভণিৰ ইতিহাসৰ সূত্ৰ পোৱা যায় । চন্দ্ৰৰ নমুনা আৰু ক্ৰেটাৰ পৰীক্ষা কৰি বিজ্ঞানীসকলে সৌৰজগতৰ গঠনৰ বিষয়ে জানিব পাৰিব ৷ চন্দ্ৰত বৰফ আৰু হিলিয়াম-তিনিৰ দৰে মূল্যৱান সম্পদ আছে বুলি বিশ্বাস কৰা হৈছে । চন্দ্ৰ পৃথিৱীৰ বাহিৰত ভৱিষ্যতে মানৱ অন্বেষণ আৰু বসতিৰ বাবে গুৰুত্বপূৰ্ণ হ’ব পৰা সম্পদ ৷’’

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে অনুষ্ঠানটোৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । অধ্যাপক সিঙে কয় “এইবাৰৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু ‘চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱনক স্পৰ্শ কৰা: ভাৰতৰ মহাকাশ কাহিনী’ ৷ ই মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ যাত্ৰা আৰু সমাজত ইয়াৰ প্ৰভাৱ প্ৰতিফলিত কৰে ৷’’

তেওঁ লগতে কয় যে, তেজপুৰ বিশ্ববিদ্যালয়ে ইছৰোক সহযোগিতা আগবঢ়াই আহিছে ৷ ইছৰো আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ইছৰোৰ মহাকাশ বিজ্ঞান কাৰ্যসূচী ‘চন্দ্ৰযান-৩’ আৰু ‘আদিত্য-এল১’ৰ অংশ হৈ আহিছে বুলিও দোহাৰে উপাচাৰ্যগৰাকীয়ে ৷ এই বিশেষ বক্তৃতা অনুষ্ঠানৰ উপৰিও পদাৰ্থ বিজ্ঞান বিভাগ আৰু আয়োজক সমিতিৰ অধ্যক্ষ অধ্যাপক গাজী আমিন আহমেদৰ নেতৃত্বত বিশ্ববিদ্যালয়খনে আজিৰ এই বিশেষ দিনটোক সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় কৰাৰ বাবে কেবাটাও কাৰ্যসূচীৰ আয়োজন কৰে ৷

বিশ্ববিদ্যালয়খনৰ জ্যোতিৰ্বিজ্ঞান ক্লাবে জ্যোতিৰ্বিজ্ঞান পৰ্যবেক্ষণৰ আয়োজন কৰাৰ লগতে কাষৰীয়া গাঁওসমূহত বাহ্যিক কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে দিনটো পালন কৰিবলৈ পোষ্টাৰসূচীৰো আয়োজন কৰে । ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দেশবাসীক দিয়া ভাষণৰ পোনপটীয়া সম্প্ৰচাৰণ দৰ্শন কৰে ৷

লগতে পঢ়ক : প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস; মহাকাশ খণ্ডত ভৱিষ্যতৰ কাৰ্যপৰিকল্পনা উল্লেখ ইছৰোৰ অধ্যক্ষৰ

ৰাষ্ট্ৰীয় মহাকাশ দিৱস: জোনবাইৰ বুকুত ভাৰতৰ পদাৰ্পণৰ সফলতাক উদযাপনৰ এটা দিন

চন্দ্ৰযান ৩ৰ সফলতা উপলক্ষে ৰাষ্ট্ৰীয় মহাকাশ দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.