ETV Bharat / state

সোনকালেই অসম এৰিব নেকি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ! কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী পুলিচ প্ৰমূখ ? - ASSAM DGP

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 1:22 PM IST

DGP G P Singh: কাৰ্যকাল শেষ নৌহওতেই ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে অসম এৰাৰ সম্ভাৱনাক লৈ চলিছে চৰ্চা । কিয় এৰিব এই পদ ?

ASSAM DGP
আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং (ETV Bharat Assam)

গুৱাহাটীৰ, ১৪ আগষ্ট: এতিয়াও কেইবাবছৰো কাৰ্যকাল বাকী আছে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ । পিছে কাৰ্যকাল শেষ নৌহওতেই আৰক্ষী সঞ্চালকপ্ৰধানৰ পদ এৰি অসমৰ পৰা যাব বিচাৰিছে জি পি সিঙে । অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান পদৰ মায়া এৰি দিল্লীলৈ যোৱাৰ বাবে সাজু হৈছে আৰক্ষী সঞ্চালকগৰাকী । গৃহ বিভাগৰ এক সূত্ৰ মতে, অসম চৰকাৰেও জি পি সিঙক বিদায় জনাবলৈ সাজু হৈছে ৷ তেওঁৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে নিযুক্তিৰো যো-জা চলিছে ৷

কিয় অসম এৰিব খুজিছে জি পি সিঙে ?

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুন্দৰ প্ৰশাসনীয় সম্পৰ্ক আৰু তাল-মিল থকা স্বত্বেও কিয় অসম এৰিব খুজিছে আৰক্ষীৰ মুৰব্বীগৰাকীয়ে ? এইলৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা । দিছপুৰৰ ভিতৰুৱ তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কোনো তদন্তকাৰী সংস্থা নতুবা চিআৰপিএফৰ মুৰব্বী পদত যোগদানৰ বাবে প্ৰস্তুতি চলাইছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে ।

অসম ত্যাগ কৰাৰ বাবে ভাৰতীয় আৰক্ষী সেৱাৰ অসম-মেঘালয়ৰ কেডাৰৰ ১৯৯১ বৰ্ষৰ আই পি এছ গৰাকীৰ আবেদনৰ প্ৰতি দিছপুৰেও ইতিমধ্যে সেউজ সংকেত দিয়া বুলি নিশ্চিত হৈছে ৷ স্বাভাৱিকতে প্ৰশ্ন হয় -অসম এৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৃহ বিভাগৰ কোন প্ৰতিষ্ঠানত কেতিয়া যোগদান কৰিব ডিজিপি সিঙে ?

তাৎক্ষণিকভাৱে অসম এৰি যোৱাৰ পৰিকল্পনা নাই জি পি সিঙৰ । অহা জানুৱাৰীৰ আশে-পাশেহে অসম এৰাৰ সম্ভাৱনা আছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷ চৰ্চা অনুসৰি অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ সমাগত উপ-নির্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ পাছতহে জি পি সিঙে অসম এৰি যোৱাৰ সম্ভাৱনা । অৱশ্যে আৰক্ষীৰ সঞ্চালকপ্ৰধান গৰাকীয়ে পৰৱৰ্তী সময়ত ক’ত আৰু কি পদত দিল্লীত যোগদান কৰিব সেয়া নিশ্চিত হোৱা নাই । কিয়নো এই সন্দর্ভত কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ জাননী প্ৰকাশ পাবলৈ এতিয়াও বাকী আছে ।

ক’ত যোগদান কৰাৰ সম্ভাৱনা জি পি সিঙৰ !

অসম এৰি শীৰ্ষ আই পি এছ বিষয়াগৰাকীয়ে ক’ত কৰিব যোগদান ? আই এ এছ বিষয়াসকলৰ মাজৰ চৰ্চা জি পি সিঙে কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চি আৰ পি এফ নহ’লে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি আই এছ এফৰ মুৰব্বীৰ দায়িত্বত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কঠোৰ নিয়ম পালন আৰু দমন নীতিৰ বাবে প্ৰায়ে চৰ্চাত থকা শীৰ্ষ আইপিএছ বিষয়া জি পি সিঙে ইতিপূৰ্বে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা 'নিয়া'ত আই জি পি পদত পদতো কাৰ্যনিৰ্বাহ কৰিছিল ।

২০১৯ চনৰ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা ৰাজ্যজোৰা আন্দোলন নিয়ন্ত্ৰণৰ উদ্দেশ্যে সেই সময়ত ৰাজ্য চৰকাৰৰ উদ্যোগত অসমলৈ অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান(আইন-শৃংখলা) ৰূপে প্ৰত্যাৱৰ্তন ঘটিছিল জি পি সিঙৰ । জি পি সিঙৰ তত্বাৱধানত 'কা' বিৰোধী আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰিছিল অসম আৰক্ষীয়ে ৷ সফলো হৈছিল অসম আৰক্ষী । সেই সময়ত সময়ত আৰক্ষীৰ গুলীত ৫জন অসমীয়া লোকৰ মৃত্যুও হৈছিল ।

ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ অৱসৰৰ পাছত ২০২৩ চনৰ ৩১ জানুৱাৰীত অসমৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে জি পি সিঙে দায়িত্ব গ্রহণ কৰে । তথ্যভিত্তিক চৰ্চা অনুসৰি চি আই এছ এফ-ৰ প্ৰথমগৰাকী মহিলা সঞ্চালকপ্রধান নীনা সিঙে যোৱা ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰাৰ পিছত এই পদটোত জি পি সিঙক নিযুক্তি দিব পাৰে ৷ চি আই এছ এফ নহ’লে চি আৰ পি এফৰ কোনোবা এটাত আৰক্ষী বিষয়াগৰাকীৰ নিযুক্তি হোৱাৰ পূৰ্ণ মাত্ৰাই সম্ভাৱনা আছে ৷

হৰমীত সিঙ হ’ব পৰৱৰ্তী ডিজিপি ?

শীৰ্ষ আই পি এছ বিষয়া জি পি সিঙে অসম ত্যাগ কৰিলে ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্রধান কোন হ'ব ? এয়াও এক গুৰুত্বপূৰ্ণ বিষয় । চৰ্চালৈ আহিছে বৰ্তমান বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে কাৰ্যনিৰ্বাহ কৰি থকা হৰমীত সিঙৰ নাম ৷ জ্যেষ্ঠতাৰ ভিত্তিত বৰ্তমানৰ বিশেষ সঞ্চালকপ্রধান তথা ভাৰতীয় আৰক্ষী সেৱাৰ অসম-মেঘালয়ৰ কেডাৰৰ ১৯৯২ বৰ্ষৰ আই পি এছ হৰমীত সিঙকে পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধানৰূপে নিযুক্তি দিয়াৰ সম্ভাৱনা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: ভাৰতীয় পাছপ’ৰ্ট থকা লোকসকলকহে অসমত প্ৰৱেশৰ অনুমতি দিয়া হ’ব : আৰক্ষী সঞ্চালকপ্ৰধান - ASSAM DGP ON BANGLADESH VIOLENCE

নিৰ্দোষী মানুহৰ জীৱন লোৱাটো উচিত নহয়: শান্তি অটুট ৰক্ষাৰ বাবে আলফা স্বাধীনলৈ ডি জি পিৰ আহ্বান - GP Singh in Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.