ETV Bharat / state

জিলা আয়ুক্তৰ কাৰ্যালয়ত ধোৱাচাঙত কৰ্ম-সংস্কৃতি

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 9:29 PM IST

Irregular attendance at DC office: মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত দিনৰ ১১ বজালৈকে কৰ্মচাৰী উপস্থিত নথকাত খৰ্গহস্ত জিলা আয়ুক্ত দেবাশীষ শৰ্মা । এজন অতিৰিক্ত আয়ুক্তৰ অৰ্ধদিনৰ দৰৰ্মহা কৰ্তন । কাৰ্যালয়লৈ বিষয়া-কৰ্মচাৰী সময়মতে নাহিলে বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে জিলা আয়ুক্তগৰাকীয়ে ।

Irregular attendance of staff at DC office in Morigaon
জিলা আয়ুক্তৰ কাৰ্যালয়ত ধোৱাচাঙত কৰ্ম-সংস্কৃতি
জিলা আয়ুক্তৰ কাৰ্যালয়ত ধোৱাচাঙত কৰ্ম-সংস্কৃতি

মৰিগাঁও,২ মাৰ্চ: একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী কাৰ্যালয়লৈ সময়মতে নহা আৰু উপস্থিত নথকাৰ বিষয়টোক লৈ কঠোৰ হৈ পৰিছে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা । শনিবাৰে জিলা আয়ুক্তগৰাকীয়ে পুৱা প্ৰায় ১০.৪৫ বজাত আয়ুক্তৰ কাৰ্যালয় আৰু ইয়াৰ আশে-পাশে থকা কেইবাটাও কাৰ্যালয় পৰিদৰ্শন কৰি হতভম্ব হৈ পৰে । তেওঁ কাৰ্যালয়ত প্ৰায় ৯০ শতাংশ বিষয়া-কৰ্মচাৰীৰ অনুপস্থিতি স্বচক্ষে প্ৰত্যক্ষ কৰি ইয়াক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিষয়টোক লৈ আয়ুক্তগৰাকীয়ে অত্যন্ত ক্ষোভ প্ৰকাশ কৰাৰ লগতে ১১ বজালৈকে কাৰ্যালয়ত উপস্থিত নোহোৱা বিষয়া-কৰ্মচাৰীসকলৰ নৈমিত্তিক ছুটীৰ পৰা আধাদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়ে । কাৰ্যালয়সমূহত কৰ্ম-সংস্কৃতিৰ পৰিৱেশক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে সমগ্ৰ প্ৰশাসন ব্যৱস্থাটোৰ মধ্যমণি জিলা আয়ুক্তৰ কাৰ্যালয় । এনে এটা কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতি আৰু সময়মতে উপস্থিত নোহোৱাৰ দৰে কথাই সমগ্ৰ কৰ্ম-সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত ।

তেওঁ কয় যে কৰ্মজীৱনৰ নিৰ্ধাৰিত সময়খিনি কাৰ্যালয়ৰ নামত ব্যয় কৰাৰ পৰিৱৰ্তে বিভিন্নজনে বিভিন্ন অজুহাতত প্ৰায়ে কামৰ প্ৰতি অনিহা প্ৰদৰ্শন কৰে । এনে কাৰ্যই নিশ্চিতভাৱে কামৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে চৰকাৰী প্ৰশাসন যন্ত্ৰৰ পৰা বিভিন্ন সেৱা আৰু সুবিধা লাভ কৰাৰ ক্ষেত্ৰত জনসাধাৰণক বঞ্চিত কৰে । যদি এজনো সাধাৰণ লোক সংশ্লিষ্ট বিষয়া বা কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে কাৰ্যালয়ৰ পৰা উভতি যাবলগীয়া হয়, তেনেহ'লে প্ৰশাসন ব্যৱস্থাটোৰ বাবে তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ।

এনে হ'লে জিলা প্ৰশাসনৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে । তেওঁ অতি বিনম্ৰতাৰে নিজকে ইয়াৰ বাবে জগৰীয়া কৰি অতি দুখেৰে কয় যে আয়ুক্তৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিৰ এনে দুখলগা ছবিয়ে হয়তো কোনোবাখিনিত আয়ুক্তগৰাকীৰ বিফলতাকে প্ৰতিফলিত কৰিছে । অনাগত সময়ত বিষয়া-কৰ্মচাৰী সময়মতে কাৰ্যালয়ত উপস্থিত নহ'লে বা কাৰ্যালয়ৰ সময়ত নাথাকিলে বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

লগতে জিলাখনৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় তেওঁ আকস্মিকভাৱে পৰিদৰ্শন কৰি বিষয়া-কৰ্মচাৰীৰ উপস্থিতি পৰ্যবেক্ষণ কৰিব বুলি উল্লেখ কৰে । তেওঁ জিলাখনত এটা সুস্থ প্ৰশাসন ব্যৱস্থা বৰ্তাই ৰাখিবলৈ প্ৰতিজন বিষয়া-কৰ্মচাৰীৰ মাজত নিয়মানুৱৰ্তিতা আন্তৰিকতাৰে কামনা কৰে । লগতে তেওঁ কয় যে জিলাখনৰ দুৰ-দুৰণিৰ পৰা ৰাইজ আহি কৰ্মচাৰীৰ বাবে অপেক্ষা কৰি থাকিব আৰু কৰ্মচাৰীসকলে ঘৰুৱা কাম-বন কৰি আহিব সেয়া হ'বলৈ দিব নোৱাৰি ।

লগতে পঢ়ক: 10 দিনৰ বাবে পৰেশ বৰুৱা অসমলৈ আহক, ঘূৰি যাবলৈ মন নকৰিব : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.