ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস : এইচ আই ভি-এইডছমুক্ত অসমৰ লক্ষ্য - International Youth Day 2024

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:42 PM IST

AIDS free society : অসমৰ প্ৰতিগৰাকী যুৱক-যুৱতীকে ৰাজ্যবাসীৰ মাজত এইচ আই ভি-এইডছ সন্দৰ্ভত জ্ঞান আৰু সচেতনতা বৃদ্ধিত আগভাগ ল'বলৈ মুকলি আহ্বান ৷ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত যুৱ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান ৷

INTERNATIONAL YOUTH DAY 2024
গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন (X/MINISTER KESHAB MAHANTA)

গুৱাহাটী, 12 আগষ্ট : গুৱাহাটীত সোমবাৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস ৷ এইচ আই ভি-এইডছ মুক্ত অসম গঢ়াৰ প্ৰয়াসত সক্ৰিয় অংশগ্ৰহণৰ বাবে ৰাজ্যৰ যুৱ প্ৰজন্মক আহ্বান পৰিবহণ, বিজ্ঞান-প্ৰযুক্তি, তথ্য প্ৰযুক্তি, মীন আৰু আৱকাৰী মন্ত্ৰী কেশৱ মহন্তৰ ৷ গুৱাহাটীত আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিগৰাকী যুৱক-যুৱতীকে ৰাজ্যবাসীৰ মাজত এইচ আই ভি-এইডছ সন্দৰ্ভত জ্ঞান আৰু সচেতনতা বৃদ্ধিত আগভাগ ল'বলৈ মুকলি আহ্বান জনায় ৷

INTERNATIONAL YOUTH DAY 2024
আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত (X/MINISTER KESHAB MAHANTA)

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত যুৱ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি মন্ত্ৰী মহন্তই কয়, “সৰ্বভাৰতীয় হাৰৰ তুলনাত অসমত এতিয়াও এইডছ-এইচ আই ভি সংক্ৰমণৰ হাৰ কম হৈ আছে যদিও বিগত কেইবছৰমানত ৰাজ্যখনত এইডছ-এইচ আই ভি সংক্ৰমণৰ আশংকা ক্ৰমশঃ বৃদ্ধি পাইছে ৷ এয়া মুঠেই শুভ লক্ষণ নহয় ৷ সুস্থ-সবল, কৰ্মঠ নাগৰিকৰে পৰিপূৰ্ণ এখন সুন্দৰ ৰাজ্য হিচাপে অসমখন বিকশিত হ'লেহে আগন্তুক দিনত দেশৰ অগ্ৰণী ৰাজ্যৰ সৈতে সকলো ক্ষেত্ৰতে সমানেই ফেৰ মৰাৰ সামৰ্থ আহৰণ কৰাটো অসমৰ বাবে সম্ভৱ হৈ উঠিব ৷ সেয়েহে এতিয়াৰে পৰা অসমক এইচ আই ভি-এইডছমুক্ত কৰাৰ প্ৰচেষ্টাত আগৰণুৱাৰ ভূমিকা গ্ৰহণৰ বাবে আমাৰ যুৱক-যুৱতীসকল আগবাঢ়ি অহা উচিত ৷"

INTERNATIONAL YOUTH DAY 2024
দুমাহ জোৰা ব্যাপক জন সজাগতা বৃদ্ধি অভিযান মুকলি (X/MINISTER KESHAB MAHANTA)

এইডছ-এইচ আই ভিৰ ভয়াহৱতাৰ বিৰুদ্ধে যুঁজ দিবলৈ যুৱ প্ৰজন্মলৈ আহ্বান:

সমাজত এইডছ-এইচ আই ভিৰ ভয়াহৱতা, প্ৰতিকাৰ-প্ৰতিৰোধ তথা সতৰ্কতামূলক দিশসমূহৰ বিষয়ে ৰাইজৰ মাজত বহুল প্ৰচাৰেৰে ৰাজ্যবাসীক সচেষ্ট কৰি তোলাত গুৰুত্বপূৰ্ণ তথা ফলপ্ৰসূ ভূমিকা গ্ৰহণৰ সামৰ্থ যুৱপ্ৰজন্মৰে সকলোতকৈ বেছি বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী যুৱক-যুৱতীয়েই এই প্ৰয়াসত আন্তৰিকতাৰে ব্ৰতী হোৱাৰ পোষকতা কৰে ৷ তেওঁ যুৱ সমাজক প্ৰকৃতি-অনুকূল আৰু পৰিশীলিত-শৃংখলিত জীৱনশৈলী আৰু অভ্যাস আঁকোৱালী ল'বলৈ দিহা দি প্ৰমূল্য আধাৰিত জীৱন যাপনেহে সমাজখন সুস্থ, সুন্দৰ, গতিশীল কৰি ৰাখে বুলি মতপোষণ কৰে ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, সচিব বৰ্ণালী শৰ্মা, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা ড৹ ইন্দ্ৰানুসী দাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী কল্যাণ কোষৰ সঞ্চালক ড৹ ৰঞ্জন কাকতি, পদ্মশ্ৰী বঁটাপ্ৰাপক ওজাপালিৰ সাধক দ্ৰোণ ভূঞা, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উত্তৰ পূৰ্ৱাঞ্চলৰ আঞ্চলিক সঞ্চালকায়ৰ বিষয়া নকুল দেউৰী, জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ধাৰাবাহিক সম্প্ৰচাৰ কৰিব প্ৰসাৰ ভাৰতীয়ে, দিছপুৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰ - Lachit Borphukon

10 খন জিলাত সৰ্বমুঠ 1000 গাঁৱত বাটৰ নাট:

এই অনুষ্ঠানতে এইচ আই ভি-এইডছ আৰু যৌন সংক্ৰমিত ৰোগৰ ভয়াৱহতা আৰু প্ৰতিৰোধৰ ব্যৱস্থা সন্দৰ্ভত দুমাহ জোৰা ব্যাপক জন সজাগতা বৃদ্ধি অভিযান এটাও মুকলি কৰে ৷ ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত উচ্চ এইচ আই ভি সংক্ৰমণ আশংকা প্ৰৱণ ৰাজ্যৰ দহখন জিলাত এইচ আই ভি-এইডছ আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত এই বিশেষ তথ্য-শিক্ষা আৰু যোগাযোগ বিষয়ক অভিযান চলোৱা হ'ব ৷ সংক্ৰমণৰ উচ্চ আশংকা থকা কামৰূপ (মহানগৰ), ধুবুৰী, নগাঁও, শোণিতপুৰ, তিনিচুকীয়া, যোৰহাট, কাৰ্বি আংলং, কাছাৰ আৰু কৰিমগঞ্জ জিলাত ৰূপায়ণ কৰিবলগীয়া এই অভিযান কালত জৰিয়তে ৰাইজৰ মাজত এইডছ সম্পৰ্কীয় জ্ঞানবৰ্দ্ধক বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ’ব ৷ ইয়াৰ অংশ হিচাপে 10 খন জিলাৰ সৰ্বমুঠ 1000 গাঁৱত বাটৰ নাট, সজাগত সভা আদিৰ আয়োজন কৰি এইডছ মুক্ত সমাজ নিৰ্মাণৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে জনজাগৰণৰ সৃষ্টি কৰা হ’ব ৷

লগতে পঢ়ক : বিশ্ব হস্তী দিৱস : কাজিৰঙাত নোৱাই-ধুৱাই পূজা কৰা হ’ল পোহনীয়া হাতীক - World Elephant Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.