ETV Bharat / state

কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 1:20 PM IST

Updated : Feb 21, 2024, 1:53 PM IST

International Mother Language Day: আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস । মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি সমগ্ৰ বিশ্বতে পালন কৰা আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস । অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰতো পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস ।

International Mother Language Day observed in Kaliabar
কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

কলিয়াবৰ,২১ ফেব্ৰুৱাৰী: আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস । মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু লগতে সকলো ভাষা সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে পালন কৰা হয় আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস । ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হয় ।

ভাষাবিদ ড৹ ৰমেশ পাঠকে “ভাষা-বিজ্ঞানৰ ভূমিকা”ত মাতৃভাষাৰ সম্বন্ধে লিখিছে যে, মাক-দেউতাকৰ ভাষাটোকে স্বাভাৱিকতে শিশুৱে শিকে । এই ক্ষেত্ৰত মাকৰ ভূমিকা সৰ্বাধিক বাবে মাতৃভাষা নাম দিয়া হৈছে । আচলতে মাতৃভাষা মানে সেইটো ভাষা, যি ভাষাৰে এজন মানুহে চিন্তা কৰে, সপোন দেখে আৰু নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ আটাইতকৈ সহজ পায় ।

কিন্তু প্ৰকৃততে আমি আমাৰ মাতৃভাষা প্ৰতি কিমান দায়বদ্ধ ? বিশ্বত নিজ মাতৃভাষাৰ চৰ্চাৰ অভাৱত এটা-এটাকৈ ভাষা হেৰাই যাবলৈ লৈছে । এতিয়া অসমত আমাৰ সুৱলা-সুৱদি অসমীয়া মাতৃভাষাৰে দুৰৱস্থাৰ উপক্ৰম হৈছে । আমি যেন নিজ মাতৃভাষাক একাষৰীয়া কৰি থৈ ইংৰাজী-হিন্দী ভাষাৰ প্ৰতি অহেতুক আকৰ্ষণ অনুভৱ কৰিবলৈ লৈছো ।

কিন্তু এইখিনিতে প্রণিধানযোগ্য যে, ড৹ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণে বিদেশী ভাষা এটাক জ্ঞান আহৰণৰ মাধ্যম কৰি লোৱাটো শিক্ষাবিজ্ঞানৰ দৃষ্টিতেই অযুক্তিকৰ বুলি মাতৃভাষাৰ সপক্ষে থিয় দিয়াৰ লগতে ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ প্রতিবেদনত মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব প্রদান কৰি কৈছিল, “মাতৃভাষা শিকা মানে কেৱল লিখা-পঢ়া বা শব্দভাণ্ডাৰ বৃদ্ধিৰ কথাটোৱেই নুবুজায়, ই হৈছে ছাত্র-ছাত্রীৰ সামগ্রিক ব্যক্তিত্বৰ বিকাশ সাধন কৰাৰ উৎকৃষ্ট আৰু মননশীল মাধ্যম।” ড৹ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণে গ্ৰহণ কৰা এই স্থিতিৰ বহুকেইটা দশক পাৰ হৈ যোৱাৰ পাছতো আমি আমাৰ মাতৃভাষাৰ উচিত মূল্যায়ন কৰিছোনে ?

আমি পৃথিৱীৰ যি ভাষাই নিশিকোঁ কিয়, মাতৃভাষা সকলোৰে ওপৰত আৰু ইয়াক অৱহেলা কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব । কাৰণ মাতৃভাষা হ'ল একেধাৰে সঁজুলি, আনন্দ, সুখ আৰু জ্ঞানৰ উৎস, ৰুচি আৰু অনুভূতিৰ পৰিচালক । সেইবাবেই আমি নকল চাহাব হোৱাৰ বাসনা ত্যাগ কৰি জাতিটো আৰু ভাষাটোৰ প্ৰতি থকা দায়বদ্ধতা স্বীকাৰ কৰি উঠি অহা প্ৰজন্মক একো একোজন ভাল অসমীয়া কৰি গঢ়ি তুলিবলৈ সংকল্প গ্রহণ কৰিব লাগিব । এই মূহুৰ্ত্বত এয়াই সময়ৰ আহ্বান ।

মাতৃভাষাৰ প্ৰতি দায়বদ্ধ কৰাৰ ক্ষেত্ৰত মাতৃভাষাৰ গ্ৰন্থসমূহে বিশেষ ভূমিকা পালন কৰিব পাৰে । এনে গ্ৰন্থ সহজতে পোৱা স্থান হ'ল পুথিভঁৰাল বা গ্ৰন্থগাৰ । কিয়নো পুথিভঁৰালত সকলো স্তৰৰ পাঠকৰ বাবে কাকত, আলোচনী, গ্ৰন্থ উপলব্ধ । আমাৰ জাতিটোৰ হকে, ভাষাটোৰ হকে নিজৰ সন্তানক উচিত শিক্ষা দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে মাধ্যম জগৰীয়া হ'ব নোৱাৰে । জগৰীয়া যদি হয় তেনেকুৱা মাধ্যম চলাই নিয়া বিদ্যালয় আৰু প্ৰশাসকসকল, যিসকলৰ প্ৰৰোচনাত আমাৰ ভৱিষ্যত প্ৰজন্মৰ অন্তৰৰ পৰা মাতৃভাষাটোৰ আদৰ লাহে লাহে নিঃশেষ হ'বৰ উপক্ৰম হৈছে ।

হেৰাই যোৱা আদৰ পুনৰ ওভতাই আনিবলৈ মাতৃভাষাৰ গ্ৰন্থ এক অন্যতম উপায় হ'ব পাৰে । এনে পদক্ষেপ লোৱাত যত্নপৰ হৈছে কলিয়াবৰৰ ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত প্ৰতিষ্ঠিত বৰ্তমানৰ কলিয়াবৰ মহকুমা পুথিভঁৰাল । ২০০৬ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰীয়ে 'ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা পুথিভঁৰাল' নামেৰে শুভ উদ্বোধন কৰাৰ পাছত ২০১৬ চনত 'কলিয়াবৰ মহকুমা পুথিভঁৰাল'লৈ উন্নীত হয় । ২০১৯ চনৰ পৰা পূৰ্ণাংগ পৰ্যায়ৰ মহকুমা পুথিভঁড়াল ৰূপে কাম-কাজ আৰম্ভ হয় । শেহতীয়াকৈ ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বৰ্তমান নিৰ্মীয়মান কলিয়াবৰ মহকুমা পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰে ।

উল্লেখযোগ্য যে, ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে । ১৯৫২ চনৰ এই দিনটোতে বাংলা ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰভাষা কৰাৰ দাবী জনোৱা আন্দোলনকাৰী ছাত্ৰসকলৰ ওপৰত পুলিচে গুলীবৰ্ষণ কৰাত কেইবাজনো যুৱক শ্বহীদ হয় । সেয়েহে এই দিনটোক বাংলাদেশত শ্বহীদ দিৱস হিচাপেও পালন কৰা হয় । কানাডাৰ ভেংকুভাৰ নগৰ নিবাসী দুজন বঙালী লোক ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানৰ ওচৰত একৈছ ফেব্ৰুৱাৰীৰ দিনটোক আন্তঃৰ্জাতিক মাতৃভাষা দিৱসৰূপে স্বীকৃতি কৰিবলৈ আবেদন জনায় ।

১৯৯৯ চনত ইউনেস্কোই এই দিৱসৰ কথা ঘোষণা কৰাৰ পিছত ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰীক যথাযথ মৰ্যদাৰে পালন কৰে । ২০০৯ চনৰ ১৬ মে' তাৰিখে ৰাষ্ট্ৰসংঘ‍ই A/RES/61/266 নং সিদ্ধান্ত অনুসৰি সকলো সদস্য দেশকে "বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষা"ৰ বাবে অনুৰোধ কৰে । একে সিদ্ধান্ত অনুসৰি সাধাৰণ সভাই ২০০৮ চনক "ভাষাৰ আন্তৰ্জাতিক দিৱস" হিচাপে গ্ৰহণ কৰে ।

২০১০ চনত ৰাষ্ট্ৰ সংঘৰ ৬৫তম অধিৱেশনত প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস ৰূপে পালন কৰিবলৈ বাংলাদেশে উত্থান কৰা প্ৰস্তাৱ গৃহীত হয় । ২০১০ চনৰ মে' মাহত ৰাষ্ট্ৰ সংঘৰ তথ্যবিষয়ক সমিতিত প্ৰস্তাৱটো সৰ্বসন্মতিভাৱে গৃহীত হয় ।

লগতে পঢ়ক: ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৯৩ সংখ্যক ওপজা বাৰ্ষিকী উদযাপন

Last Updated : Feb 21, 2024, 1:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.