গোলাঘাট : এটা কণমানি হাতী পোৱালি ৷ দেখিলেই মৰম লগা ৷ কিন্তু মূৰত সোমাই আছে এডাল ৰড ৷ কেনেকৈ এই ৰডডাল পোৱালিটোৰ মূৰত সোমাল সেয়া এই পৰ্যন্ত উদঘাটন হোৱা নাই ৷ হয়তো কাৰোবাৰ আক্ৰমণৰ ফলতেই মূৰত প্ৰচণ্ড বিষ লৈ এইদৰেই বিচৰণ কৰি ফুৰিছে নিৰ্বোধ হাতীটোৱে !
আজি গোলাঘাট জিলাৰ অভয়জান চাহ বাগিচাত স্থানীয় ৰাইজে মূৰত ৰড সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এটা বন্যহস্তীৰ পোৱালিক প্ৰত্যক্ষ কৰে । তাৰ পাছতে উক্ত ঘটনাৰ বিষয়ে গোলাঘাটৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অৱগত কৰা হয় ৷ এই খবৰ লাভ কৰিয়েই আঞ্চলিক বন বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত বন বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হৈ আহত হাতী পোৱালিটোৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ।
এই সম্পৰ্কে আঞ্চলিক বন বিষয়া লক্ষেশ্বৰ দাসে কয়, ‘‘এই ঘটনা পাছ ৰাতি হৈছে বুলি আমি খবৰ লাভ কৰিছিলো আৰু লগে লগে খণ্ড বিষয়া কাৰ্যালয়ৰ পৰা এটা টহলদাৰী দল উক্ত স্থানত উপস্থিত হৈ আঘাতপ্ৰাপ্ত হাতীটোৰ অৱস্থানৰ সবিশেষ আমাক অৱগত কৰে । নিশাৰ ভাগত পশু চিকিৎসক আহিবলৈ অসুবিধা হয়, যাৰ বাবে হাতীটোৱে যাতে কাকো একো অনিষ্ট নকৰে বা হাতীটোক বেলেগেও যাতে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে তেখেতসকলক স্থানীয় লোকৰ সহায়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ লগতে হাতীটোক খাদ্য যোগান ধৰাৰ বাবে সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷’’
‘‘মই নিজে ইয়াত উপস্থিত হৈ হাতীটো প্ৰত্যক্ষ কৰি দেখিলো যে হাতী পোৱালিটো আগৰে পৰাই কিছু পৰিমাণে ৰুগীয়া হৈ আছিল ৷ লগতে ইয়াৰ পেলুৰ চিকিৎসা আমাৰ বিভাগৰ তৰফৰ পৰা চলি আছে ।’’ চিকিৎসকৰ দলটো ঘটনাস্থলীত বৰ্তমানলৈকে (বাতৰি লিখা পৰলৈকে) উপস্থিত হোৱা নাই বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেখেতে কয়, ‘‘হাতী পোৱালিটো সংকটজনক অৱস্থাত নাই আৰু কাজিৰঙাৰ পৰা চিকিৎসকৰ দল আহি আছে আৰু হাতী পোৱালিটোৰ মূৰত ৰড সোমাই আছে ৷ আমি ঘটনাৰ তদন্ত আৰম্ভ কৰিছো ৷ অতি সোনকালে দুস্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হ'ম ।’’
আনহাতে হাতী পোৱালিটোৰ মূৰত ৰড সোমাই থকা সম্পৰ্কে স্থানীয় লোকে কয়, ‘‘পুৱাৰ ভাগত হাতীটো ইয়ালৈ আহিছে আৰু কোনোবাই ৰডেৰে মৰাৰ ফলত ইয়াৰ মূৰত ৰড সোমাই গৈছে ৷ কিন্তু এইটো আজিৰ নহয় কেইবাদিন আগৰে হ'ব । এই কাম যিয়ে কৰিছে, বহুত বেয়া কৰিছে ৷’’
উল্লেখ্য যে গোলাঘাট জিলাত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে । বনাঞ্চলসমূহ সংকুচিত হোৱাৰ লগতে ব্যাপক খাদ্যৰ নাটনি হৈছে বন্যহস্তীৰ বাবে ৷ যাৰ পৰিপ্ৰেক্ষিতত জনাঞ্চলত প্ৰৱেশ কৰি পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি তচনচ কৰিছে বনৰীয়া হাতীয়ে ।
স্থানীয় ৰাইজে ইয়াৰ এক স্থায়ী সমাধানৰ বাবে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাই আহিছে ৷ কিন্তু আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি স্থানীয় লোকে উল্লেখ কৰে ।