ETV Bharat / state

ৰাজ্যত ৫ লাখৰো অধিক অদৃশ্য শিক্ষাৰ্থীৰ নামত ব্যয় বুজন পৰিমাণৰ পুঁজি - Shiksha Setu Axom

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Shiksha Setu App: মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্মৰ নামত ব্যয় হৈছিল কোটি কোটি টকা । শিক্ষা সেতু এপে ধৰা পেলালে বৃহৎ অপচয় । ৫.৩২ লাখ অদৃশ্য শিক্ষাৰ্থীৰ বিপৰীতে হোৱা ব্যয় ৰোধ । ৬৮ হাজাৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন আছে যদিও নাই বিদ্যালয়ত উপস্থিতি । তদন্ত অব্যাহত । উপস্থিতি নাথাকিলে কৰ্তন হ'ব নাম । শিক্ষা সেতু এপে পোহৰলৈ আনিছে বছৰ বছৰ ধৰি চলি অহা অনিয়ম-বিসংগতি ।

Shiksha Setu App
ৰাজ্যত ৫ লাখৰো অধিক অদৃশ্য শিক্ষাৰ্থীৰ নামত ব্যয় বুজন পৰিমাণৰ পুঁজি (ETV Bharat)

গুৱাহাটী,২৭ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা শিক্ষা সেতু এপক লৈ বিভিন্ন বিতৰ্ক থাকিলেও কিন্তু ইয়াৰ যথেষ্ট ইতিবাচক দিশ আছে । বছৰ বছৰ ধৰি চলি অহা কিছুমান পৰম্পৰাগত আসোঁৱাহ তথা বিসংগতি নাইবা অনিয়ম শিক্ষা সেতু এপৰ যোগেদি পোহৰলৈ আহিছে । শিক্ষা সেতু এপৰ যোগেদিয়েই চৰকাৰী বিদ্যালয়ত থকা অদৃশ্য শিক্ষাৰ্থীৰ বিষয়টো উন্মোচিত হৈছে । লগতে পোহৰলৈ আহিছে অদৃশ্য শিক্ষাৰ্থীৰ নামত ৰাজকোষৰ পৰা বছৰ বছৰ ধৰি শ শ কোটি টকা ব্যয় হৈ থকাৰ তথ্য । শিক্ষা সেতু এপ আৰম্ভ কৰাৰ পিছত শিক্ষক আৰু শিক্ষাৰ্থীৰ সঠিক সংখ্যা শিক্ষা বিভাগে নিৰূপণ কৰিবলৈ সক্ষম হৈছে আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ বছৰি ৰাহি হৈছে প্ৰায় ২০০ কোটি টকা ।

শিক্ষা সেতু এপত অদৃশ্য শিক্ষাৰ্থী :

ইউডাইছৰ (UDISE) তথ্যৰ আধাৰত চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফর্ম যোগান ধৰি অহা হৈছিল । কিন্তু শিক্ষা সেতু এপ আৰম্ভ কৰাৰ পিছত পোহৰলৈ আহে শিক্ষাৰ্থীৰ প্ৰকৃত সংখ্যা । শিক্ষা সেতু এপে উন্মোচিত কৰে যে এনে ৫.৩২ লাখ শিক্ষার্থী আছে, যিসকলৰ নামভৰ্তি হৈ আছে কিন্তু বিদ্যালয়ত উপস্থিতি নাই । অথচ এই অদৃশ্য হৈ থকা শিক্ষাৰ্থীসকলৰ বাবদ চৰকাৰীভাৱে সামগ্রীসমূহ যোগান ধৰি আহিছিল শিক্ষা বিভাগে । এই অদৃশ্য শিক্ষার্থীসকলক চিনাক্ত কৰি উলিওৱাৰ পিছত শিক্ষা বিভাগে বছৰি বৃহৎ পৰিমাণৰ পুঁজি ৰাহি কৰিবলৈ সক্ষম হয় ।

শিক্ষা সেতু এপত নাম পঞ্জীয়ন আছে যদিও নাহে বিদ্যালয়লৈ :

শিক্ষা সেতু এপে দিয়া তথ্য অনুসৰি প্রাথমিক বিদ্যালয়ত এতিয়াও ৬৮ হাজাৰ শিক্ষাৰ্থী আছে যিসকলে শিক্ষা সেতু এপত নাম পঞ্জীয়ন কৰিছে যদিও এটা দিনো বিদ্যালয়ত উপস্থিত নাই । শিক্ষা সেতুত নাম পঞ্জীয়ন কৰাৰ দিনৰ পৰা এটা দিনো শ্ৰেণীত উপস্থিত নথকা শিক্ষার্থীসকলৰ নাম কৰ্তন হোৱাৰ পিছত তেওঁলোকৰ বিপৰীতে মধ্যাহ্ন ভোজন, ইউনিফর্ম, বিনামূলীয়া পাঠ্যপুথিৰ বাবদ যোগান ধৰি থকা কেইবা কোটি টকা শিক্ষা বিভাগে ৰাহি কৰিব পাৰিব ।

শিক্ষা বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে সংশ্লিষ্ট জিলাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে । অৱশ্যে বহু সময়ত কাৰিকৰী কাৰণতো বহু শিক্ষাৰ্থীৰ তথ্য শিক্ষা সেতু এপত সন্নিবিষ্ট নোহোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি । ইফালে শিক্ষা সেতুত পঞ্জীয়ন হৈছিল যদিও এটা দিনো বিদ্যালয়ত উপস্থিত নথকা ৬৮ হাজাৰ শিক্ষাৰ্থীৰ সবিশেষ তথ্য সংগ্ৰহ কৰিবলৈ শিক্ষা বিভাগে নির্দেশনা দিছে । তথ্য সংগ্ৰহৰ পিছত শিক্ষাৰ্থীসকলৰ নাম কৰ্তন হ'ব আৰু বিনামূলীয়াকৈ যোগান ধৰা সামগ্ৰীৰ বাবদ ৰাহি হোৱা পুঁজিৰ পৰিমাণ আৰু অধিক হ'ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

শিক্ষাৰ্থীৰ সংখ্যাৰ ভিত্তিত যোগান ধৰা হয় সামগ্ৰী তথা মধ্যাহ্ন ভোজন :

কেন্দ্ৰীয় চৰকাৰৰ ইউডাইছত দাখিল হোৱা শিক্ষাৰ্থীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষাৰ্থীৰ বিপৰীতে উল্লিখিত সামগ্রী, মধ্যাহ্ন ভোজন বিনামূলীয়াকৈ চৰকাৰে যোগান ধৰি আহিছিল । ৰাজ্যৰ শিক্ষা বিভাগে ইউডাইছৰ ওপৰত নিৰ্ভৰ নকৰি শিক্ষা সেতু এপ প্ৰৱৰ্তন কৰি শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতি লোৱা আৰম্ভ কৰে । তাৰ পিছতে পোহৰলৈ আহে যে শিক্ষানুষ্ঠানসমূহত প্রায় ৫.৩২ লাখ শিক্ষাৰ্থীৰ নামভৰ্তি হৈ আছে যদিও বাস্তৱত এই শিক্ষার্থীসকল বিদ্যালয়ত নাই ।

শিক্ষা সেতু এপৰ পূৰ্বৰ স্থিতি :

শিক্ষা সেতু এপ আৰম্ভ কৰাৰ সময়ত বিগত বছৰত ৰাজ্যৰ ৪৬,২৯৬ খন বিদ্যালয়ত ৪৩ লাখৰো অধিক শিক্ষাৰ্থীৰ নাম বিদ্যালয়সমূহত ভৰ্তি হৈ আছিল । যেতিয়া শিক্ষা সেতু এপত নাম পঞ্জীয়ন কৰিবলগীয়া হয় তেতিয়া ওলাই পৰে যে ৫.৩২ লাখ শিক্ষাৰ্থীৰ নাম শিক্ষা সেতু এপত পঞ্জীয়ন হোৱা নাই । অর্থাৎ শিক্ষাৰ্থীসকলৰ নামভর্তি বিদ্যালয়ত হৈছিল যদিও তেওঁলোকৰ উপস্থিতি শিক্ষানুষ্ঠানত নাই । এই অদৃশ্য হৈ থকা শিক্ষার্থীসকলৰ বিপৰীতে আৱণ্টন হৈ থকা মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম বন্ধ কৰি দিয়াৰ ফলতে ৰাজ্যৰ শিক্ষা বিভাগে বছৰি প্ৰায় ২০০ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হয় ।

মধ্যাহ্ন ভোজনৰ খৰচ :

সমাজৰ উপেক্ষিত শ্ৰেণীৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ অহাৰ বাবে উৎসাহিত কৰাৰ লগতে শ্ৰেণীকোঠাৰ কাৰ্যক্ৰমত মনোনিবেশ কৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে কেইবাটাও মহৎ উদ্দেশ্যৰে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় । এই মধ্যাহ্ন ভোজনৰ বাবে প্রতিগৰাকী শিক্ষাৰ্থীৰ বাবে দৈনিক দিয়া হয় ৫.৪৫ টকা । লগতে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ নামত দৈনিক দিয়া হয় ১০০ গ্ৰাম চাউল ।

অসমত শিক্ষা সেতু এপৰ আৰম্ভণি :

অসমত ২০২৩ চনৰ ২৪ এপ্ৰিলত মুকলি কৰা হয় শিক্ষা সেতু এপ । কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত শিক্ষা সেতু অসম প'ৰ্টেল মুকলি কৰিছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বিদ্যালয়, শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ তথ্যৰ বাবে এই প'ৰ্টেল মুকলি কৰা হৈছিল । প্ৰতিখন বিদ্যালয়ত এই কাৰ্য ৰূপায়ণৰ বাবে একোটাকৈ টেবলেট দিয়া হৈছে । বেছি ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ক এইক্ষেত্ৰত দুটাকৈ টেবলেট দিয়া হৈছে । সময়ৰ লগে লগে শিক্ষা সেতু এপৰ পৰিসৰো বৃদ্ধি কৰা হৈছে । বিভিন্ন বিষয় ইয়াত সামৰি লোৱা হৈছে ।

লগতে পঢ়ক :পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীকো প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা: ডাঃ ৰণোজ পেগু - Anandaram Baruah award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.