ETV Bharat / state

অসম ৰাইফলৰ ৩০ নং বেটলিয়নৰ সৈতে ই টিভি ভাৰতৰ বিশেষ অনুষ্ঠান - Assam Rifles

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 12:06 AM IST

ই টিভি ভাৰতৰ বিশেষ অনুষ্ঠান ‘জয় হিন্দ’ ৷ ই টিভি ভাৰত উপস্থিত হৈছে ভাৰতবৰ্ষৰ অতি পুৰণি অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছৰ ৩০ নং বাহিনীত । ‘ৰাইজিং ছান’ বাহিনীত অসম ৰাইফলছ বাহিনীয়ে কেনেদৰে স্বাধীনতা দিৱস উদযাপন কৰে ? কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হয় দেশৰ সুৰক্ষা প্ৰদানৰ সময়ত ? কি কি প্ৰশিক্ষণ দিয়া হয় ? ছাত্ৰ-ছাত্ৰীক কেনেদৰে ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰে ? এই সকলো সামৰি চাও আহক ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসে প্ৰস্তুত কৰা এই বিশেষ প্ৰতিবেদন...

ASSAM RIFLES
ই টিভি ভাৰতৰ বিশেষ অনুষ্ঠান ‘জয় হিন্দ’ (ETV Bharat Assam)

তেজপুৰ, 15 আগষ্ট : অসম ৰাইফলছ ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী, যাক প্ৰায়ে ‘উত্তৰ-পূবৰ চেণ্টিনেল’ আৰু ‘পাহাৰীয়া মানুহৰ বন্ধু’ বুলি কোৱা হয় । ব্ৰিটিছসকলে প্ৰথমে অসমৰ চাহ বাগিচা তথা ভৈয়ামৰ সুৰক্ষাৰ বাবে ১৮৩৫ চনত কাছাৰ লেভি হিচাপে ইয়াক প্ৰতিষ্ঠা কৰিছিল ।

সময়ৰ লগে লগে উত্তৰ-পূব ভাৰতত ব্ৰিটিছৰাজৰ সম্প্ৰসাৰণৰ লগে লগে বাহিনীটোৰ ভূমিকা সম্প্ৰসাৰিত হয় আৰু ১৯১৭ চনত এই বাহিনীটোক ‘অসম ৰাইফলছ’ নামেৰে নামাকৰণ হয় । ইয়াৰ পূৰ্বে এই বাহিনীৰ কেবাবাৰো নাম সলনি কৰা হৈছিল ।

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধকে ধৰি বিভিন্ন যুদ্ধকালীন সংঘাতসমূহত অসম ৰাইফলছে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে, য’ত ই ভাৰত আৰু বিদেশ উভয়তে সেৱা আগবঢ়াইছিল । ভাৰতৰ স্বাধীনতাৰ পিছত অসম ৰাইফলছ প্ৰথমে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনত আছিল যদিও পিছলৈ ১৯৬৫ চনত গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনলৈ ইয়াক অনা হয় ।

সাম্প্ৰতিক সময়ত, অসম ৰাইফলছৰ ৪৬টা বেটেলিয়ন আছে য’ত প্ৰায় ৬৫ হাজাৰৰো অধিক জোৱান আছে । ইয়াৰ ভূমিকাসমূহৰ ভিতৰত আছে সন্ত্ৰাসবাদবিৰোধী, সীমান্ত সুৰক্ষা, জৰুৰীকালিন অৱস্থাত সাধাৰণ নাগৰিকক সহায় কৰা আৰু বিশেষকৈ ভাৰত-ম্যানমাৰ সীমান্তত আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখা ।

উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ লগত গভীৰভাৱে জড়িত এই বাহিনীটোৱে দুৰ্গম অঞ্চললৈ চিকিৎসা সাহায্য, শিক্ষা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহায় আগবঢ়ায় । অসম ৰাইফলছৰ ৩০ নং বাহিনীৰ কামাণ্ডেণ্ট কৰ্ণেল ৰাজীৱ শৰ্মাক ই টিভি ভাৰতৰ পৰা প্ৰশ্ন কৰা হৈছিল যে অসম ৰাইফলছ হৈছে উত্তৰ-পূবৰ চেণ্টিনেল,কেনেকৈ উত্তৰ পূৰ্বাঞ্চলত সুৰক্ষাৰ দায়িত্ব পালন কৰে ? কৰ্ণেল শৰ্মাৰ পোনপটীয়া উত্তৰ আছিল, "সঠিকভাৱে ক’ব পাৰি যে আমি সঁচাকৈয়ে উত্তৰ-পূবৰ চেণ্টিনেল ৷ জনসাধাৰণক পহৰা আৰু সুৰক্ষা দিওঁ ৷ তদুপৰি অঞ্চলটোৰ উন্নয়ন আৰু সমৃদ্ধিত অৰিহণা যোগাইছো ৷"

নিৰাপত্তাৰ দিশত অসম ৰাইফলছ :

আইন-শৃংখলা বজাই ৰখা, বিদ্ৰোহবিৰোধী অভিযান আৰু বাহ্যিক ভাবুকিৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ দায়িত্ব অসম ৰাইফলছৰ ৷

মানৱীয় সাহায্যৰ ক্ষেত্ৰত অসম ৰাইফলছ :

অসম ৰাইফলছে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানৱীয় সাহায্য, চিকিৎসা সাহায্য আৰু সাহায্য প্ৰদান কৰে ৷ যাৰ ফলত তেওঁলোক জনসাধাৰণৰ বিশ্বাসযোগ্য বন্ধু ।

উন্নয়নমূলক কাৰ্যসূচী :

অসম ৰাইফলছ সম্প্ৰদায় উন্নয়ন প্ৰকল্প; যেনে আন্তঃগাঁথনি নিৰ্মাণ, শিক্ষাৰ প্ৰসাৰ, স্থানীয় জনগোষ্ঠীক সবলীকৰণ, স্বাস্থ্য শিবিৰ, পশু চিকিৎসা আৰু পৰিৱেশ সংৰক্ষণ, গছ বাগিচা, বৰষুণৰ পানী সংগ্ৰহ ইত্যাদিত জড়িত ৷

নিৰাপত্তা বাহিনী আৰু স্থানীয় জনসাধাৰণৰ মাজত আস্থা আৰু সহযোগিতা গঢ়ি তোলাৰ দিশত অসম ৰাইফলছে বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছে ৷ আনহাতে এই বাহিনীয়ে বহু সময়ত দেশৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত বহুতো অসুবিধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৷

কঠিন ভূখণ্ডৰ সমস্যা :

উত্তৰ-পূব অঞ্চলত প্ৰত্যাহ্বানমূলক ভূখণ্ড আছে ৷ ঘন অৰণ্য, পাহাৰ আৰু দুৰ্গম অঞ্চলৰ উপৰিও বৰষুণ আৰু ভূমিস্খলনে অসম ৰাইফলছৰ কাৰ্যকলাপত বাধাৰ সৃষ্টি কৰে ৷ এ আৰ কৰ্মীসকলৰ বাবে প্ৰৱেশ আৰু টহল দিয়াত অসুবিধাৰ সৃষ্টি কৰে ।

সীমিত আন্তঃগাঁথনি :

কৰ্ণেল শৰ্মাই কয় যে উত্তৰ-পূবৰ কিছুমান অঞ্চলত মৌলিক আন্তঃগাঁথনিৰ অভাৱ ৷ ইয়াৰ ভিতৰত পথ, যোগাযোগৰ ব্যৱস্থা, চিকিৎসাৰ সুবিধা আদি অন্যতম ৷ যাৰ ফলত বাহিনীৰ কৰ্মীসকলৰ বাবে ফলপ্ৰসূভাৱে কাম কৰাত অসুবিধাৰ সৃষ্টি হয় ।

সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত অসম ৰাইফলছ :

এই বাহিনীয়ে দেশৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সুৰক্ষাৰ দায়িত্ব পালন কৰে । উত্তৰ-পূবত ম্যানমাৰ, চীন, বাংলাদেশ, নেপালৰ দৰে দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে, যাৰ বাবে সীমান্ত ব্যৱস্থাপনা আৰু চোৰাংচোৱাবিৰোধী অভিযান অতি গুৰুত্বপূৰ্ণ । সেয়া অসম ৰাইফলছৰ নিৰীক্ষণত আছে ।

উগ্ৰপন্থীৰ কাৰ্যকলাপ :

এই অঞ্চলটোত বিদ্ৰোহৰ ইতিহাস আছে ৷ যাৰ বাবে অসম ৰাইফলছ অহৰহ সজাগ হৈ থকাৰ লগতে এই ভাবুকিসমূহ প্ৰতিহত কৰিবলৈ সদায় সাজু থাকিব লাগে ।

বৈচিত্ৰপূৰ্ণ সংস্কৃতি আৰু ভাষা :

ভিন্ন জনগোষ্ঠীৰ গাঁথনি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত এক বৃহৎ প্ৰত্যাহ্বান ৷ উত্তৰ-পূব বিভিন্ন জাতি-জনগোষ্ঠী, সংস্কৃতি, আৰু ভাষাৰ বাসস্থান ৷ কেতিয়াবা অসম ৰাইফলছৰ কৰ্মীসকলৰ বাবে যোগাযোগৰ ব্যৱস্থাই এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ।

এই প্ৰত্যাহ্বানসমূহৰ মাজতো অসম ৰাইফলছে জনসাধাৰণৰ আস্থা আৰু সহযোগিতা বজাই ৰাখি নিজৰ নিৰাপত্তা কাৰ্যকলাপৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷ অঞ্চলটোৰ অনান্য সমস্যাৰ সৈতে খাপ খাই উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসম ৰাইফলছে ।

অসম ৰাইফলছৰ এটা আইডিয়া ইনভেনশ্যন কেন্দ্ৰ আছে ৷ যাৰ জৰিয়তে অন্য সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ সমান্তৰালভাৱে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হয় । বৰ্তমানৰ বিশ্বৰ নতুন নতুন প্ৰযুক্তিৰ সময়ত নতুন নতুন উদ্ভাৱনৰ লগত সেনাৰ লোক জড়িত ৷ কিদৰে নতুন অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ আৰু হিংসাজৰ্জৰিত এলেকাত মোকাবিলা কৰিব লাগে তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

ই টিভি ভাৰতক এগৰাকী মহিলা জোৱানে কয়, ‘‘অসম ৰাইফলছ দেশৰ ভিতৰতে এক বহুত পুৰণি বাহিনী ৷ অন্য সামৰিক বাহিনীৰ দৰে ৰাইফলছেও কাম কৰি আহিছে ৷ ইয়াত নিজকে অংশীদাৰ কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰো ৷ কাৰণ অসম ৰাইফলছৰ এক সুকীয়া বৈশিষ্ট্য আছে নিজৰ দেশৰ লোক যেতিয়া বিচলিত হৈ অন্য পথ বাছি লয় ৷ তেওঁলোকক ঘূৰাই আনি উন্নত ভৱিষ্যতৰ বাবে ব্যৱস্থা কৰো ।’’

অসম ৰাইফলছৰ মহিলা বাহিনীয়ে পুৰুষ জোৱানৰ সমান্তৰালভাৱে দায়িত্ব পালন কৰে, বিভিন্ন অপাৰেশ্যনত ভাগ লয় । এগৰাকী মহিলা হিচাবে যিদৰে পৰিয়ালৰ দায়িত্ব পালন কৰে, ঠিক সেইদৰে দেশৰ বাবেও নিয়োজিত হৈছে । বৰ্তমান মহিলা কামাণ্ডিং বিষয়া আছে আৰু এদিন মহিলাই সেনাৰ প্ৰধান হোৱাটো একো অসুবিধা নহয় বুলি এগৰাকী মহিলা জোৱানে মন্তব্য কৰে । ভৱিষ্যতে পেৰা কামাণ্ডৰ বিষয়া হোৱাৰ পৰিকল্পনাৰে অসম ৰাইফলছৰ অধীনত NCC ত প্ৰশিক্ষণ লৈ আছে এগৰাকী ছাত্ৰীয়ে । কামাণ্ডো বাহিনীত যোগদান কৰাৰ বাবে হেঁপাহ ৰাখিছে প্ৰশিক্ষাৰ্থীগৰাকীয়ে ।

উল্লেখ্য যে অসম ৰাইফলছে শান্তিৰক্ষা, সন্ত্ৰাসবাদবিৰোধী আৰু সম্প্ৰদায় উন্নয়নৰ কামকাজৰ সৈতে জড়িত হোৱাকে ধৰি উত্তৰ-পূব ভাৰতৰ আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত অৱদানৰ বাবে পৰিচিত ।

লগতে পঢ়ক : পুনৰ পৰাধীন হোৱাৰ দিশে আমি: কিয় ক্ষোভ উজাৰিলে প্ৰবীণ মুক্তিযোদ্ধাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.