ৰঙিয়া, 1 মাৰ্চ : অৱশেষত সম্পূৰ্ণ হ’ল ৰঙিয়া উকীল সন্থাৰ নৱ-নিৰ্মিত কাৰ্যালয় ভৱনটো ৷ পূৰণ হ’ল উকীল সন্থাৰ দীৰ্ঘদিনীয়া এটা আশা ৷ শুকুৰবাৰে নতুনকৈ নিৰ্মাণ কৰা কাৰ্যালয় ভৱনটিৰ শুভ উদ্বোধন কৰা হয় ৷ স্থানীয় পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ আৰু উপ পৌৰপতি বিদ্যুৎ ডেকাৰ অনুদানেৰে আৰু স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সহযোগেৰে নিৰ্মাণ কৰা হয় ভৱনটো ৷
- " class="align-text-top noRightClick twitterSection" data="">
নৱ-নিৰ্মিত ভৱনটি উদ্বোধনৰ বাবে পুৱাৰ ভাগত বিষ্ণুপূজা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷ কাৰ্যালয় ভৱনটিৰ প্ৰৱেশদ্বাৰৰ ফিটা কাটি ভৱনটি ৰাইজলৈ উৎসৰ্গিত কৰে জেষ্ঠ্য অধিবক্তা হিৰণ্য চৌধুৰীয়ে ৷ উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে ৰঙিয়া উকীল সন্থাৰ সভাপতি গোপাল কাকতিয়ে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানসূচীৰ প্ৰাৰম্ভিকতে গছপুলি ৰোপণ কৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ অনিল কুমাৰ বাচ্ফৰে ৷
নৱ-নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কাৰ্যসূচীত আমন্ত্ৰিত পাঠকৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰা হয় ৷ ৰঙিয়া উকীল সন্থাৰ সম্পাদক চৈয়দ মোস্তাফা আহমেদে আঁত ধৰে অনুষ্ঠানটো ৷ বিশিষ্ট গীতিকাৰ বেণুধৰ কলিতাৰ দ্বাৰা ৰচিত আৰু সংগীত শিল্পী প্ৰভাত নাথৰ দ্বাৰা সুৰাৰোপিত ৰঙিয়া উকীল সন্থাৰ শিল্পীবৃন্দৰ দ্বাৰা পৰিবেশিত শীৰ্ষক গীতেৰ মুকলি সভা আৰম্ভ কৰা হয় ।
সভাখনত অতিৰিক্ত সত্ৰ ন্যায়াধীশ অনিল বাচ্ফৰ, মহকুমা ন্যায়াধীশ চুইটি ভূঞা, অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, ৰঙিয়া উকীল সন্থাৰ প্ৰাক্তন সভাপতি মকিব তালুকদাৰ, জেষ্ঠ্য অধিবক্তাবৃন্দ ক্ৰমে চিৰাজুদ্দিন আলী আহমেদ, গৌতম চক্ৰৱৰ্তী, চিদানন্দ ডেকা, ভাস্কৰ বৰুৱা, চৰিফুদ্দিন আহমেদ তথা শতাধিক অধিবক্তা আৰু ৰাইজে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : ঘৰ এৰি যোৱাৰ আগত দুবাৰ ভাবক, ৰেহাই নাপালে চৰকাৰী বিষয়াও