ETV Bharat / state

কাজিৰঙাত টাটাৰ পঞ্চতাৰকা হোটেল : প্ৰতিবাদৰ মাজতে দিছপুৰত বুজাবুজিৰ চুক্তি - Five star hotel in Kaziranga

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 7:41 PM IST

Assam govt MoU with Tata : কাজিৰঙাত নিৰ্মাণ কৰা হ’ব প্ৰথমখন পঞ্চতাৰকা হোটেল ৷ তাজ ৰিজ’ৰ্ট আৰু স্পাৰ অধীনত নিৰ্মাণ কৰা হ’ব হোটেলখন ৷ অসম পর্যটন উন্নয়ন নিগমৰ সম্পন্ন হ’ল চুক্তি সাক্ষৰ ৷

Assam govt MoU with Tata
কাজিৰঙাত পঞ্চতাৰকা হোটেল : টাটাৰ সৈতে বুজাবুজি চুক্তি (X/@himantabiswa)

গুৱাহাটী, ৩ আগষ্ট : ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত উত্তৰণ ঘটাই সংযোজন হ’ব আন এখন পঞ্চতাৰকা হোটেল ৷ তাজ ৰিজ’ৰ্ট আৰু স্পাৰ অধীনত কাজিৰঙাত নিৰ্মাণ কৰা হ’ব প্ৰথমখন পঞ্চতাৰকা হোটেল ৷

কাজিৰঙাত পঞ্চতাৰকা হোটেল : টাটাৰ সৈতে বুজাবুজি চুক্তি (ETV Bharat Assam)

লক্ষ্যণীয় বিষয় যে কাজিৰঙাৰ হাতীখুলী চাহ বাগিচাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ এই প্ৰতিবাদৰ মাজতে আজি গুৱাহাটীত ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে অসম পর্যটন উন্নয়ন নিগম আৰু এমালগেমেটেড প্লেন্টেচনছ প্ৰাইভেট লিমিটেডৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷

এই প্ৰকল্পত বিনিয়োগ কৰা হ’ব ১২০ কোটি টকা আৰু দুই শতাধিক লোকে ইয়াত প্ৰত্যক্ষ নিযুক্তি লাভ কৰিব ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ পৰ্যটন উদ্যোগ তেতিয়া সফল হ’ব যেতিয়া মানুহে অসমলৈ আহি টকা খৰচ কৰিব ৷ অসমলৈ আহি পৰ্যটকে দুটা দিন বেছিকৈ নাথাকি দুটা টকা বেছিকৈ খৰচ নকৰিলে পৰ্যটন উদ্যোগৰ সৈতে জড়িত ব্যৱসায়ীসকল উপকৃত হ’ব নোৱাৰে ৷ কাজিৰঙাত পঞ্চতাৰকা হোটেল এখনৰ অভাৱৰ বাবে পৰ্যটক নাথাকি এদিন থাকিয়ে উভতি যায় ৷ এতিয়া তাজ হোটেল হ’লে পৰ্যটকক আৰু দুটা দিন বেছিকৈ ৰাখিব পাৰিম ৷’’

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাজিৰঙাত থাকি যোৱাৰ পিচত যোৱা বছৰত কাজিৰঙালৈ পৰ্যটক অহাৰ ৰেকৰ্ড হৈছে ৷ তাজৰ এই উদ্যোগে অসমৰ পৰ্যটন উদ্যোগটো অধিক আগুৱাই লৈ যাব ৷ গুৱাহাটীত এখন জিনজাৰ হোটেলেৰে আমি আৰম্ভ কৰিছিলো ৷ তাৰ পিচত বিভান্তা হ’ল আৰু বিভান্তাক তাজ হোটেললৈ উন্নীত কৰা হ’ব ৷ আনহাতে গুৱাহাটীৰ পৰা জাগীৰোডলৈ এই পথচোৱাৰ মাজত আৰু এখন তাজ গেটৱে’ স্থাপন কৰাৰ কথা কৰ্তৃপক্ষই জনাইছে ৷ তাজ হোটেল হওক নাইবা টাটা কোম্পানী হওক তেওঁলোক দেশৰ সকলোতে আছে ৷ কোনো কাৰণ নোহোৱাকৈ অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্প টাটা গ্ৰুপে স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে ৷ অসমৰ বিকাশৰ বাবে ইয়াত এই উদ্যোগটো কৰা হৈছে ৷ টাটাই অসমৰ অৰ্থনৈতিক বিকাশত অৱদান আগবঢ়োৱাৰ বাবেই উদ্যোগটো স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে ৷’’

অনুষ্ঠানত ভালেসংখ্যক চৰকাৰী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷ উল্লেখ্য যে কাজিৰঙাৰ হাতীখুলী চাহ বাগিচাত এই পঞ্চতাৰকা হোটেলখন নিৰ্মাণ কৰা হ’ব ৷

লগতে পঢ়ক : জাগীৰোডত সম্পন্ন টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.