ETV Bharat / state

স্মাৰ্ট চিটী গুৱাহাটীত জাবৰ নিষ্কাশনত সমস্যা ক’ত ? পৌৰ নিগমৰ পৰিকল্পনা কি গুৱাহাটীক লৈ ? - Garbage disposal problems

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 7:24 AM IST

Guwahati Municipal Corporation : মহানগৰীত আৱৰ্জনা নিষ্কাশনৰ সমস্যা এক জটিল সমস্যাৰূপে দেখা দিছে ৷ আনহাতে, ডাম্পিং গ্ৰাউণ্ডেও জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি নমাই আনিছে । নিতৌ গুৱাহাটীত হাজাৰ হাজাৰ কুইণ্টল জাবৰ ওলাই যদিও বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰাৰ সুবিধা নোহোৱাৰ বাবে কোনো কোনো স্থানত এই জাবৰবোৰ পাহাৰ সদৃশ হৈ পৰিছে । লগতে ব্যাপক হাৰত প্ৰদূষণৰো সৃষ্টি কৰিছে । স্মাৰ্ট চিটী গুৱাহাটী মহানগৰীত কেনেদৰে চলিছে আৱৰ্জনা নিষ্কাশন প্ৰক্ৰিয়া তথা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এই সন্দৰ্ভত কি কয় ? জানো আহক এই প্ৰতিবেদনযোগে...

In Guwahati, 30 per cent of people throw their garbage in sewers, roads, empty spaces
গুৱাহাটীৰ জাবৰ নিষ্কাষণত ব্যস্ত চাফাই কৰ্মী (ETV Bharat Assam)

গুৱাহাটী, 16 আগষ্ট: জাবৰৰ সমস্যাতকৈ জাবৰ পেলোৱা স্থানৰ বাবেহে বৰ্তমান সমস্যাৰ সন্মুখীন হৈছে দেশৰ পৌৰ নিগমসমূহ ৷ মুম্বাই, দিল্লী, চেন্নাই আদি মহানগৰত জাবৰ পেলোৱা স্থানৰ বিষয়টো শেহতীয়াভাৱে বৃহৎ প্রত্যাহ্বান হৈ দেখা দিছে । জাবৰ জমা কৰি ৰখা স্থানৰ অভাৱৰ বাবে কিছু বছৰ পূর্বে মুম্বাইৰ এটা জাবৰ পেলোৱা স্থান বন্ধ কৰি দিয়া হৈছে । বর্তমান মুম্বাই মহানগৰৰ জাবৰ মুম্বাইৰ দুটা স্থানত পেলোৱা হয় ।

দেশৰ নগৰ-মহানগৰবোৰত জনসংখ্যা বৃদ্ধি আৰু দোকান-পোহাৰ আদিৰ সংখ্যা বৃদ্ধিয়ে জাবৰ পেলোৱাৰ সমস্যাক অধিক জটিল কৰি তুলিছে । এক সমীক্ষা মতে, যোৱা এটা দশকত দেশৰ নগৰ-মহানগৰবোৰত জাবৰৰ পৰিমাণ 50 শতাংশ বৃদ্ধি পাইছে ।

দ্রুতগতিত নগৰীকৰণ হোৱা গুৱাহাটী মহানগৰীতো জাৱৰ পেলোৱা স্থানক লৈ সমস্যাৰ সৃষ্টি হৈছে । এই বিষয়টোৱে ইতিমধ্যে বিধানসভাতো চর্চা লাভ কৰিছে । গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই দিয়া তথ্য মতে, গুৱাহাটীত বর্তমান দৈনিক উৎপন্ন হোৱা 700 মেট্রিক টন জাবৰ পৌৰ নিগমৰ মুঠ 24 খন কমপেক্টৰ ট্রাক আৰু ডাম্পাৰেৰে কঢ়িয়াই পশ্চিম বৰাগাঁৱৰ সমীপৰ বেলৰতলত (Damping ground) পেলায় ।

পূৰ্বতে গুৱাহাটীৰ তিনি ঠাইত ক্রমে পশ্চিম বৰাগাঁৱত, বর্ষাপাৰা, আদাবাৰী আৰু চচলত গুৱাহাটীৰ আৱৰ্জনা পেলোৱা হৈছিল । পৰৱৰ্তী 2006 চনৰ পৰা গুৱাহাটীৰ জাবৰবোৰ পশ্চিম বৰাগাঁৱৰ চৰকাৰী ভূমিত পেলোৱাৰ ব্যৱস্থা কৰা হয় । পশ্চিম বৰগাঁৱলৈ জাবৰ পেলোৱা স্থান স্থানাস্তৰ কৰা হয় যদিও জমা হোৱা জাবৰবোৰ বিজ্ঞানসম্মতভাৱে পৰিশোধন নকৰা আৰু স্থানডোখৰৰ চাৰিওফালে পকা বেৰ দিয়াৰ ব্যৱস্থা কৰা নহ'ল ।

2008 চনত গুৱাহাটীৰ জাবৰ নিষ্কাশনৰ দায়িত্ব লোৱা ৰামকী নামৰ কোম্পানীটোৱে কেবাকোটি টকা খৰচ কৰি জাবৰৰ পৰা বিদ্যুৎ উৎপাদন কৰা প্ৰকল্প আৰম্ভ কৰিছিল যদিও পিছত সফল নহ'ল । এইক্ষেত্ৰত সেইসময়ত কেগৰ প্ৰতিবেদনে এই প্ৰকল্পৰ অনিয়ম তথ্য সহকাৰে উদঙাই দিছিল । পৰৱৰ্তী সময়ত পশ্চিম বৰাগাঁৱৰ জাবৰ পেলোৱা স্থানে দীপৰ বিলৰ পানী প্ৰদূষিত কৰা বুলি অভিযোগ তুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণত একাংশ লোকে কৰা গোচৰৰ পিছত সেউজ ন্যায়াধীশকৰণৰ নিৰ্দেশ মতে, চৰকাৰে পশ্চিম বৰগাঁৱৰ জাৱৰ পেলোৱা স্থান বন্ধ কৰি এই স্থান‌ বেলৰতললৈ স্থানান্তৰ কৰে । কিন্তু এই স্থানকলৈও আদালতত এটা গোচৰ বিচৰাধীন‌ হৈ আছে ।

বেলৰতলৰ জাবৰ নিষ্কাশনৰ স্থান বিজ্ঞানসন্মত হ'ব: মেয়ৰ

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰে কয়, "বেলৰতলৰ জাবৰ জমা কৰা স্থানডোখৰ 25 কোটি টকা ব্যয়সাপেক্ষে বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰি থকা হৈছে । ইয়াত বিজ্ঞানসন্মতভাৱে জাৱৰ নিষ্কাষণ কৰা হ'ব । এই প্ৰকল্পটোৰ কাম প্ৰায় শেষ পৰ্যায় পাইছে ।"

তেওঁ লগতে কয়, "গুৱাহাটীৰ তিনিটা স্থান ক্ৰমে চাবিপুল, সুন্দৰপুৰ আৰু সাতগাঁৱত জাৱৰ জমা কৰা উপকেন্দ্ৰ ( sub station) স্থাপন কৰা‌ হৈছে ।‌ ইয়াৰ‌ পৰাও জাবৰ বেলৰতললৈ নিয়া‌ হয় । পৌৰ নিগমে এনেধৰণৰ উপকেন্দ্ৰ ফাঁচীবজাৰৰ‌ পুৰণি জে’লৰ কাষত, আমিনগাঁও, আদাবাৰী আৰু মঠঘৰীয়াত স্থাপন কৰিব ।

জাবৰ য’তে ত’তে পেলোৱাৰ‌ বিৰুদ্ধে লোৱা‌ কঠোৰ ব্যৱস্থা

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন‌ শৰণীয়াই কয়, "গুৱাহাটীৰ মানুহৰ ঘৰে ঘৰে বেচৰকাৰী সংস্থাই জাৱৰ‌ সংগ্ৰহ কৰে । ইয়াক এতিয়া বিনামূলীয়া কৰা হৈছে । মাথো বাণিজ্যিক অনুষ্ঠান-প্ৰতিষ্ঠান‌ে জাবৰ সংগ্ৰহ কৰাৰ বাবে মাচুল দিব লাগে । শেহতীয়াকৈ নতুন বেচৰকাৰী সংস্থাক জাবৰ‌ সংগ্ৰহৰ বাবে নিবিদা আহ্বান কৰা হ'ব ।

তেওঁ কয়, "গুৱাহাটীত 30 শতাংশ মানুহে জাবৰ নলা, ৰাস্তা আদিত পেলায় ।‌ ইয়াৰ‌ বাবে গুৱাহাটীখন‌ প্ৰদূষিত হয় ।‌ নলা বন্ধ হৈ বান হয় । গতিকে এই 30 শতাংশ মানুহৰ বিৰুদ্ধে পৌৰ নিগমে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে ।"

গুৱাহাটীত দৈনিক জাবৰ উৎপন্ন হয় 700 মেট্টিক টন

গুৱাহাটীৰ জাৱৰ পেলোৱা স্থান : পশ্চিম বৰাগাঁৱৰ বেলৰতল

মুঠ কমপেক্টৰ আৰু ডাম্পাৰ : 24 খন

চুইপিং মেছিন : 4 খন ( এখনৰ দাম প্ৰায় 3 কোটি টকা)

অটোভান : 120 খন

গুৱাহাটীত জাৱৰ সৃষ্টি হোৱা উৎস : ( % হিচাপত)

মানুহৰ ঘৰ : 54.8

ব্যৱসায়িক প্ৰতিষ্ঠান : 18

হোটেল ৰেস্তোৰা : 3

বজাৰ : 3.8

স্কুল আৰু প্ৰতিষ্ঠান : 1

ৰাস্তা আৰু নলা : 15

নিৰ্মাণ ক্ষেত্ৰ : 1.3

অন্যান্য : 3.5

গুৱাহাটীত দৈনিক উৎপন্ন হোৱা মুঠ জাবৰৰ 60 শতাংশ পৰিশোধন কৰিব পৰা আৰু 40 শতাংশ পৰিশোধন কৰিব নোৱাৰা ।

(উৎস: গুৱাহাটী পৌৰ নিগম)

জাবৰ নিষ্কাশনৰ নিয়ম 2016:

(জাবৰ পৃথকীকৰণ )

কেন্দ্রীয় চৰকাৰে জাবৰ পৃথকীকৰণ কৰি সংগ্ৰহ কৰা সম্পর্কত 2016 চনত জাবৰ নিষ্কাশন নিয়ম 2018 বলবৎ কৰিছিল । এই নিয়মমতে, জাবৰ কেবাধৰণে সংগ্ৰহ কৰিব লাগে । প্ৰথমতে, কেঁচা আৰু শুকান জাবৰ ভাগ ভাগ কৰি সংগ্ৰহ কৰিব লাগে । শুকান জাবৰবোৰ আকৌ পৰিশোধন কৰিব পৰা আৰু পৰিশোধন কৰিব নোৱাৰা দুই ধৰণে সংগ্ৰহ কৰিব লাগে । কিন্তু গুৱাহাটীত এই নিয়ম অনুসৰি জাবৰ সংগ্ৰহ কৰা নহয় ।

চেন্টাৰ ফৰ ছাইঞ্চ এনভাইৰ’মেন্টৰ মতে, দেশৰ 90 শতাংশ নগৰ-মহানগৰত এই নিয়ম অনুসৰণ কৰা হোৱা নাই । মাত্ৰ কেৰেলাৰ কেইখনমান চহৰৰ লগতে কেৰেলাৰ আলপ্পাঝু (Alappuzha ) চহৰত আৰু গোৱাৰ পানাজী চহৰত এই নিয়ম অনুসৰণ কৰা হয় ।

পূৰ্বতকৈ উন্নত হৈছে গুৱাহাটীৰ জাবৰ নিষ্কাষণ : মেয়ৰ

মেয়ৰ শৰণীয়াই কয়, "পূৰ্বৰ 10 বছৰৰ তুলনাত এতিয়া গুৱাহাটীত জাবৰ সংগ্ৰহ কৰা প্ৰক্ৰিয়া উন্নত হৈছে । বিজ্ঞানসন্মত ‌হৈছে ।‌ ৰাস্তাত এতিয়া জাবৰ দেখিবলৈ নাই । ডাষ্টবিন আঁতৰোৱা হৈছে । বেলৰতলত বিজ্ঞানসন্মত জাবৰ নিষ্কাশনৰ প্ৰকল্প আৰম্ভ হৈছে । পৰৱৰ্তী সময়ত জাবৰ সংগ্ৰহ আৰু জাবৰ নিষ্কাশন অধিক উন্নত কৰা‌ হ'ব । এই‌ ক্ষেত্ৰত গুৱাহাটীবাসীৰ‌ সহযোগ লাগিব ।"

লগতে পঢ়ক: ডাম্পিং গ্ৰাউণ্ডে ৰুগীয়া কৰিছে টংলাবাসীক

ডাম্পিং গ্ৰাউণ্ডৰ ক’লা ধোঁৱাই জলা-কলা খুৱাইছে মৰিয়নীবাসীক

পৌৰ নিগমৰ যানশালাত উৱলিছে কোটি টকাৰ সামগ্ৰী - Guwahati Municipal Corporation

গড়মূৰ ডাম্পিং গ্ৰাউণ্ডত জাবৰকো পৰ্যবসিত কৰা হৈছে সম্পদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.