ETV Bharat / state

মাধ্যমিক স্তৰত অসমৰ ২০.২৫ শতাংশ শিক্ষাৰ্থীয়ে আধাতে ত্যাগ কৰে বিদ্যালয় - Assam Education - ASSAM EDUCATION

Academic performance in Assam : সংসদত উন্মোচিত অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ ৷ অসমত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ যথেষ্ট বেছি ৷ নিম্ন প্ৰাথমিকত আধাতে বিদ্যালয় ত্যাগ কৰে ৬.০২ শতাংশ শিক্ষাৰ্থীয়ে ৷ উচ্চ প্ৰাথমিক স্তৰত ৰাজ্যৰ ৮.৮২ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে আধাতে বিদ্যালয় ত্যাগ কৰে ৷ বিদ্যালয়সমূহত উপলব্ধ হ’বলগীয়া পর্যাপ্ত সা-সুবিধাৰ পৰাও বঞ্চিত অসমৰ শিক্ষাৰ্থীসকল ৷

Academic performance in Assam
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 4:36 PM IST

গুৱাহাটী, ৬ আগষ্ট : শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ পিচতো আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা চিন্তনীয় ৰূপত বৃদ্ধি পাই আহিছে ৷ ইফালে শিক্ষাৰ্থীৰ সংখ্যা কমি অহাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় একত্ৰিকৰণৰ সংখ্যাও বৃদ্ধি পাই আহিছে ৷ ৰাজ্যখনত ছাত্ৰ-ছাত্ৰীৰ আধাতে বিদ্যালয় ত্যাগ কৰা তথা স্কুল ড্ৰপ আউটৰ বিষয়টো নতুন নহয় যদিও শেহতীয়াকৈ এই সম্পৰ্কীয় তথ্য উন্মোচিত হৈছে সংসদৰ মজিয়াত ৷

কেৱল সেয়াই নহয়, বিদ্যালয়সমূহত উপলব্ধ হ’বলগীয়া পর্যাপ্ত সা-সুবিধাৰ পৰাও অসমৰ শিক্ষাৰ্থীসকল বঞ্চিত হোৱাৰ তথ্য সংসদৰ মজিয়াত উন্মোচিত হৈছে ৷ শেহতীয়াকৈ লোকসভাৰ প্ৰশ্নোত্তৰ কালত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপটো উন্মোচিত হয় কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দাঙি ধৰা তথ্যত ৷

আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ যথেষ্ট বেছি অসমত :

সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি অসমত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ যথেষ্ট বেছি ৷ এই হাৰৰ পাৰ্থক্য যথেষ্ট বেছি আৰু ৰাষ্ট্ৰীয় হাৰৰ সমান হ’বলৈও অসমে বহু কষ্ট কৰিব লাগিব ৷ মন্ত্ৰীগৰাকীয়ে সংসদত ইউনিফাইড ডিষ্টিক্ট ইনফৰমেচন ছিষ্টেম ফৰ এডুকেচন প্লাছৰ (ইউ ডি আই এছ ই প্লাছ) শেহতীয়া প্ৰতিবেদনৰ তথ্য দাঙি ধৰে ৷

সেই অনুসৰি অসমত নিম্ন প্ৰাথমিক স্তৰত ৬.০২ শতাংশ শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰে ৷ ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰ্যায়ত নিম্ন প্ৰাথমিক স্তৰত আধাতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ হৈছে ১.৪৫ শতাংশ ৷ ২০২১-২২ বৰ্ষৰ ইউ ডি আই এছ ই প্লাছৰ প্ৰতিবেদন অনুসৰি উচ্চ প্ৰাথমিক স্তৰত ৰাজ্যৰ ৮.৮২ শতাংশ ছাত্র-ছাত্ৰীয়ে আধাতে বিদ্যালয় ত্যাগ কৰিছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ হৈছে ৩.০২ শতাংশ ৷ আটাইতকৈ উদ্বেগৰ বিষয়টো হৈছে ৰাজ্যৰ মাধ্যমিক স্তৰত আধাতে স্কুল এৰা শিক্ষার্থীৰ পৰিসংখ্যা ৷ মাধ্যমিক স্তৰত ৰাজ্যৰ ২০.২৫ শতাংশ শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ হৈছে ১২.৬১ শতাংশ ৷

বিভিন্ন সা-সুবিধাৰ অভাৱ :

সংসদত অসমৰ বিদ্যালয়ৰ আন্তঃগাঁথনিকে ধৰি আন সা-সুবিধাৰ ক্ষেত্ৰতো কেতবোৰ তথ্য উন্মোচিত হৈছে ৷ সেই অনুসৰি নিম্ন প্ৰাথমিক স্তৰত অসমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি মাধ্যমিক তথা উচ্চ মাধ্যমিকৰ তুলনাত কিছু উন্নত ৷ তথ্য অনুসৰি শ্ৰেণীকোঠা, ল'ৰা-ছোৱালীৰ বাবে পৃথক শৌচালয়, খোৱাপানী, বৈদ্যুতিকীকৰণ আদিৰ দৰে আন্তঃগাঁথনিমূলক সা-সুবিধাৰ ক্ষেত্ৰত নিম্ন প্ৰাথমিক স্তৰৰ বিদ্যালয়সমূহৰ বাবে অনুমোদন দিয়া মুঠ ১৭,৩০১ টা সা-সুবিধাৰ ভিতৰত ১৪,৮১৮ টা সা-সুবিধা অসমৰ বিদ্যালয়সমূহত বিদ্যমান ৷

কিন্তু মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত সা-সুবিধাৰ যথেষ্ট সমস্যা আছে ৷ তথ্য অনুসৰি অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহৰ বাবে মুঠ ৬,৫৬১ টা সা-সুবিধাৰ ব্যৱস্থা থকাটো প্ৰয়োজনীয় ৷ কিন্তু অসমত এনে সা-সুধাৰ ৩,৭৩৩ টাহে আছে ৷ সংসদত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ বিভাগীয় ৰাজ্যিক মন্ত্ৰীজনে প্ৰদান কৰা তথ্যই অসমৰ ৰাজহুৱা শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷ শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তনৰ বাবে ৰাজ্য চৰকাৰে গুণোৎসৱকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও কার্যতঃ ইয়াৰ কোনো সুফল পৰিলক্ষিত হোৱা নাই ৷

শেহতীয়াকৈ চৰকাৰে চৰকাৰী শিক্ষাখণ্ডৰ বাবে নিযুত মইনা আঁচনিকে ধৰি কেবাটাও অভিলাষী আঁচনি গ্ৰহণ কৰিছে ৷ এই আঁচনিসমূহ বাস্তৱত কিমান দূৰ সফল হয় সেয়া সময়েহে ক’ব ৷

খালী হৈ আছে শিক্ষকৰ বহু পদ :

অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপটো উন্মোচিত হৈছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ অলপতে অনুষ্ঠিত পর্যালোচনা বৈঠকত ৷ তথ্য অনুসৰি অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি কৰ্মৰত হৈ আছে ৩৯,২৭৬ গৰাকী অপ্ৰশিক্ষিত শিক্ষক ৷ উক্ত শিক্ষকসকলে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে বছৰৰ পিচত বছৰ ধৰি পাঠদান কৰি আহিছে ৷ অপ্ৰশিক্ষিত এই শিক্ষকসকলৰ বাবে অতিশীঘ্ৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰণালয়ৰ পৰা নিৰ্দেশ দিয়া হৈছে ৷ আনহাতে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত খালী হৈ আছে ২৮,১৯০ টা শিক্ষকৰ পদ ৷

ইয়াৰে ১৩,২১৭ টা পদ খালী হৈ আছে প্ৰাথমিক স্তৰত আৰু ১৪,৯৭৩ টা পদ খালী হৈ আছে মাধ্যমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈ ৷ ইফালে ৰাজ্যখনৰ ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ আছে ৷ তদুপৰি ৰাজ্যখনৰ বুজনসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়লৈ উন্নীত হ’ব নোৱৰাৰ কথাও প্ৰকাশ পাইছে উক্ত পর্যালোচনা বৈঠকত ৷

সেই অনুসৰি ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.৭ শতাংশ ছাত্ৰ আৰু ৫২.৪ শতাংশ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ’ব নোৱাৰিলে ৷ ইয়াৰে একাংশই মাধ্যমিক পর্যায় উত্তীৰ্ণ হৈও উচ্চতৰ মাধ্যমিকত নামভৰ্তি নকৰিলে ৷ লক্ষ্যণীয়ভাৱে ২০১৯-২০ বৰ্ষৰ তুলনাত ২০২০-২১ বৰ্ষত মাধ্যমিক পর্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ’ব নোৱৰা ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে ৷ ২০১৯-২০ বৰ্ষত ৫১.৭ শতাংশ ছাত্ৰী উন্নীত হ’ব পৰা নাছিল ৷ কিন্তু ২০২০-২১ত উন্নীত নোহোৱা ছাত্ৰীৰ হাৰ হ’ল ৫২.৪ শতাংশ ৷ অৱশ্যে উন্নীত হ’ব নোৱৰা ছাত্ৰৰ সংখ্যা ২০১৯-২০ আৰু ২০২০-২১ত একে আছে ৷

ইপিনে সাম্প্ৰতিক সময়ত অসমৰ মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ হ’ল ৩০ শতাংশ ৷ অর্থাৎ এশজন শিক্ষার্থীৰ ৩০গৰাকীয়েই মাধ্যমিক পর্যায়তে শিক্ষা জীৱনৰ সামৰণি পেলায় ৷ ইফালে উদ্বেগজনকভাৱে অসমৰ ৩,৭১৬ খননিম্ন প্ৰাথমিক বিদ্যালয় আজিও মাত্ৰ এজনীয়া শিক্ষকেৰে চলি আছে ৷

লগতে পঢ়ক : শিক্ষামন্ত্ৰীৰ গৃহ জিলাত এজন শিক্ষকৰে চলিছে চৰকাৰী বিদ্যালয়

লগতে পঢ়ক : আমাৰ চৰকাৰ অসমৰ যুৱ সমাজৰ প্রতি দায়বদ্ধ : হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক : ২০২৫ বৰ্ষৰ গুণোৎসৱত ইউনিফৰ্মৰ নম্বৰো সংযোজিত হ’ব: শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.