ETV Bharat / state

অসমত পি এম কিষাণ সন্মান আঁচনিৰ লাখ লাখ হিতাধিকাৰী ভুৱা - CAG Report - CAG REPORT

PM Kisan Samman Nidhi Yojana: পি এম কিষাণৰ অধীনত পুঁজি মুকলি কৰি দিয়া মুঠ হিতাধিকাৰীৰ ৩৫ শতাংশই অযোগ্য । আৱেদন কৰা ৩১,২০,৪৩০ গৰাকী হিতাধিকাৰীৰ ১১,৭২,৬৮৫গৰাকী অযোগ্য হিতাধিকাৰী । অযোগ্য হিতাধিকাৰীলৈ মুকলি কৰি দিয়া ধনৰ মাত্র .২৪ শতাংশহে ঘূৰাই আনিবলৈ সক্ষম হৈছে অসম চৰকাৰ । অসমত প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনি ৰূপায়ণৰ নামত হোৱা কেলেংকাৰী উন্মোচিত হৈছে ‘কেগ’ৰ প্ৰতিবেদনত ।

PM Kisan Samman Nidhi Yojana
অসমত পি এম কিষাণ সন্মান আঁচনিৰ লাখ লাখ হিতাধিকাৰী ভুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 3:58 PM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: কৃষকক বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এখন অভিলাষী আঁচনি হৈছে 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি' আঁচনি । এই আঁচনিৰ অধীনত কৃষকসকলে প্ৰতি বছৰে ছয় হাজাৰ টকাৰ সাহায্য লাভ কৰে । এই নগদ ধন কৃষকসকলৰ বেংক একাউণ্টত কিস্তি হিচাপত পোনপটীয়াকৈ জমা হয় । প্ৰতি চাৰি মাহত এবাৰকৈ ধন কৃষকসকলৰ একাউণ্টত জমা হয় । কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিখন ৰূপায়ণৰ বেলিকা অসমত দুৰ্নীতি-অনিয়ম হৈছে । অসমত প্রধানমন্ত্রী কিষাণ সন্মান নিধি বা পি এম কিষাণ আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা কেলেংকাৰী ‘কেগ’ৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ।

PM Kisan Samman Nidhi Yojana
জিলাভিত্তিক নকল পঞ্জীয়ন (ETV Bharat Assam)

কেগৰ প্ৰতিবেদনত উন্মোচিত দুৰ্নীতি-অনিয়ম :

'কেগ'ৰ প্ৰতিবেদনত উল্লেখ আছে যে পি এম কিষাণৰ অধীনত পুঁজি মুকলি কৰি দিয়া মুঠ হিতাধিকাৰীৰ ৩৫ শতাংশই এই আঁচনিৰ বাবে অযোগ্য । লগতে এই কথাও উল্লেখ কৰা হৈছে যে পি এম কিষাণ আঁচনিৰ অধীনত মুকলি কৰি দিয়া মুঠ ধনৰ ২৪ শতাংশই অযোগ্য হিতাধিকাৰীৰ হাতত পৰিছেগৈ । ২০১৮ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ মাৰ্চ পর্যন্ত কেগে চলোৱা অনুসন্ধানত পোহৰলৈ আহিছে যে পি এম কিষাণ প'ৰ্টেলত অসমৰ পৰা দাখিল কৰা ৪১,৮৭,০২৩ খন আৱেদনৰ ১০,৬৬,৫৯৩ খন আৱেদন অর্থাৎ ২৫ শতাংশ আৱেদন পি এম কিষাণ প'ৰ্টেল আৰু পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমে নাকচ কৰে ।

PM Kisan Samman Nidhi Yojana
বিভিন্ন শ্ৰেণীৰ নিৰ্বাচিত জিলাভিত্তিক অযোগ্য হিতাধিকাৰী (ETV Bharat Assam)

ইফালে ৰাজ্য চৰকাৰেও এক তদন্ত ঘোষণা কৰি ২০২০ চনৰ মে'ৰ পৰা জুলাইলৈকে পুংখানুপুংখ তদন্ত কৰি ঘোষণা কৰে যে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এই আঁচনিত আৱেদন কৰা ৩১,২০,৪৩০ গৰাকী হিতাধিকাৰীৰ ১১,৭২,৬৮৫গৰাকী অর্থাৎ ৩৭ শতাংশ‍ই ভুৱা বা অযোগ্য হিতাধিকাৰী । ‘কেগ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে এই ভুৱা বা অযোগ্য হিতাধিকাৰীলৈ মুকলি কৰি দিয়া ধনৰ মাত্র .২৪ শতাংশহে ৰাজ্য চৰকাৰে ২০২১ চনৰ অক্টোবৰ পৰ্যন্ত ঘূৰাই আনিবলৈ সক্ষম হৈছে । আনহাতে ঘূৰাই পোৱাখিনি কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰালয়ক ৰাজ্য চৰকাৰে ঘূৰাই দিয়া নাই ।

PM Kisan Samman Nidhi Yojana
জিলা অনুসৰি সক্ৰিয় আৰু নিষ্ক্ৰিয় ইউজাৰ আই ডিৰ স্থিতি (ETV Bharat Assam)

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কিস্তি সোমালনে নাই কেনেদৰে জানিব ? - PM Kisan Samman Nidhi

লক্ষণীয় বিষয় যে চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ আদিও হিতাধিকাৰী হোৱা এই আঁচনিত ২০২০ চনৰ মে'ৰ পৰা জুলাইলৈ ৰাজ্যত ১৫,৫৯,২৮৬গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰা বুলিও কেগে উল্লেখ কৰে । তাৎপৰ্যপূৰ্ণ কথা যে ভেৰিফিকেশ্যন ৰিপ'ৰ্টত প্ৰকাশ পোৱা মতে ১৫ লক্ষাধিক ভুৱা বা অযোগ্য হিতাধিকাৰীৰ ৭২.৫৪ শতাংশ অর্থাৎ ১১,৩১,১৫২ গৰাকীৰ কোনো সন্ধানেই ওলোৱা নাই । ভেৰিফিকেশ্যন ৰিপ'ৰ্ট আৰু ৰাজ্যিক ন’ডেল বিষয়াই দিয়া ভুৱা হিতাধিকাৰীৰ সংখ্যাৰ মাজত ইমান বৃহৎ পাৰ্থক্যৰ বিষয়ে কেগৰ অ'ডিটৰে প্ৰশ্ন কৰাত ৰাজ্য চৰকাৰে জনায় যে আন এক ভেৰিফিকেশ্যন চলোৱা হৈছিল সেয়ে তথ্যটো ‘ডায়েনেমিক' আছিল । এই কথাও কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

PM Kisan Samman Nidhi Yojana
সময় অনুযায়ী মোকলাই দিয়া পুঁজি (ETV Bharat Assam)

কেগে অনুসন্ধান চলোৱা ১৬খন জিলাত এই কথা পোহৰলৈ আহিছিল যে আঁচনি ৰূপায়ণত বিভাগীয় কোনো মনিটৰ নাছিল আৰু নিয়ম-নীতি মানি চলা হোৱা নাছিল । এই ১৬খন জিলাৰ লগতে বৰপেটা জিলাত সৰ্বাধিক ভুৱা হিতাধিকাৰী থকাটো কেগে পোহৰলৈ আনিছিল । কেগৰ অনুসন্ধানে ১১খন জিলাৰ ২২টা ব্লক আৰু ৬৬খন গাঁও সামৰি লৈছিল । কেগে প্ৰতিবেদনত উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে প্ৰকৃত হিতাধিকাৰীক সুবিধা প্ৰদান কৰাতকৈ কম সময়ত অধিক হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাতহে অগ্ৰাধিকাৰ দিছিল ।

PM Kisan Samman Nidhi Yojana
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ প্ৰক্ৰিয়া (ETV Bharat Assam)

কেগৰ দলে এছ এন অ’ডাটাবেচ পৰীক্ষা কৰি ভুৱা পঞ্জীয়ন নম্বৰেৰে একে বেংক একাউণ্টকে বহুবাৰ ভুৱাকৈ পঞ্জীয়ন কৰি বহু সা-সুবিধা লৈ থকাটোও পোহৰলৈ আনে । ৩৩খন জিলাৰ ভিতৰত ১৬খন জিলাত কেগে এনে ৩,৫৭৭ ভুৱা পঞ্জীয়ন থকা বেংক একাউণ্ট ধৰা পেলাই আৰু যিবোৰলৈ ৩.০১ কোটি টকা মুকলি কৰি দিয়া হৈছিল । কেগৰ মতে অসমে আঁচনিখনৰ উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে ।

PM Kisan Samman Nidhi Yojana
পঞ্জীয়ন প্ৰক্ৰিয়াৰ পদ্ধতি (ETV Bharat Assam)

লগতে পঢ়ক: শোণিতপুৰৰ ৩৫,২২৮ গৰাকী যোগ্য কৃষকলৈ পি এম কিষাণ আঁচনিৰ ১৭ নং কিস্তিৰ ধন - PM Kisan Samman Nidhi

অসম চৰকাৰলৈ কেগৰ পৰামৰ্শ :

  • অসম চৰকাৰে ডাটা প্ৰবিষ্টিৰ সকলো বিসংগতি সংশোধন কৰা আৰু পি এম-কিষান পৰ্টেল আৰু পি এফ এম এচ-ৰ দ্বাৰা প্ৰথম আৰু দ্বিতীয় স্তৰৰ বৈধকৰণৰ সময়ত প্ৰত্যাখ্যান কৰা তথ্য নিশ্চিত কৰিবলৈ কাৰ্যকৰী পদক্ষেপ লোৱা উচিত । যিসমূহ ভাৰত চৰকাৰৰ প্রাসঙ্গিক এছ অ' পি-ৰ ব্যৱস্থা অনুসৰি প্ৰয়োজনীয় সংশোধন কৰাৰ পিছত নতুনকৈ আপলোড কৰাৰ বাবে প্ৰমাণিত কৰা হয় ।
  • অসম চৰকাৰে নিশ্চিত কৰিব লাগে যে কৃষক পৰিয়াল সমূহৰ ভূমি ধাৰণৰ ডাটাবেচ সৃষ্টি কৰা হয় আৰু সকলো যোগ্য ভূমি ধাৰক কৃষক পৰিয়ালে আঁচনিখনৰ সুবিধা লাভ কৰে ।
  • অসম চৰকাৰে এক কাৰ্যকৰী নিৰীক্ষণ প্ৰণালী প্ৰতিষ্ঠা কৰা আৰু ৰাজ্যিক পৰ্যায়ৰ সমীক্ষা, নিৰীক্ষণ আৰু অভিযোগ নিষ্পত্তি সমিতিৰ (এচ এল আৰ এম এ এণ্ড জি আৰ চি) কার্যকলাপসমূহ সঠিকভাৱে নথিভুক্ত কৰাটো নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত ।
  • অসম চৰকাৰে নিশ্চিত কৰিব লাগে যে অযোগ্য হিতাধিকাৰীসকলক মুকলি কৰা লাভালাভসমূহ পুনৰুদ্ধাৰ কৰা হয় আৰু পলম নকৰাকৈ ভাৰত চৰকাৰক ঘুৰাই দিয়া হয় ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ভূমিকা :

কৃষকক বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ কেন্দ্ৰৰ এখন অভিলাষী আঁচনি হৈছে 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি' আঁচনি । কৃষকসকলে সাধাৰণতে শস্য চক্রৰ শেষত পৰৱৰ্তী শস্যৰ বাবে বিত্তীয় প্ৰয়োজন পূৰণ কৰিবলৈ সমস্যাৰ সন্মুখীন হয় । এই সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে ২০১৮ চনত পি এম কিষাণ আঁচনি ঘোষণা কৰিছিল ।

এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলে এটা বিত্তীয় বৰ্ষত ৬০০০ টকাকৈ সাহায্য লাভ কৰিব । এই সাহায্য তিনিটা সমান কিস্তিত ২০০০ টকাকৈ প্ৰদান কৰা হয় । এই সহায়ৰ জৰিয়তে কৃষকসকলে প্ৰতিবাৰ শস্য চক্রৰ পাছত উদ্ভৱ হোৱা তেওঁলোকৰ কিছু চাহিদা পূৰণ কৰিব পাৰে । এই কিস্তিসমূহ কৃষকৰ একাউণ্টত ডিবিটি পদ্ধতিৰ জৰিয়তে পোনপটীয়াকৈ জমা কৰা হয় । ২০২৪ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত ১১ কোটি কৃষকে এই আঁচনিৰ পৰা সাহায্য লাভ কৰিছে আৰু চৰকাৰে ২.৮০ লাখ কোটি টকা হস্তান্তৰ কৰিছে ।

কিদৰে লাভ কৰিব পাৰি আঁচনিখনৰ সুবিধা :

যোগ্য কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে অনলাইন, অফলাইন আৰু চি এছ চি কেন্দ্ৰৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে । পি এম কিষাণ আঁচনিৰ বাবে ইয়াৰ ডেডিকেটেড ম'বাইল এপৰ জৰিয়তেও আবেদন কৰিব পাৰি । ভূমিৰ অধিকাৰী সকলো কৃষক পৰিয়ালে এই পি এম কিষাণ আঁচনিৰ সুবিধা লাভ কৰিব পাৰে ।

লগতে পঢ়ক: টীয়কত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পোনপটীয়া সম্প্ৰচাৰ : কেন্দ্ৰীয় মন্ত্ৰীৰ কৃষকৰে মতবিনিময় - PM Kisan Samman Nidhi

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.