ETV Bharat / state

গণতান্ত্ৰিক দেশত আন্দোলন কৰাৰ প্ৰত্যেকৰে অধিকাৰ আছে: অৰণ্য মানৱ যাদৱ পায়েং - Protest against CAA notification

Protest against CAA notification : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত কা বিৰোধী প্ৰতিবাদ ৷ কা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙৰ ৷ ইফালে মাজুলীতো জাৰি কৰা হৈছে 144 ধাৰা ৷

Padmashree Jadav Payeng
পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙ
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 8:23 AM IST

Updated : Mar 13, 2024, 9:31 AM IST

গণতান্ত্ৰিক দেশত আন্দোলন কৰাৰ প্ৰত্যেকেৰে অধিকাৰ আছে: অৰণ্য মানৱ যাদৱ পায়েং

নিউজ ডেস্ক, 13 মাৰ্চ: ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলৱতৰ বিৰুদ্ধে ৷ কা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙে । যাদৱ পায়েঙে কয়, "গণতান্ত্ৰিক দেশত আন্দোলন কৰাৰ প্ৰত্যেকৰে অধিকাৰ আছে ৷ শান্তিপূৰ্ণ আন্দোলনক কোনোৱে বাধা দিব নোৱাৰে । ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ কৰাৰ পাচত কা গৃহীত হৈছে ৷ গতিকে আন্দোলন কৰিলেও কা বাতিল কৰিব নোৱাৰে ৷"

লগতে পায়েঙে কয়, "আমি সকলোৱে অনুধাৱন কৰা প্ৰয়োজন যে কা বলৱতৰ জৰিয়তে ত্ৰিপুৰা দৰে গতি যাতে অসমৰ নহয় ৷ সেই ক্ষেত্ৰত চৰকাৰ সৈতে আলাপ-আলোচনা কৰাৰ প্ৰয়োজন । কাৰণ অসম এখন সীমামূৰীয়া ৰাজ্য ৷"

সোমবাৰৰ নিশা আৰু মংগলবাৰে যোৰহাটত কা বিৰোধী প্ৰতিবাদ তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে ৷ আৰক্ষী-প্ৰশাসনলৈ কোনো ভ্ৰুক্ষেপ নকৰি যোৰহাট নগৰৰ মাজমজিয়াৰ লগতে জিলাখনৰ ভিন্ন প্ৰান্তত যোৰহাট জিলা ছাত্র সন্থা, অসম সেনা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি, ছাত্ৰ মুক্তি, নাগৰিক সমাজ, আটছাকে আদি কৰি বিভিন্ন অৰাজনৈতিক আৰু ৰাজনৈতিক দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

সমান্তৰালভাৱে, কা বলৱতৰ বিৰুদ্ধে ধেমাজি জিলা আছুয়ে বিশাল জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে ৷ ধেমাজি সদৰত আছুৰ সমদলক বাধা প্ৰদান কৰে আৰক্ষী-প্ৰশাসনে ৷ আৰক্ষীৰ সৈতে তীব্ৰ হতাহতি প্ৰতিবাদকাৰীৰ ৷

আনহাতে,সদৌ অসম ছাত্ৰ সন্থাৰ মাজুলী জিলা সমিতিয়ে মাজুলী জিলাত আছুৰ উদ্যোগত বিশাল জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰাৰ পাচতে 144 ধাৰা জাৰি কৰিলে মাজুলী জিলা প্ৰশাসনে । জিলাখনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰদান কৰা হৈছে এই নিৰ্দেশ ৷ পৰৱৰ্তী নিৰ্দেশ প্ৰদান নকৰা পৰ্যন্ত বাহাল থাকিব 144 ধাৰা ৷

In a democratic country, everyone has the right to protest says Yadav Payeng on CAA

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কা সন্দৰ্ভত কয়, "আই এম ডি টি যেনেকৈ চুপ্ৰিম ক’ৰ্টে বাতিল কৰিলে ঠিক তেনেকৈ কা-ৰ সন্দৰ্ভতো চুপ্ৰিম ক’ৰ্টে কি সিদ্ধান্ত দিয়ে তালৈ অপেক্ষা কৰিব লাগে ৷ আমি কা লাগিবই বুলি আন্দোলন কৰা নাই ৷ আমাৰ বিশ্বাস জাতিৰ কাৰণে যি মংগল তাৰ সপক্ষেই চুপ্ৰিম ক’ৰ্টে ৰায় দিব ৷"

জামুগুৰিহাটৰ ইটাখোলাত 60 কোটি টকাৰ এটা পথৰ শিলান্যাস অনুষ্ঠানত উপস্থিত হৈ এই বক্তব্য আগবঢ়ায় হাজৰিকাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: 'কা'ৰ বিৰুদ্ধে ৰাজ্য়ত প্রতিবাদৰ জোৱাৰ : আছু-বীৰ লাচিত সেনাৰ সকীয়নি

Last Updated : Mar 13, 2024, 9:31 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.