ETV Bharat / state

১৯৪২ চনৰ ২০ আগষ্টত চতিয়া থানাত কোনে উত্তোলন কৰিছিল ত্ৰিৰংগ পতাকা ! - Sootea Police Station Flag Hoisting - SOOTEA POLICE STATION FLAG HOISTING

Sootea Police Station : ১৯৪২ চনৰ ২০ আগষ্টত অৰ্থাৎ দেশৰ স্বাধীনতাৰ পূৰ্বেই প্ৰথমবাৰৰ বাবে চতিয়া থানাত উত্তোলন কৰা হৈছে জাতীয় পতাকা । শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এই স্মৃতি ৰোমন্থন কৰি ঘোষণা কৰে যে ২০ আগষ্টৰ দিনটো কেৱল চতিয়াবাসীয়েই নহয় ৰাজ্যজুৰি উদযাপন কৰা হ'ব । কিন্তু আপুনি জানেনে কোনে এই জাতীয় পতাকা উত্তোলন কৰিছিল ?

Sootea Police Station
১৯৪২ চনৰ ২০ আগষ্টত চতিয়া থানাত কোনে উত্তোলন কৰিছিল ত্ৰিৰংগ পতাকা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 8:29 AM IST

তেজপুৰ, ৩১ আগষ্ট : ভাৰতৰ স্বাধীনতাৰ ৭৮ বছৰৰ অন্তত প্ৰথমবাৰৰ বাবে বিধানসভাত স্বীকৃতি লাভ কৰিলে শোণিতপুৰ জিলাৰ চতিয়া থানাই । ৰাজ্যৰ বিধানসভা সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই বিষয়টো উত্থাপন কৰাৰ পিচতে সদনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে ১৯৪২ চনৰ ২০ আগষ্টত প্ৰথমখন জাতীয় পতাকা উত্তোলন কৰা ঐতিহাসিক চতিয়া থানাৰ ঘটনাৰ স্মৃতি স্বৰূপে সমগ্ৰ ৰাজ্যতে এই দিনটো পালন কৰা হ'ব ।

তেজপুৰ সদৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগত থকা থানাখনত এই জাতীয় পতাকা উত্তোলন কৰাৰ বিষয়ে জানেনে ? চতিয়া থানাত কোনে উত্তোলন কৰিছিল জাতীয় পতাকা ?

  • চতিয়া থানাৰ বিশেষত্ব :

ঐতিহাসিক চতিয়া থানা সেই সময়ৰ দৰং জিলা আৰু পৰৱৰ্তী সময়ত অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত চতিয়া বিধানসভা সমষ্টিৰ তিনিখন থানা আৰু দুখন আৰক্ষী চকীৰ ভিতৰত অন্যতম এখন থানা । ব্ৰিটিছ শাসনৰ সময়ত এই থানা ব্ৰিটিছ আৰক্ষীৰ দ্বাৰা পৰিচালিত আছিল ।

Sootea Police Station
ঐতিহাসিক চতিয়া থানা (ETV Bharat)

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ১৯৪২ চনৰ ২০ আগষ্টত অসমৰ দৰং জিলাৰ চতিয়া থানাত প্ৰথমবাৰৰ বাবে জাতীয় পতাকা উত্তোলন কৰা হৈছিল । এই অনুষ্ঠানটোক পৰৱৰ্তী সময়ত 'চতিয়া দিৱস' হিচাপে উদযাপন কৰা হয় । চতিয়াত ব্ৰিটিছৰ গোলামী পতাকা নমাই চৰকাৰী কাৰ্যালয়ত ত্ৰিৰংগ পতাকা প্ৰথমবাৰৰ বাবে উত্তোলন কৰা বুলি বিবেচিত হয় । সেই সময়ত চতিয়া থানাৰ আৰক্ষীয়ে কোনো বাধা প্ৰদান আৰু কোনো হিংসাত্মক ঘটনা সংঘটিত হ'বলৈ দিয়া নাছিল বুলি জনা যায় ।

  • পতাকা উত্তোলনৰ পৰামৰ্শ :

স্বাধীনতা আন্দোলনত ভাগ লোৱা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰামৰ্শ অনুসৰি ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো থানাতে ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ পৰিকল্পনা কৰা হয় । যাৰ বাবে লোকনায়ক অমিয় কুমাৰ দাসে তেজপুৰত, তেজপুৰ কংগ্ৰেছ কমিটীৰ এখন বৈঠকৰ আয়োজন কৰিছিল । সেই সময়ত ৰাজ্যত কংগ্ৰেছৰ সকলো বিশিষ্ট নেতাক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে গ্ৰেপ্তাৰ নহ'ল অমিয় কুমাৰ দাস ।

Sootea Police Station
ঐতিহাসিক চতিয়া থানা (ETV Bharat)

পৰৱৰ্তী সময়ত বিজয় চন্দ্ৰ ভাগৱতী, বিমান চন্দ্ৰ বৰা আৰু কংগ্ৰেছৰ প্ৰায় ১২ জন সদস্যৰ উপস্থিতিত তেজপুৰত অনুষ্ঠিত হোৱা বৈঠকত চতিয়া থানাত পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু সেইটো সম্পন্ন কৰাৰ দায়িত্ব বিমান চন্দ্ৰ বৰাক অৰ্পণ কৰা হয় । বিমান চন্দ্ৰ বৰাই তেজপুৰৰ পৰা গৈ চতিয়াত উপস্থিত হৈ অঞ্চলৰ বহু বিশিষ্ট নেতাক আলোচনাৰ বিষয়ে বিতংভাৱে অৱগত কৰে ।

১৯৪২ চনৰ ১১ আগষ্টত বিজয় চন্দ্ৰ ভাগৱতী আৰু কামাখ্যা প্ৰসাদ ত্ৰিপাঠীক চতিয়াৰ কছাৰীগাঁৱৰ নামঘৰত অনুষ্ঠিত সাধাৰণ সভাত ভাষণ দি স্বাধীনতা আন্দোলনৰ প্ৰতি মানুহক উচটনি দিয়াৰ অপৰাধত প্ৰশাসনে গ্ৰেপ্তাৰ কৰে । অৱশ্যে জ্যোতিপ্ৰসাদৰ পৰিকল্পনা অনুসৰি ২০ ছেপ্টেম্বৰত পতাকা উত্তোলন কৰিব লাগিছিল ।

Sootea Police Station
ঐতিহাসিক চতিয়া থানা (ETV Bharat)

কিন্তু সাংগঠনিক শক্তিৰ বাবে চতিয়াবাসীয়ে নিৰ্ধাৰিত সময়ৰ এমাহ পূৰ্বেই সেই কামটো সম্পন্ন কৰিবলৈ নিজকে প্ৰস্তুত কৰিছিল । যাৰ বাবে চতিয়া হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি কাম কৰি আছিল । একেদৰে বিহালি হাইস্কুলৰ শিক্ষক পদৰ পৰা পদত্যাগ কৰাৰ পিচত ডিম্বেশ্বৰ হাজৰিকাকে ধৰি বিভিন্নজন আন্দোলনত জপিয়াই পৰে ।

  • কোনে উত্তোলন কৰিলে পতাকা :

১৯৪২ চনৰ ২০ আগষ্টৰ অভিযানৰ বাবে প্ৰস্তুতি চলাবলৈ সাধাৰণ মানুহক আৰু সজাগ কৰি তুলিবলৈ বহুতো বৈঠকৰ আয়োজন কৰা হৈছিল । ২০ আগষ্টৰ দিনা হাইস্কুলৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত কছাৰীগাঁও , হাজাৰিমল, বাৰভূঞা, ৰে'লপথ, চৰাইজনীয়া, চিকিৎসালয় পথ, মৰনৈ নদীৰ পাৰৰ মাজেৰে বিশাল শান্তিপূৰ্ণ পদযাত্ৰা উলিয়াই চতিয়াত ৰাইজে থানা অৱৰোধ কৰি শান্তিপূৰ্ণভাৱে ত্ৰিৰংগ পতাকা উত্তোলন কৰে । দেবেন বৰকটকী আৰু চেনিধৰ দাসে এই পতাকা উত্তোলন কৰে ।

  • অভিযানত অংশগ্ৰহণ :

এই অভিযানত চতিয়া, নাগশংকৰ, জামুগুৰিহাট, বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় ৩ হাজাৰ লোক উপস্থিত হৈছিল । এই পদযাত্ৰাত সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোক, শিক্ষক, ছাত্ৰ-ছাত্ৰী, কৃষক, শ্ৰমিক, যুৱক-যুৱতী, মহিলা, ব্যৱসায়ী আদিয়ে অংশগ্ৰহণ কৰে । বিভিন্ন শ্ল'গানেৰে হাতত প্ৰায় ২০০ পতাকা, ৫ খন শান্তিৰ পতাকা (বগা) লৈ লোকসকলে পদযাত্ৰাত অংশ লৈছিল ।

থানা অৱৰোধৰ পিচত বিমান চন্দ্ৰ বৰাৰ অধ্যক্ষতাত থানা চৌহদত এখন সাধাৰণ সভা অনুষ্ঠিত হয় । পদযাত্ৰাৰ নেতৃত্বত বলোৰাম বৰমুদৈ আৰু ডিম্বেশ্বৰ হাজৰিকা, স্বৰ্ণপ্ৰভা মহন্তই হাতত বিশাল পতাকা লৈ আগবাঢ়ি যায় আৰু ছাত্ৰ-ছাত্ৰীসকলে হাতেৰে নিৰ্মিত কাগজৰ পতাকা লৈ যায় ।

সেই নিশাই আৰক্ষীৰ সন্মুখত ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ অভিযোগত ব্ৰিটিছ প্ৰশাসনে বিমান চন্দ্ৰ বৰা, ডিম্বেশ্বৰ হাজৰিকা, মহেন্দ্ৰ বৰকটকী, বীৰেণ বৰকটকী, বেণুধৰ হাজৰিকা, চন্দ্ৰনাথ বৰা, চেনিধৰ দাস, বলোৰাম বৰমুদৈ, দেৱেন্দ্ৰনাথ শৰ্মা, পুৱাল বৰুৱাক গ্ৰেপ্তাৰ কৰে । বৰ্তমান চতিয়াবাসীৰ বাবে এক আনন্দৰ খবৰ কিয়নো সুদীৰ্ঘ সময়ৰ অন্তত সেই স্বাধীনতাৰ স্মৃতিবোৰ যেন পুনৰ সকলোৱে একেলগে উদযাপন কৰিবলৈ সুবিধা লাভ কৰিব ।

লগতে পঢ়ক :চতিয়া আৰু জামুগুৰিবাসীৰ ঐতিহাসিক আন্দোলনক স্বীকৃতি - Assam Assembly Autumn Session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.