তেজপুৰ,২২ জুন : প্ৰতি বছৰে ২২ জুনৰ দিনটোক বিশ্ব বৰ্ষাৰণ্য দিৱস হিচাপে উদযাপন কৰা হয় । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যতো আছে কেইবাখনো বৰ্ষাৰণ্য ।
বৰ্ষাৰণ্য দিৱসৰ উদ্দেশ্য :
এই দিৱসৰ লক্ষ্য হৈছে বৰ্ষাৰণ্যক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত আৰু সংৰক্ষণ কৰা । বৰ্ষাৰণ্যই কেইবাটাও পৰিৱেশগত সুবিধা প্ৰদান কৰে, য'ত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিক ৰক্ষা কৰা, জলবায়ু নিয়ন্ত্ৰণ কৰা আৰু অত্যাৱশ্যকীয় সম্পদ যোগান ধৰাই প্ৰধান লক্ষ্য। পৃথিৱীত জীৱন ধাৰণৰ বাবে বৰ্ষাৰণ্য অতি প্ৰয়োজনীয় । এই বৰ্ষাৰণ্যই বহুতো জীৱক বায়ু, পানী, ঔষধ, খাদ্য আৰু আশ্ৰয় প্ৰদান কৰাই নহয় বায়ুমণ্ডলৰ পৰা সেউজ গৃহ গেছ শোষণ কৰাৰ ক্ষমতাৰ বাবে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আমাৰ অন্যতম শ্ৰেষ্ঠ প্ৰাকৃতিক প্ৰতিৰক্ষাও ।
পূর্বাভাষ :
পূৰ্বতে বৰ্ষাৰণ্যৰ দৰে অৰণ্যৰ সংখ্যা অসমত বহুখিনি আছিল যদিও প্ৰকৃতি ধ্বংস অৰ্থাৎ বন ধ্বংসৰ পিচত এই সংখ্যা এতিয়া হ্ৰাস পাইছে । পূৰ্বতে বৰ্ষাৰণ্য হিচাপে নামাকৰণ নকৰিলেও শোণিতপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বহু কেইখন সংৰক্ষিত বনাঞ্চল একপ্ৰকাৰ বৰ্ষাৰণ্যৰ দৰেই আছিল । কিন্তু ১৯৮০ ৰ দশকৰ পৰা আৰম্ভ কৰি ২০১০ চনলৈ হোৱা বন ধ্বংসৰ বাবে এতিয়া উত্তৰ অসমৰ বিভিন্ন প্ৰান্তত বৰ্ষাৰণ্যৰ দৰে বনাঞ্চল দেখিবলৈ পোৱা নাযায় । অসমৰ বৰ্ষাৰণ্য বুলি ক'লে পূৱৰ আমাজনখ্যাত দিহিং পাটকাইকে জনা যায় যি আজিৰ তাৰিখত এখন সম্পূৰ্ণ বৰ্ষাৰণ্য হিচাপে বিবেচিত হৈ আহিছে । সমান্তৰালভাৱে গিবনৰ কথা ক'ব পাৰি । এই কেইখন অৰণ্যই অসমৰ স্থানভেদে বৰষুণৰ পৰিমাণ বৃদ্ধি কৰি আহিছে ।
বৰ্তমানৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ যি ঢৌ এই বৰ্ষাৰণ্য অবিহনে মানৱ জাতিৰ তথা জীৱকুলৰ বাবে এক ভয়াৱহ ইংগিত বহন কৰিছে । অসমত তিনিখন বৰ্ষাৰণ্য আছে যি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত অৱস্থিত । গ্রীষ্মমণ্ডলীয় বৰষুণৰ দৰে চিৰসেউজ অৰণ্যৰ এক অংশ বৰ্ষাৰণ্য যিয়ে মুঠ ৮০০ বর্গ কিলোমিটাৰ এলেকা সামৰি তিনিটা সংযুক্ত বৰ্ষাৰণ্য গঠন কৰিছে । সেয়া ক্ৰমে জেইপুৰ, উজনি দিহিং আৰু ডিৰোক বৰ্ষাৰণ্য । এই বৰ্ষাৰণ্যৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশৰ পূব দিশত ভাৰতৰ ভিতৰতে বৃহৎ পৰিসৰৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে নামদফা আৰু এই নামদফা বৰ্ষাৰণ্যৰ বেছিভাগ অঞ্চল বাঁহেৰে আবৃত এক সুন্দৰ বৰ্ষাৰণ্য বুলি বিবেচিত হৈছে ।
বৰ্ষাৰণ্যই সমগ্ৰ পৃথিৱীৰ প্ৰায় ৭ শতাংশ অংশ দখল কৰি আছে । আনহাতে তথ্য অনুসৰি ভাৰতৰ শ্ৰেষ্ঠ বৰ্ষাৰণ্যসমূহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত আছে । যিবোৰ এতিয়াও মানুহৰ দ্বাৰা বিশেষ প্ৰভাৱিত হোৱা নাই অৰ্থাৎ ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ষাৰণ্যসমূহ উত্তৰ অসমৰ পৰা মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ কিছু অংশলৈকে বিস্তৃত হৈ আছে ।
মানৱ জাতিৰ ভৱিষ্যতৰ বাবে অৰণ্য অতি প্ৰয়োজনীয় ৷ এই অৰণ্যৰ মাজত বা সমীপত বসবাস কৰা লোকসকলে এই বিষয়ে ভালদৰে জ্ঞাত । বর্তমান সময়ত বহুতে এই বৰ্ষাৰণ্যৰ দৰে অৰণ্য স্থাপন কৰিবলৈ বৰ্ষা গছ বা ৰেইন ট্ৰী ৰোপণ কৰি অৰণ্যৰ জৰিয়তে জলবায়ু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । পশ্চিম অৰুণাচল প্ৰদেশৰ ১০ হাজাৰ ফুট উচ্চতাৰ পাহাৰীয়া অঞ্চলত এক বিশেষ সম্প্ৰদায়ৰ দ্বাৰা এখন সম্প্ৰদায় ভিত্তিক সংৰক্ষিত বনাঞ্চল গঢ় লৈ উঠিছে । টেঙা ভেলীত চিংচাং কমিউনিটী ফৰেষ্ট নিৰ্মাণ কৰি বন সংৰক্ষণৰ উদাহৰণ দাঙি ধৰিছে লোকসকলে । তেওঁলোকৰ উদ্দেশ্য হৈছে প্ৰকৃতি ৰক্ষা, বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা ।