ETV Bharat / state

উদ্বেগজনকভাৱে বৃদ্ধি গুৱাহাটীৰ তাপমাত্ৰা : শীতকালতো উষ্ণতা বৃদ্ধি - Climate change in Guwahati - CLIMATE CHANGE IN GUWAHATI

Global climate change :গোলকীয় জলবায়ু পৰিৱৰ্তনৰ কবলত গুৱাহাটী । গৰমৰ দিনৰ দৰে শীততো বাঢ়িছে উত্তাপ । এই সন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ আন্তঃশাখা জলবায়ু গৱেষণা কেন্দ্ৰই প্ৰকাশ কৰা তথ্য়ই মহানগৰবাসীলৈ কঢ়িয়াই আনিছে অশনি সংকেত ।

Global climate change
গোলকীয় জলবায়ু পৰিৱৰ্তন (Interdisciplinary Climate Research Center, Cotton University.)
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 4:57 PM IST

গুৱাহাটী, ৩১ আগষ্ট: গোলকীয় উষ্ণতাই দহিছে মহানগৰবাসীক । সেউজীয়া পাহাৰ ধ্বংস হোৱাৰ লগতে আন বহু কাৰকে বৃদ্ধি কৰিছে উষ্ণতা । কেৱল গৰমতেই নহয়, শীততো বাঢ়িছে উষ্ণতা । যোৱা ২৬ মে'ত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড হৈছিল । ইয়াৰ পূৰ্বে ১৯৬০ চনৰ ১ মে' ত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৪০.৩ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড হৈছিল । যোৱা ৬০ বছৰৰ ৰেকৰ্ড ভংগ কৰাৰ দিশত আগবাঢ়িছিল যদিও বৰুণ দেৱতাৰ কৃপাত যেনিবা স্পৰ্শ নহ'ল । এই তথ্য প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

Global climate change
গোলকীয় জলবায়ু পৰিৱৰ্তন (Interdisciplinary Climate Research Center, Cotton University.)

জলবায়ু পৰিবৰ্তনৰ কবলত গুৱাহাটী :

মন কৰিবলগীয়া যে গুৱাহাটী মহানগৰীত উষ্ণতা ভয়াবহভাৱে বৃদ্ধি পাইছে । গুৱাহাটী এতিয়া জলবায়ু পৰিবৰ্তনৰ কবলত পৰিছে । এই তথ্য় কটন বিশ্ববিদ্যালয়ৰ আন্তঃশাখা জলবায়ু গৱেষণা কেন্দ্ৰ চমুকৈ আই চি আৰ চিৰ এক গৱেষণাৰ । আই চি আৰ চিৰ গৱেষণাৰ তথ্য মতে, যোৱা কিছু বছৰৰ পৰা দেখা গৈছে যে গৰমৰ দিনত অস্বাভাবিকভাৱে তাপমাত্ৰা বাঢ়ি গৈছে । আনকি ঠাণ্ডাৰ দিনতো অস্বাভাবিকভাৱে গৰম বাঢ়ি গৈছে । কম সময়ত হোৱা বেছি পৰিমাণৰ বৰষুণ বৃদ্ধি পাইছে ।

কটন বিশ্ববিদ্যালয়ৰ আন্তঃশাখা জলবায়ু গৱেষণা কেন্দ্ৰই প্ৰকাশ কৰা বিভিন্ন তথ্য মতে, ১৯৬০ চনৰ পৰা ১৯৯০ চনলৈ গুৱাহাটীৰ ঊষ্ণতাৰ পৰিমাণ দ্রুত হাৰত বৃদ্ধি পাইছে । বর্তমানো এই উষ্ণতাৰ পৰিমাণ বাঢ়ি গৈ আছে । তথ্য মতে, ১৯৬০ চনৰ পৰা গুৱাহাটী তাপমাত্রা ব্যাপকভাৱে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিল ।

শীতকালতো সর্বোচ্চ তাপমাত্রা বৃদ্ধি :

জলবায়ু গৱেষণা কেন্দ্রৰ আন এক তথ্য মতে, উষ্ণতা বৃদ্ধিৰ লগে লগে ২০০০ চনৰ পৰা গুৱাহাটীত গোলকীয় জলবায়ু পৰিবর্তনৰ ব্যাপক প্রভাৱ দেখা গৈছে । যোৱা ১৮৬০ চনৰ পৰা ২০২০ চনলৈ চলোৱা এক গৱেষণামূলক অধ্যয়ন মতে,২০০০ চনৰ পাছৰ পৰা গুৱাহাটীত গৰমৰ দিনৰ দৰেই শীতকালতো সর্বোচ্চ তাপমাত্রা বাঢ়ি গৈছে ।

১৮৬০ চনৰ পাছত অর্থাৎ ১৪০ বছৰ পাছত ২০০০ চনৰ পৰা জলবায়ু পৰিবৰ্তনৰ প্রভাৱ গুবাহাটীত স্পষ্ট ৰূপত দেখা দিছে । কেন্দ্রটোৰ আন এক তথ্যৰ পৰা দেখা যায় যে ১৮৬০ চনৰপৰা ২০২০ চনৰ ভিতৰত ২০০৬ , ২০০৯ , ২০১০ , ২০১৪, ২০১৬, ২০১৭, ২০১৮, ২০১৯, ২০২০ চন অধিক গৰম বছৰ বুলি চিহ্নিত হৈছে ।

কটন বিশ্ববিদ্যালয়ৰ গবেষণা কেন্দ্রৰ তথ্য়:

শেহতীয়াভাৱে যোৱা ২০২১ চনৰ ১৪ আৰু ১৫ অক্টোবৰ গুৱাহাটীত সর্বোচ্চ তাপমাত্রা আছিল ৩৭.৭ ডিগ্রী চেলছিয়াছ । অক্টোবৰ মাহত সাধাৰণতে সর্বোচ্চ তাপমাত্রা ৩০.৬ ডিগ্রী চেলচিয়াছৰ ভিতৰত থকা দেখা গৈছিল । কটন বিশ্ববিদ্যালয়ৰ গবেষণা কেন্দ্রৰ সঞ্চালক ৰাহুল মহন্তই এই প্ৰসংগত কয়, " গুৱাহাটীৰ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গোলকীয় উষ্ণতা বৃদ্ধিয়ে প্রধান কাৰণ । ইয়াৰ বাবে গুৱাহাটীৰ মানুহক দায়ী কৰিলে নহ'ব । গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত আমেৰিকা তথা ইউৰোপৰ পশ্চিমীয়া দেশবোৰ প্রধানভাবে দায়ী ।" তেওঁ কয়,"দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আমেৰিকা তথা ইউৰোপৰ ধনী উদ্যোগীকৰণৰ জৰিয়তে বতাহত প্ৰচুৰ পৰিমাণে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে । এতিয়া তাৰ ভোগ কৰিবলগীয়া হৈছে বিশেষকৈ ভাৰতৰ নিচিনা দেশবোৰেও । দেখা গৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে গুৱাহাটীৰ দিন আৰু ৰাতিৰ মাজত থকা তাপমাত্ৰাৰ পাৰ্থক্যও কমি আহিছে । ৰাতিবোৰ বেছি গৰম হৈ গৈ আছে । আগতে তেনে নাছিল । দিনত যদি গৰম হয়, দিনতকৈ ৰাতি অলপ ঠাণ্ডা হয় । ৰাতিৰ সর্বোচ্চ তাপমাত্রা বাঢ়ি যোৱাটো ভবিষ্যতৰ জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত অতি ভয়ংকৰ কথা । "

তেওঁ পুনৰ কয়,"গৱেষণাত দেখা গৈছে গুৱাহাটীত কম সময়ৰ ভিতৰত অধিক বৰষুণ হোৱাৰ ঘটনাও বাঢ়ি গৈছে । কম সময়ৰ অধিক বৰষুণ হোৱা বৰষুণৰ পানী নিষ্কাষণ কৰাৰ বাবে গুৱাহাটীত যথোপযুক্ত ব্যৱস্থা নাই । যিবোৰ নলা আছে সেইবোৰ বিজ্ঞানসম্মত নহয় । যাৰ বাবে গুৱাহাটীত কৃত্রিম বানৰ সমস্যা জটিল হৈছে । কম সময়ত অধিক বৰষুণ হোৱাৰ ঘটনা বাঢ়ি যোৱাত গুৱাহাটীত ভূমিস্খলনৰ ঘটনা বাঢ়ি আছে । সেয়েহে জলবায়ু পৰিৱৰ্তনৰ প্রভাবত পৰা গুৱাহাটীত জলবায়ু পৰিবর্তন অভিযোজন তথা জলবায়ু পৰিবর্তনৰ লগত খাপ খুৱাই লোৱা ব্যৱস্থাৰ প্রয়োজন ।"

তেওঁ কয়,"ইয়াৰ বাবে অধিক গৱেষণাৰ প্রয়োজন । তদুপৰি বিজ্ঞানসম্মত উন্নত নলা, বিজ্ঞানসম্মতভাবে জাবৰ নিষ্কাষণ কৰা,পাহাৰ সংৰক্ষণ, জলাশয়বোৰ সংৰক্ষণ কৰাৰ লগতে গুৱাহাটীৰ দুৰ্যোগ ব্যবস্থাপনা শক্তিশালী আৰু অধি উন্নত কৰাৰ সম্পৰ্কত মনোনিবেশ কৰিব লাগিব। "

লগতে পঢ়ক: দুদিনমানৰ পৰা সলনি হৈছে গুৱাহাটীখন : কিছু পৰিমাণে অচিনাকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.