ETV Bharat / state

কাছাৰত পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰি কংগ্ৰেছী বিধায়কৰ ফটোশ্বুট, সৰ্বত্ৰে সমালোচনা - HSLC exam controversy

Kachar HSLC Exam Controversy : পৰীক্ষা চলি থকা অৱস্থাতে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰি কংগ্ৰেছী বিধায়কৰ ফটোশ্বুট । নিয়ম উলঙ্ঘনৰ অভিযোগ ।

পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰি কংগ্ৰেছী বিধায়কৰ ফটোশ্বুটক লৈ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 9:39 PM IST

পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰি কংগ্ৰেছী বিধায়কৰ ফটোশ্বুটক লৈ প্ৰতিক্ৰিয়া

শিলচৰ, ২০ ফেব্ৰুৱাৰী : বৰ্তমান ৰাজ্যত চলি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । কিন্তু এই পৰীক্ষাত প্ৰথম দুদিনত প্ৰশ্নকাকত ফাদিলকে ধৰি দুৰ্নীতি সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পাইছে । কিন্তু মেট্ৰিক পৰীক্ষাত দুৰ্নীতিৰ কথা পোহৰলৈ অহাৰ মাজতে এগৰাকী কংগ্ৰেছী বিধায়কৰ অবিবেচক কাণ্ডই এতিয়া সকলোতে চৰ্চা লাভ কৰিছে । লগতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰো ।

পৰীক্ষা চলি থকা অৱস্থাতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰে এগৰাকী কংগ্ৰেছ বিধায়কে । কেৱল সিমানেই নহয়, তেওঁ পৰীক্ষাগৃহত ফটোশ্বুটো কৰে । এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া কাছাৰত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে ৷ এই কাৰ্য সংঘটিত কৰা বিধায়কগৰাকী হৈছে কাটিগড়া সমষ্টিৰ বিধায়ক খলিলুৰ ৰহমান মজুমদাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, খলিলুৰ ৰহমান মজুমদাৰৰ এই কাণ্ডই এতিয়া তোলপাৰ লগাইছে শিক্ষা বিভাগতো ৷ উল্লেখ্য যে সোমবাৰে অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত সমষ্টিটোৰ একাধিক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰি বিধায়কগৰাকীৰ এই ফটো ছেছনৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া কাছাৰত সৃষ্টি হৈছে বিতৰ্কৰ ৷

অভিযোগ অনুসৰি,কাটিগড়াৰ বিধায়ক খলিলুৰ ৰহমান মজুমদাৰে পৰীক্ষা চলি থকা অৱস্থাতে কাটিগড়া সমষ্টিৰ কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিহাড়া যুধিস্থিৰ সাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰি নিয়ম উলঙ্ঘন কৰি পৰীক্ষাৰ্থীৰ সৈতে ফটোশ্বুট কৰে ৷ লগত একাধিক সমৰ্থক লৈ পৰীক্ষা কেন্দ্ৰ দুটাৰ প্ৰতিটো কোঠাত প্ৰৱেশ কৰে কংগ্ৰেছী বিধায়কজন ৷

কেৱল সিমানেই নহয়, পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰা ফটোসমূহ নিজে ফেচবুক পেজতো আপলোড কৰে বিধায়কগৰাকীয়ে ৷ ইপিনে পৰীক্ষা চলি থকা অৱস্থাত পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সতীৰ্থৰ সৈতে প্ৰৱেশৰ ফটো ফেচবুকত আপলোড দিয়াৰ লগে লগে সামাজিক মাধ্যম তথা সৰ্বসাধাৰণৰ মাজত তোলপাৰ লাগি পৰে ৷

আনহাতে, পৰীক্ষা চলি থকা অৱস্থাত মোবাইল লৈ সতীৰ্থৰ সৈতে কেনেদৰে এগৰাকী বিধায়ক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে তাকে লৈও প্ৰশ্ন উত্থাপিত হৈছে ৷ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খোদ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকেও । লগতে বিধায়কগৰাকীৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থাৰো দাবী তুলিছে ৷ অৱশ্যে বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে নিজৰ ফেচবুক পেজৰ পৰা বিধায়কগৰাকীয়ে ফটোসমূহ আঁতৰাই পেলায় ।

লগতে পঢ়ক :খানা খুৱাবলৈ লৈ গ'ল ছাত্ৰীক, শিক্ষকৰ পিঠিত অভিভাৱকৰ চেণ্ডেলৰ কোব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.