ETV Bharat / state

মাছমৰীয়াৰ বিৰুদ্ধে কঠোৰ লাওখোৱাৰ বন বিভাগ বেদখলকাৰীৰ বিৰুদ্ধে কিয় নীৰৱ ? - Laokhowa Wildlife Sanctuary

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 8:06 PM IST

Laokhowa Wildlife Sanctuary: সাধাৰণ মাছমৰীয়াৰ বিৰুদ্ধে কঠোৰ লাওখোৱাৰ বন বিভাগৰ বিৰুদ্ধে বেদখলকাৰীৰ ক্ষেত্ৰত নীৰৱতা অবলম্বনৰ অভিযোগ । মাছমৰীয়াক গুলীয়াই নিহত কৰিব পৰা লাওখোৱাৰ বন বিভাগে বেদখলকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ । কাৰ আর্শীবাদত বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমি বেদখল কৰি পুখুৰী খান্দিছে বেদখলকাৰীয়ে ?

Laokhowa Wildlife Sanctuary
লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য (ETV BHARAT ASSAM)

নগাঁও, ৯ জুলাই: মৎস্য চিকাৰৰ বাবে যোৱাৰ সন্দেহত সাধাৰণ মাছমৰীয়াক গুলীয়াই নিহত কৰি বীৰত্ব প্ৰদৰ্শন কৰা লাওখোৱাৰ বন বিভাগৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে ভয়ংকৰ অভিযোগ । লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমিত পুনৰ বেদখলকাৰীৰ দপদপনি আৰম্ভ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এসময়ৰ এশিঙীয়া গঁড়ৰ বিশ্ব বিখ্যাত লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দুখন বেদখলমুক্ত কৰিবলৈ শাসকীয় বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাচতেই প্ৰচেষ্টা হাতত লৈছিল ।

আনকি বিগত সময়ত অভয়াৰণ্য দুখনত বেদখলকৃত বৃহৎ ভূমিত উচ্ছেদ চলাই অভয়াৰণ্য দুখন বেদখলমুক্ত কৰিবলৈ গ্ৰহণ কৰিছিল পদক্ষেপ । কিন্তু শেহতীয়াকৈ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমিত পুনৰ বেদখল আৰম্ভ হোৱাত স্থানীয় প্ৰকৃতিপ্ৰেমী লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বন বিভাগলৈয়ো একাংশই টোঁৱাইছে সন্দেহৰ আঙুলি । একাংশ অসাধু লোক-বেদখলকাৰীয়ে লাওখোৱা বন বিভাগৰ একাংশ বিষয়া তথা বনকৰ্মীৰ ছত্ৰছায়াতেই লাওখোৱা অভয়াৰণ্যৰ ভূমি বেদখল কৰি খান্দিছে বৃহৎ বৃহৎ পুখুৰী ৷

লগতে পঢ়ক: লাওখোৱা অভয়াৰণ্যৰ গুলীচালনা : দণ্ডাধীশৰ জেৰাৰ সন্মুখীন হ’ব ডি এফ অ'সহ বনকর্মী - Fisherman Shooting Case at Laokhowa

লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিবিৰৰ পৰা কঁঠালগুটিলৈ বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বৃহৎ ভূমিত একাংশ লোকে অবৈধভাৱে পুখুৰী খান্দি ৰমৰমীয়া মাছৰ ব্যৱসায় চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ মাছ মাৰিবলৈ যোৱাৰ সন্দেহত সাধাৰণ লোকক গুলীয়াই নিহত কৰা লাওখোৱাৰ বনৰক্ষীয়ে দিনে-নিশাই পহৰা দি থকাৰ পাচতো অভয়াৰণ্যখনৰ ভূমি অতি ৰহস্যজনকভাৱে দুষ্ট চক্ৰই বেদখল কৰি মৎস্য উৎপাদন কৰা কাৰ্য এতিয়া সহজভাৱে ল’ব পৰা স্থানীয় লোকে ।

লাওখোৱাৰ গড়াজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে থকা দন্দুৱা বন শিবিৰৰ পৰা মাত্ৰ তিনিশ মিটাৰ নিলগত অবৈধ বেদখলকাৰী চক্ৰটোৱে অভয়াৰণ্যখনৰ বৃহৎ ভূমি বেদখল কৰি বৃহৎ বৃহৎ ফিচাৰীৰ পাৰ বান্ধি মাছৰ ব্যৱসায় চলাই থকাটোৱে বেদখলকাৰীৰ কবলত পৰি অভয়াৰণ্যখনৰ অস্তিত্ব দিনক দিনে বিপদাপন্ন হৈ পৰাৰো আশংকা কৰিছে স্থানীয় লোকে । অবৈধ বেদখলকাৰীৰ কবলৰ পৰা লাওখোৱা অভয়াৰণ্য উদ্বাৰৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অভয়াৰণ্যখন নিঃশেষ হ’বলৈ যে বেছিদিন নালাগিব সেয়া নিশ্চিত বুলিয়েই দাবী কৰিছে স্থানীয় প্ৰকৃতিপ্ৰেমী লোকে ।

লগতে পঢ়ক: প্ৰসংগ বনকৰ্মীৰ গুলীচালনা : নিহত ছমিৰৰ পত্নীৰ এজাহাৰত উন্মোচন ভয়ংকৰ তথ্য - Fisherman Shooting Case at Laokhowa

উল্লেখ্য যে, মাছমৰীয়াৰ সন্দেহত গুলীয়াই দুই ভাতৃক নিহত কৰা লাওখোৱাৰ বন বিভাগ বেদখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা নীৰৱতাই বহু প্ৰশ্নৰ উদ্বেগ ঘটাইছে স্থানীয় লোকৰ মাজত । এতিয়া বনভূমি বেদখলকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰাৰ কথা ঘোষণা কৰি অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লাওখোৱা অভয়াৰণ্যৰ ভূমিত হোৱা বেদখল আৰু বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা লাওখোৱাৰ বন বিভাগৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ’ব লক্ষণীয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.