ETV Bharat / state

আই আই টি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰৰ সফলতা - Indian Institute of Technology

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 6:17 PM IST

Achievement of IIT Guwahati alumni: আই আই টি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰৰ সফলতা ৷ বিদ্যুৎচালিত বাহনৰ চার্জিং প্ৰযুক্তিৰ বিকাশত বিশেষ সাফল্য লাভ আই আই টি গুৱাহাটীৰ প্ৰাক্তন শিক্ষাৰ্থীৰ ৷

IIT Guwahati alumni
আই আই টি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰৰ সফলতা (ETV Bharat Assam)

গুৱাহাটী, 19 জুন: গুৱাহাটী আই আই টিৰ প্ৰাক্তন ছাত্ৰৰ কৃতিত্ব ৷ গুৱাহাটী আই আই টিৰ তিনিগৰাকী প্ৰাক্তন ছাত্ৰই বিদ্যুৎচালিত বাহনৰ চার্জিং প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰিছে । গুৱাহাটী আই আই টিৰ প্ৰাক্তন ছাত্ৰ তিনিগৰাকীৰ এই সাফল্যই গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটী আই আই টিলৈ ।

গুৱাহাটী আই আই টিৰ জনসম্পৰ্কৰক্ষী বিভাগে জানিবলৈ দি কয়, "কৃতী ছাত্ৰ তিনিগৰাকী হ’ল তুষাৰ বৰা, মোহিত জৈন আৰু ভৱানী মহাপাত্ৰ ৷ তিনিও আই আই টি গুৱাহাটীৰ 2022 বৰ্ষৰ B.Tech. স্নাতক । তিনিও 2021 চনতে গুৱাহাটী আই আই টিত অধ্যয়ন কৰি থকাৰ সময়তে ই-মবিলিটি নামৰ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছিল । গুৱাহাটী আই আই টিৰ প্ৰাক্তন ছাত্ৰ তিনিগৰাকীয়ে ই-মবিলিটিৰ জৰিয়তে বিদ্যুৎচালিত বাহনৰ চার্জিং প্ৰযুক্তিৰ ছফট’ৱেৰ প্লেটফৰ্ম (Software platform), চাৰ্জকনেক্ট (Charge connect), পাব্লিক (public), ফ্লিট( fleet ) আৰু ডেষ্টিনেশ্বন চার্জিঙৰ (Destination charge) বিকাশ কৰিছে । এই প্ৰযুক্তিটোৱে প্ৰায় 3000 টা চার্জিং প'ৰ্ট সমৰ্থন কৰে ।

লগতে পঢ়ক: আই আই টি গুৱাহাটীৰ বিশেষ সাফল্য: বিশ্বৰ শ্ৰেষ্ঠ ১০০ খন উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান দখল‌ - IIT Guwahati

জনসম্পৰ্কৰক্ষী বিভাগে অধিক জানিবলৈ দি কয়, "গুৱাহাটী আই আই টিৰ প্ৰাক্তন ছাত্ৰ তিনিগৰাকীয়ে উদ্ভাৱনী চিন্তাৰে বিদ্যুৎচালিত বাহনৰ চার্জিং প্ৰযুক্তি বিকাশ কৰা ই-মবিলিটি ষ্টাৰ্টআপৰ মালিকীস্বত্ব বিদ্যুৎচালিত বাহন (EV) চার্জিং প্ৰযুক্তিৰ ক্ষেত্ৰত অন্যতম অগ্ৰণী আমেৰিকান কোম্পানী জেমেট্ৰিকে (Zemetric) ক্ৰয় কৰিছে ।

গুৱাহাটী আই আই টিৰ প্ৰাক্তন ছাত্ৰসকলৰ এই সফলতাত গৌৰৱ প্ৰকাশ কৰি আই আই টি গুৱাহাটীৰ অধ্যক্ষ, অধ্যাপক দেৱেন্দ্ৰ জালীহালে কয়, " আমাৰ প্ৰাক্তন ছাত্ৰ তুষাৰ, মোহিত আৰু ভৱানীৰ এই উদ্ভাৱনী অভিযানে আমাৰ সৃজনীশক্তি, উদ্ভাৱন আৰু উৎকৰ্ষতা উন্নীত কৰাৰ প্ৰতিশ্রুতিকেই প্ৰতিফলিত কৰিছে । এই সফলতাই আমাৰ ছাত্ৰসকলক প্ৰযুক্তিগত অগ্ৰগতিক পৰিচালনা কৰা আৰু সমাজৰ বাবে অৰ্থপূৰ্ণভাৱে অৱদান আগবঢ়োৱাৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান আগবঢ়াব ।"

লগতে পঢ়ক: নতুন‌ ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে গুৱাহাটী আই‌আইটিৰ অভিনৱ উদ্ভাৱন - 3D Printed Dummy Ballot Unit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.