ETV Bharat / state

মই অসহায় অনুভৱ কৰা নাই : আৰক্ষী সঞ্চালক প্ৰধান - Assam DGP

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 6:32 PM IST

DGP GP Singh : তেজপুৰ বিশ্ববিদ্যালয়ৰ দীক্ষাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ পুনৰ পুৰণা দিনৰ সন্ত্ৰাসময় পৰিস্থিতি ঘূৰাই আনিবলৈ বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় তেওঁ ৷

GP SINGH IN TEZPUR
তেজপুৰত অসম আৰক্ষী সঞ্চালক প্ৰধান (ETV Bharat Assam)

তেজপুৰ, 19 আগষ্ট : "মই এতিয়া অসহায় অনুভৱ কৰা নাই ৷ বিগত 40 বছৰে অসম এক সন্ত্ৰাসময় পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে ৷ এতিয়া এনে সন্ত্ৰাস শেষ হোৱাৰ সময়ত আমি উপনীত হৈছো ৷ এনে সময়ত পুনৰ পুৰণা দিনৰ সন্ত্ৰাসময় পৰিস্থিতি ঘূৰাই আনিবলৈ বিচৰাসকলৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ৷ মই এতিয়া অসহায় অনুভৱ কৰা নাই ৷" এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ ৷ সোমবাৰে তেজপুৰত উপস্থিত হৈ এই মন্তব্য কৰে তেওঁ ৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ দীক্ষাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ জিপি সিঙৰ (ETV Bharat Assam)

তেওঁ কয় “আমি যোৱা সময়ছোৱাত অসম আৰক্ষীৰ পৰম্পৰাগত অনুসন্ধান আৰু দক্ষতা বৃদ্ধিৰ বাবে কাম কৰি আহিছো যাতে সমাজত সংঘটিত বিভিন্ন অপৰাধ আৰক্ষীয়ে ৰোধ কৰিবলৈ সক্ষম হয় ৷ এনে কাৰণতো কিছুমানে এইবোৰত বাধা দিয়াৰ উদ্দেশ্যে কুটাঘাট কৰিব পাৰে ৷ কেতিয়াবা কৰবাত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাক লৈ হতাশ হ’ব নালাগে ৷” সিঙে পুনৰ কয় “অসমৰ উন্নয়নৰ গতি যিসকলে বাধা দিবলৈ বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ মই নিশ্চিত অসম আৰক্ষীয়ে যোৱা 40 বছৰে কৰি অহাৰ দৰেই এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিব ৷”

উল্লেখ্য যে, আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ দীক্ষাৰম্ভ অনুষ্ঠানত অংশলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদমাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয় যে, যিসকল কমবয়সীয়া যুৱকক কূটাঘাটমূলক কামকাজত আলফাই ব্যৱহাৰ কৰিছে সেইসকল পিছত ধৰাও পৰিছে আৰু আৰু তেওঁলোকৰ শাস্তিও হৈছে ৷ গতিকে বেলেগৰ উচটনিত এনে পথত আগনাবাঢ়িবলৈ আহ্বান জনাই সিঙে কয় “যিসকল অসমৰ বাহিৰত আছে তেওঁলোকে অসমৰ বৰ্তমানৰ উন্নতিৰ ছবিখনৰ বিষয়ে নাজানে ৷ কিন্তু যিসকলে অসমতে থাকি তেওঁলোকৰ হৈ কাম কৰি আছে, সেইসকলে অসমৰ উন্নয়ন দেখা পাইছে ৷ অসমৰ উন্নয়নৰ ক্ষতি কৰিব বিচৰাসকলক ৰেহাই দিয়া নহ’ব ৷”

লগতে পঢ়ক : বোমা সংস্থাপন : তথ্য দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা 'স্মাৰ্ট' অসম আৰক্ষীৰ - bomb plan by ULFA I

আৰক্ষী সঞ্চালক প্ৰধানজনে শেহতীয়াকৈ আলফা (স্বা)ই বোমা সংস্থাপন কৰা ঘটনা ৰাজ্যৰ শান্তি বিঘ্নিত কৰাৰ বাবেই কৰিছে বুলি মন্তব্য কৰি এইক্ষেত্ৰত আৰক্ষীৰ চোৰাংচোৱা ব্যৰ্থ হোৱা নাই বুলিও কয় ৷

লগতে পঢ়ক : ৰাইজৰ ক্ষতি কৰিবলৈ কোনোবা ওলালে আমি একশ্যন ল’ম : অসম আৰক্ষীৰ বিশেষ ডিজিপি হৰমিত সিং - ULFA I Bomb Plant

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.