ETV Bharat / state

বুঢ়াদিয়াই ছিগিলে মথাউৰি, প্লাৱিত শতাধিক পৰিয়াল - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 9:54 PM IST

Flood in Nalbari: বাৰিষাৰ প্ৰথমটো বানত ককবকাইছে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । বানে কালৰূপ ধাৰণ কৰিছে জিলাখনৰ পশ্চিম প্ৰান্তত । টিহুৰ দক্ষিণ ভোজকুছিত বুঢ়াদিয়া নৈৰ মথাউৰি ছিগি বানত প্লাৱিত ছয়খনকৈ গাঁৱৰ শতাধিক পৰিয়াল ।

Hundreds of families affected by flood due to collapse of embankment in Nalbari
নলবাৰীত বানৰ তাণ্ডৱ (ETV Bharat Assam)

নলবাৰী,১৯ জুন: বাৰিষাৰ প্ৰথমটো বানৰ কবলত নলবাৰী জিলাৰ পশ্চিম প্ৰান্ত । জিলাখনৰ পশ্চিম নলবাৰী আৰু টিহু ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত । বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে পশ্চিম নলবাৰী বুৰাই পেলোৱাৰ পিচত বুধবাৰে পুনৰ জিলাখনৰ টিহুৰ দক্ষিণ ভোজকুছিত ছিগিল বুঢ়াদিয়া নৈৰ মথাউৰি ।

নলবাৰীত বানৰ তাণ্ডৱ (ETV Bharat Assam)

যাৰ ফলত জিলাখনৰ বুঢ়াদিয়া নৈৰ দুয়ো পাৰৰ কেইবাখনো গাঁও প্লাৱিত হৈ পৰে । দুয়ো পাৰৰ প্ৰায় শ শ পৰিয়াল এতিয়া বানৰ কবলত । ৰাইজৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰময় পৰস্থিতি । উল্লেখযোগ্য যে দক্ষিণ ভোজকুছিৰে মথাউৰি ছিগাত ভোজকুছি, দক্ষিণ ভোজকুছি, শাক্তিপাৰা, বালাবড়ী, ঘোপা আদি গাঁৱৰ লগতে টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম নলবাৰীৰ লখোপুৰকে আদি কৰি সমগ্ৰ উত্তৰ অঞ্চলো প্লাৱিত হয় ।

জানিব পৰা মতে মঙলবাৰে নিশাৰে পৰা বুঢ়াদিয়া নৈৰ কেইবাটাও স্থানত মথাউৰিৰ ওপৰেৰে পানী বাগৰি আছিল । জিলা প্ৰশাসনৰ লোকেও কিছু স্থান পৰিদৰ্শন কৰি বুজ লৈছিল মথাউৰিকে ধৰি বাঢ়নী পানীয়ে বুৰোৱা অঞ্চলৰ ‌। তাৰ পিচতে মঙলবাৰৰ নিশাৰে পৰা বুধবাৰৰ পুৱাৰ ভাগলৈ অব্যাহত থকা মূষলধাৰ বৰষুণৰ ফলত বুঢ়াদিয়া নৈৰ জলপৃষ্ঠ আৰু অধিক বৃদ্ধি পায় । যাৰ ফলত বুধবাৰে দক্ষিণ ভোজকুছিত মথাউৰি ছিগে বুলি জানিবলৈ দিয়ে ৰাইজে ।

ইফালে দক্ষিণ ভোজকুছিত মথাউৰি ছিগাত এতিয়া প্ৰায় ছয়, সাতখন গাঁৱৰ কৃষিভূমিকে ধৰি বহু লোকৰ বাসগৃহও পানীত প্লাৱিত হয় । আনহাতে এনে পৰিস্থিতিতো বৰ্তমান সময়লৈকে লখোপুৰ কিম্বা ভোজকুছিত ছিগা মথাউৰি পৰিদৰ্শন অন্যথা বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ । শীঘ্ৰে প্ৰশাসনৰ কোনো লোক উপস্থিত হৈ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাই ভুক্তভোগী লোকসকলে ।

লগতে পঢ়ক: গছ বগৰাই ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া ৰোধৰ চেষ্টা নৈপৰীয়া ৰাইজৰ - Massive Erosion In Nalbari

বানৰ মাজতে সৰ্পদংশন : ৰাইজে দাঙি নিবলগীয়া হ’ল হাস্পতাললৈ - Assam flood 2024

গোৱালপাৰাত বলিয়া বান : চকুৰ সন্মুখতে উটি গ’ল চাৰিচকীয়া বাহন-দলং - ASSAM FLOOD 2024

কালদিয়াৰ তাণ্ডৱ: বানপীড়িত অঞ্চল পৰিভ্ৰমণ বৰপেটা জিলা আয়ুক্তৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.