গুৱাহাটী, ২১ মাৰ্চ : নাগৰিকক বিদ্যুতৰ মাচুলৰ পৰা ৰেহাই দিয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগবঢ়াইছে বিশেষ সুবিধা । কেৱল বিদ্যুৎ বিল নোহোৱা কৰাই নহয় নিজে ঘৰতে শক্তি উৎপাদন কৰি অতিৰিক্ত শক্তি বিক্ৰী কৰি উপাৰ্জন কৰাৰো সুবিধা জনসাধাৰণৰ প্ৰতি আগবঢ়াইছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে 'প্ৰধানমন্ত্রী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা' আঁচনি আৰম্ভ কৰিছে।
প্ৰথম পৰ্যায়ত এক কোটি লোকৰ ঘৰত আঁচনিখনৰ যোগেদি ৰুফটপ সৌৰশক্তি (solar panel) স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭৫ হাজাৰ কোটি টকা আৱণ্টন দিছে। 'প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা' হৈছে সেউজ শক্তিৰ দিশত ভাৰত চৰকাৰৰ সৰ্ববৃহৎ জন-অংশীদাৰিত্বৰ পদক্ষেপ । ভাৰত চৰকাৰৰ এই আঁচনিখনক আৰু অধিক উৎসাহিত কৰি জনসাধাৰণক সকাহ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰেও বিশেষ সুবিধা আগবঢ়াইছে। এই আঁচনিখনত অসম চৰকাৰেও আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।
অসমত এই আঁচনিৰ অধীনত ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে ৰুফটপ সৌৰশক্তি স্থাপনৰ সৰহভাগ ব্যয় বহন কৰিব। ইয়াৰ ফলত সেউজ শক্তি আহৰণ, বিদ্যুতৰ বিল হ্ৰাস আৰু ৰাজ্যিক গ্ৰীডক অতিৰিক্ত শক্তি বিক্ৰীৰে উপাৰ্জন সমৃদ্ধ পৰিসৰ সৃষ্টি হ'ব ।
ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অলপতে এই সন্দৰ্ভত এখন সংবাদমেল যোগে ৰাজ্য চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহায্যৰ কথা সদৰী কৰিছিল । ঘৰতে সৌৰশক্তি উৎপাদন কৰি বিদ্যুৎ মাচুল শূন্য কৰাৰ বাবে চৰকাৰে সৌৰশক্তি পেনেল লগোৱাৰ বাবে প্ৰদান কৰিব ৰাজসাহাৰ্য।
অসমত বৰ্তমান সময়ত তিনি হাজাৰ গৃহত ৰুফটপ সৌৰশক্তি আছে। প্ৰথম পৰ্যায়ত অসমত এক লাখ লোকৰ ঘৰত ৰুফটপ সৌৰশক্তি স্থাপনৰ বাবে অসম চৰকাৰে ব্যয় কৰিব ৩০০ কোটি টকা।
প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ সবিশেষ :
এই আঁচনিখনৰ যোগেদি চৰকাৰে ঘৰে ঘৰে সৌৰশক্তি উৎপাদনৰ বাবে আগবঢ়াব ৰাজসাহাৰ্য। আঁচনিখনৰ যোগেদি এক কিলোৱাটৰ পৰা তিনি কিলোৱাটলৈ সৌৰশক্তি উৎপাদনৰ বাবে ঘৰতে লগাব পাৰিব চ'লাৰ পেনেল । ইয়াৰ বাবদ হোৱা খৰচৰ বুজন পৰিমাণ চৰকাৰে বহন কৰিব । আঁচনিখনৰ সুবিধা ডাকঘৰৰ যোগেদি ৰাইজে প্ৰত্যক্ষভাৱে ল'ব পাৰিব।
আনহাতে 'pm - surya ghar : muft bijli yojana' প'ৰ্টেলৰ যোগেদিও আবেদন কৰিব পাৰিব। আনহাতে pmsuryaghar.gov.in যোগেদি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব। আবেদনৰ বাবে প্ৰয়োজনীয় নথিসমূহ হৈছে আধাৰ কাৰ্ড, ৰেছন কাৰ্ড, আৱাসিক প্ৰমাণ পত্র, বিদ্যুতৰ বিল, মোবাইল নম্বৰ, পাছপৰ্ট আকাৰৰ ফটো, বেংকৰ বহী আদি নথি । ডাকঘৰ নাইবা প'ৰ্টেলৰ যোগেদি প্ৰয়োজনীয় নথিপত্র আবেদন আকাৰে জমা দিয়াৰ পাচত বিবেচিত হ'লে লাভ কৰিব পৰা যাব আঁচনিখৰ সুবিধা ।
এক কিলোৱাট সৌৰশক্তি পেনেলৰ খৰচ আৰু চৰকাৰী সুবিধা :
এক কিলোৱাট সৌৰশক্তি উৎপাদনৰ বাবে সৌৰশক্তি পেনেল স্থাপনৰ বাবদ খৰচ হয় ৫০ হাজাৰ টকা । ইয়াৰ বিপৰীতে আঁচনিখনৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব ৩০ হাজাৰ টকা। আনহাতে অসম চৰকাৰে আগবঢ়াব ১৫ হাজাৰ টকা । অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ খৰচৰ ৫০ হাজাৰ টকাৰ বিপৰীতে দিব ৪৫ হাজাৰ টকা । ব্যক্তিগতভাৱে খৰচ হ'ব মাত্র ৫ হাজাৰ টকা। অৰ্থাৎ ৫ হাজাৰ টকা ব্যয় কৰি লাভ কৰিব পৰা যাব এক কিলোৱাট সৌৰশক্তি ।
দুই কিলোৱাট সৌৰশক্তিৰ ক্ষেত্রত খৰচ আৰু চৰকাৰী সাহাৰ্য :
দুই কিলোৱাট সৌৰশক্তি উৎপাদনত ব্যৱহৃত চ'লাৰ পেনেলৰ বাবদ খৰচ হয় এক লাখ টকা । এই দুই কিলোৱাট সৌৰশক্তি উৎপাদনৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব ৬০ হাজাৰ টকা। আনহাতে অসম চৰকাৰে আগবঢ়াব ৩০ হাজাৰ টকা। অৰ্থাৎ খৰচৰ এক লাখ টকাৰ ৯০ হাজাৰ টকা বহন কৰিব চৰকাৰে। ব্যক্তিগত খৰচ হ'ব ১০ হাজাৰ টকা।
তিনি কিলোৱাট সৌৰশক্তিৰ ক্ষেত্রত খৰচ আৰু চৰকাৰী সাহাৰ্য :
তিনি কিলোৱাট সৌৰশক্তি উৎপাদনৰ ক্ষেত্রত হোৱা ব্যয়ৰ পৰিমাণ হৈছে ১.৫ লাখ টকা। আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ৭৮ হাজাৰ টকা দিব। আনহাতে অসম চৰকাৰে সংযোজন ঘটাই তিনি কিলোৱাটৰ ক্ষেত্রত প্ৰদান কৰিব ৪৫ হাজাৰ টকা। অৰ্থাৎ তিনি কিলোৱাটৰ ক্ষেত্রত হোৱা ১.৫ লাখ টকাৰ খৰচৰ বিপৰীতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহন কৰিব ১.২৩ লাখ টকা। ব্যক্তিগতভাৱে খৰচ হ'ব ২৭ হাজাৰ টকা। অৰ্থাৎ এজন লোকে ২৭ হাজাৰ টকা খৰচ কৰিয়েই লাভ কৰিব বিনামূল্যে দৈনিক তিনি কিলোৱাট বিদ্যুৎ। আনহাতে বিদ্যুৎ ৰাহি হ'লে নাইবা অতিৰিক্ত থাকিলে বিক্ৰীও কৰিব পাৰিব।
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰৰ আৰু বিশেষ সুবিধা :
অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে আঁচনিখনৰ অধীনত ব্যক্তিগতভাৱে হ'বলগীয়া খৰচৰ ক্ষেত্রতো সুবিধা প্ৰদান কৰিছে। ৰাজ্যিক কৰ্মচাৰী সকলে প্ৰত্যক্ষভাৱে এটকাও ব্যয় নকৰাকৈ ঘৰতে সৌৰশক্তি উৎপাদনৰ এই আঁচনিখনৰ সুবিধা ল'ব পাৰিব। ৰাজ্যিক কৰ্মচাৰীসকলে 'আপোন ঘৰ'ৰ দৰে সৌৰশক্তি পেনেল স্থাপনৰ ক্ষেত্রত হোৱা খৰচৰ বাবে কোনো ধৰণৰ বন্ধকি নিদিয়াকৈ বেংকৰ পৰা ঋণ ল'ব পাৰিব। তদুপৰি সুদৰ এক শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব। সেইদৰে সাংবাদিক সকলৰ বাবেও সৌৰশক্তি পেনেলৰ বাবদ হোৱা নিজা খৰচৰ অংশ ডি আই পি আৰৰ যোগেদি অসম চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল।
লগতে পঢ়ক : আই কিউ এয়াৰৰ বাৰ্ষিক সমীক্ষাক ভুল আখ্যা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ