গুৱাহাটী,২৭ জুন: গৰমৰ দিনত বিশেষভাৱে প্ৰয়োজন হোৱা এবিধ আহিলা হৈছে ইনভাৰ্টাৰ । অৱশ্যে অসমত বাৰ মাহেই ইনভাৰ্টাৰৰ প্ৰয়োজন হয় । কাৰণ অসমত লোডশ্বেডিঙৰ প্ৰকোপ যথেষ্ট বেছি । গৰমৰ কেইদিনত বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত লোডশ্বেডিঙৰ হাৰো বৃদ্ধি পায় । তেনেস্থলত ইনভাৰ্টাৰৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি । যাৰ বাবে প্ৰায় ঘৰতেই আছে ইনভাৰ্টাৰ । কিন্তু বহু লোকে ইনভাৰ্টাৰৰ বিষয়ে জানিব লগা কিছুমান কথা নজনাৰ বাবেই বহুসময়ত সমস্যাৰ সন্মুখীন হয় ।
আন ইলেক্ট্ৰনিক আহিলাৰ দৰে ইনভাৰ্টাৰতো যত্নৰ প্ৰয়োজন হয় । যদি ইয়াৰ সঠিক যত্ন লোৱা নহয় তেন্তে ইয়াৰ আয়ুস কমি যায় । এই প্ৰতিবেদনত ইনভাৰ্টাৰৰ ক্ষেত্রত ল'বলগীয়া কেতবোৰ প্ৰয়োজনীয় দিশৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰা হৈছে । ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ইনভাৰ্টাৰৰ ব্যৱহাৰ আৰু ল'বলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰে ইটভাৰ্টাৰ আৰু বেটাৰীৰ ব্যৱসায়ৰ লগত জড়িত তাপস দাসে ।
কি দৰে যতন ল'ব ইনাভাৰ্টাৰৰ ?
ইনভাৰ্টাৰ এটা লগোৱাৰ পাচত প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে বেটাৰীত পানী আছে নে নাই চাব লাগে । পানী কমিলে ভৰাব লাগে । ইয়াৰ বাবে প্ৰয়োজন হোৱা আহিলা যিকোনো বেটাৰীৰ দোকানতে পোৱা যায় । তদুপৰি নিজৰ সুবিধা অনুসৰিও পানী ভৰাব পাৰি । আনহাতে বেটাৰীৰ টাৰ্মিনেল চাফা কৰি থাকিব লাগে ।
বেটাৰীত কেতিয়া পানী ভৰাব লাগে ?
ইনভাৰ্টাৰ এটা সঠিকভাৱে চলিবলৈ সংলগ্ন বেটাৰীত পানীৰ প্ৰয়োজন হয় । যাৰ বাবে নিয়মীয়াকৈ বেটাৰী পৰীক্ষা কৰি থাকিব লাগে । বছৰত দুই-তিনিবাৰ বেটাৰীত পানীৰ প্ৰয়োজন হয় । কিন্তু তথাপিও তিনি মাহৰ মূৰে মূৰে পৰীক্ষা কৰাটো ভাল । পানী কমিলে লগে লগে ভৰাব লাগে ।
পানী কমাটো কেনেকৈ গম পাব ?
সাধাৰণতে বেটাৰীত বছৰত তিনিবাৰ পানী ভৰোৱাৰ প্ৰয়োজন হয় । পানীৰ স্তৰ চোৱাৰ বাবে বেটাৰীৰ ওপৰৰ সূচক থাকে । সেই ৰঙা আৰু সেউজীয়া নাইবা নীলা ৰঙৰ সূচকৰ জড়িয়তে সহজতে পানীৰ স্তৰ পৰীক্ষা কৰিব পাৰি । ৰঙা আৰু সেউজীয়া ৰঙৰ সূচকৰ মাজত পানীৰ স্তৰ থাকিব লাগে । ৰঙা ৰঙৰ তলত পানীৰ স্তৰ গ'লে লগে লগে পানী সেউজীয়া ৰঙা সূচকলৈকে ভৰাব লাগে । পানী সদায় ৰঙা আৰু সেউজীয়াৰ মাজত থাকিব লাগে ।
বেটাৰীত কি পানী ভৰাব লাগে ?
বহু লোকে অজ্ঞতাৰ বাবে বেটাৰীত যিকোনো পানী ভৰাই দিয়ে । নিয়ম মতে বেটাৰীৰ বাবে কেৱল ডিষ্টিলড পানী ব্যৱহাৰ কৰাটো বাঞ্ছনীয় । সাধাৰণ পানী ব্যৱহাৰ কৰিলে বেটাৰীৰ ক্ষতি হ’ব পাৰে নাইবা আয়ুস কমিব পাৰে । পানী ভৰোৱাৰ সময়ত সূচক অনুসৰি ভৰাব লাগে । বেছিকৈ পানী ভৰালে ওপৰলৈ ওলাই আহি তলত পৰা সম্ভাৱনা থাকে । সাধাৰণতে বেটাৰীৰ ভিতৰৰ পৰা পানী খালী হাতেৰে স্পৰ্শ নকৰাটো ভাল ।
বানপানীৰ সময়ত ল'ব লগা সাৱধানতা ?
অসমত বানপানী আৰু কৃত্রিম বানপানীৰ সমস্যা নতুন নহয় । তেনেস্থলত ইনভাৰ্টাৰ ব্যৱহাৰ কৰা সকলে যথেষ্ট সাৱধান হোৱা উচিত । অন্যথা বিপদৰ সম্ভাৱনা বেছি থাকে । কৃত্রিম বানপানী তথা বানপানীৰ সময়ত ঘৰত পানী সোমোৱাৰ সম্ভাৱনা থাকিলে প্ৰথমে ইনভাৰ্টাৰৰ পৰা বিদ্যুতৰ বোৰ্ডত থকা চুইচটো বন্ধ কৰি প্লাগটো খুলি দিব লাগে । ইয়াৰ পাচত বেটেৰীৰ পৰা ইনভাৰ্টাৰৰ লগত সংযোগ হৈ থকা তাঁৰ আঁতৰাই দি ইনভাৰ্টাৰটো সুৰক্ষিত স্থানত ৰাখিব লাগে ।
বেটেৰীত পানী সোমালে অসুবিধা নহয় যদিও ইনভাৰ্টাৰত পানী সোমালে বেয়া হ'ব পাৰে । আনহাতে কিবা কাৰণত ইনভাৰ্টাৰ চলি থকা অৱস্থাত পানী সোমালে প্ৰথমতে ইনভাৰ্টাৰৰ চুইচটো বন্ধ কৰি দিব আৰু প্লাগৰ চুইচটো অফ কৰি দিব । সম্ভৱ হ'লে বেটাৰীটো ডিচকানেক্ট কৰি দিব । বিশেষ অসুবিধা হ'লে ইলেক্ট্ৰিচিয়ানৰ সহায় লোৱাটো ভাল ।
কি পৰিস্থিতিত বিস্ফোৰিত হয় ইনভাৰ্টাৰৰ বেটাৰী ?
সাধাৰণতে বেটাৰী বিস্ফোৰণৰ ঘটনা খুব কম হয় । পানী যদি বেটাৰীৰ প্লেটৰ তললৈ যায় আৰু অনবৰতে চাৰ্জিং দি থকা হয় তেন্তে বেটাৰী গৰম হৈ যায় । তেনেস্থলত বেটাৰীৰ বিস্ফোৰণ হ'ব পাৰে । এনে ঘটনা খুব কম হয় । সেয়ে বেটাৰীৰ পানী নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব লাগে ।
বেটাৰীৰ আয়ুস কিমান ?
ভাল কোম্পানীৰ একোটা বেটাৰীৰ তিনিবছৰৰ ৰিপ্লেছমেণ্টৰ ব্যৱস্থা থাকে আৰু পাঁচ বছৰলৈ ৱাৰেণ্টি থাকে । সময়মতে পানী ভৰাই ভালদৰে যতন ল'লে কমেও ছয় বছৰলৈকে একোটা বেটাৰী চলে ।
ৰিস্ক ফেক্টৰ
ইনভাৰ্টাৰ তথা বেটাৰীৰ ক্ষেত্রত ৰিস্ক ফেক্টৰ বুলি কোনো কথা নাই । আন বৈদ্যুতিক আহিলাৰ দৰেই ব্যৱহাৰ কৰিব পাৰে । সাধাৰণতে খালী ভৰিৰে স্পৰ্শ কৰিব নালাগে। সুৰক্ষিত ঠাইত থ'ব লাগে । বেটাৰীত ৬০ শতাংশ প্লেট আৰু ৪০ শতাংশ পানী থাকে । বেটাৰীৰ পানী শুকাই গ'লে বেটাৰী বেয়া হ'ব পাৰে ।
লগতে পঢ়ক: এতিয়াৰে পৰা AC ব্যৱহাৰ কৰাৰ সময়ত কৰক এই কাম; ৰাহি হ’ব আপোনাৰ টকা - Use Air Conditioner With Fan