ETV Bharat / state

কেনেকৈ পাকিস্তানৰ জেইলৰ আলহী হ’ল নগাঁৱৰ ৱাহিদা বেগম ? - NAGAON WOMAN IN PAKISTAN JAIL

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:00 PM IST

Updated : May 29, 2024, 2:29 PM IST

Assam Woman in Pak Jail : নগাঁৱৰ এগৰাকী মহিলাক লৈ সম্প্ৰতি দেশজুৰি চলিছে ব্যাপক চৰ্চা । আন্তৰ্জাতিক পৰ্যায়তো চৰ্চাৰ কাৰণ হৈ পৰিছে মহিলাগৰাকী ৷ নিজৰ সম্পত্তি বিক্ৰী কৰি এজন কাবুলিৱালাৰ সৈতে আফগানিস্তানলৈ বুলি পলাই হৈছিল ৱাহিদা বেগম ৷ কিন্তু পাকিস্তান আৰ্মীয়ে গ্ৰেপ্তাৰ কৰে ৱাহিদা বেগম আৰু কাবুলিৱালা মহচিন খানক ৷ আজি ভাৰত-পাকিস্তানৰ ৱাঘা সীমান্তৰ জৰিয়তে আন তিনিগৰাকী কয়েদীৰ সৈতে প্ৰত্যাৰ্পণ কৰা হ’ব ৱাহিদা বেগম আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰ ফৈজ খানক ৷

Assam Woman in Pak Jail
পাকিস্তান আৰ্মিয়ে গ্ৰেপ্তাৰ কৰে ৱাহিদা বেগমক (Etv Bharat)

নিউজ ডেস্ক ২৯ মে’ : এক উল্লেখযোগ্য কূটনৈতিক পৰিঘটনাত পাকিস্তানে বুধবাৰে ৱাঘা সীমান্তৰ জৰিয়তে পাঁচজন ভাৰতীয় বন্দীক দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে বুলি সূত্ৰত প্ৰকাশ কৰিছে । পাঁচজন কয়েদীৰ ভিতৰত আছে অসমৰ ৱাহিদা বেগম আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰ ফৈজ খান ।

মূলতঃ অসমৰ নগাঁৱৰ মাতৃ-পুত্ৰ দুয়োকে ২০২২ চনৰ নৱেম্বৰ মাহত পাকিস্তানৰ কুৱেটা কাৰাগাৰত নিক্ষেপ কৰা হৈছিল যদিও কোনো ধৰণৰ পাছপ’ৰ্ট আৰু ভিছা অবিহনে আফগানিস্তান-পাকিস্তান সীমান্তৰ সমীপত অৱস্থিত কুৱেটাত কেনেকৈ উপস্থিত হৈছিল ৱাহিদা সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

কিন্তু কেনেকৈ পাকিস্তান পালেগৈ ৱাহিদা ?

সৱিশেষ জনাৰ পূৰ্বে জানি লওক ৱাহিদা বেগমৰ পৰিচয় ৷ নগাঁও চহৰৰ মাজমজিয়াৰ বৰবজাৰৰ মহচিন খানৰ সৈতে ২০০৯ চনতেই বিবাহ পাশত আবদ্ধ হৈছিল নগাঁৱৰ ডিমৰুগুৰি পলি ৰোডৰ ৱাহিদা বেগম । এটি পুত্ৰ সন্তান জন্ম হোৱাৰ পাচত অৰ্থাৎ আজিৰ পৰা চাৰি বছৰ পূৰ্বে ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৱাহিদা বেগমৰ স্বামী মহচিন খানৰ ।

স্বামীৰ মৃত্যুৰ পাচতেই ৱাহিদা বেগমৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছিল চেলিম খান নামৰ এজন কাবুলিৱালাৰ । নগাঁৱৰ বৰবজাৰস্থিত এই ঘৰটোলৈ সঘন আহ-যাহ আছিল কাবুলী চেলিম খানৰ । যি অভিযোগ উত্থাপন কৰিছে প্ৰেসনজিৎ দত্ত নামৰ ব্যক্তিগৰাকীয়ে ৷

ৱাহিদা বেগমৰ বৰবজাৰস্থিত ঘৰটোৰ এটা অংশ স্বামী থকা অৱস্থাতে বিক্ৰী কৰা হৈছিল প্ৰসেনজিৎ দত্তক । পৰৱৰ্তী সময়ত ৱাহিদা বেগমে ঘৰটো প্ৰসেনজিৎ দত্তক সম্পূৰ্ণ বিক্ৰী কৰি দিছিল । মুঠ ১ কোটি ৬০ লাখ টকাত বিক্ৰীৰ চুক্তি হোৱাৰ পাচত বিগত ১ নৱেম্বৰত ৬০ লাখ টকা প্ৰসেনজিৎ দত্তৰ পৰা আদায় লৈছিল ৱাহিদা বেগমে ।

উল্লেখ্য যে, পূৰ্বে স্বামী থকা অৱস্থাত ঘৰটোৰ এটা অংশ বিক্ৰী কৰিছিল 35 লাখ টকাত । কিন্তু ১ নৱেম্বৰত ঘৰ বিক্ৰীৰ ধন আদায় লোৱাৰ পাচৰ পৰাই প্ৰসেনজিৎ দত্তৰ সৈতে কোনো যোগাযোগ হোৱা নাছিল ৱাহিদাৰ ।

পৰৱৰ্তী সময়ত নিৰুদ্দেশ হৈ পৰা ৱাহিদাক বিচাৰি মাতৃ আজিফা খাতুনে কোনো শুংসূত্ৰ নাপাই কাষ চাপিছিল নগাঁও আৰক্ষীৰ । মাতৃ আজিফা খাতুনে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । এজাহাৰত উল্লেখ কৰা অনুসৰি যোৱা ৩০ নৱেম্বৰত পাকিস্তানৰ পৰাই WhatsApp কলযোগে মাতৃক পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ কথা অৱগত কৰিছিল ৱাহিদাই ৷

ইয়াৰ পাচতেই কন্যাৰ নিৰাপত্তাৰ বিষয়ে চিন্তা কৰি দিল্লীৰ অধিবক্তা সন্তোষ সুমনৰ কাষ চাপে ৱাহিদাৰ মাতৃ ৷ অধিবক্তা সন্তোষ সুমনৰ জৰিয়তে বিষয়টো সন্দৰ্ভত দেশৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল পত্ৰ ৷ কিন্তু কোনো এটা বিভাগৰ পৰাই সঁহাৰি লাভ নকৰাত সম্প্ৰতি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে অধিবক্তা সন্তোষ সুমন ৷

লক্ষ্যণীয় কথাটো হ’ল যে কাবুলিৱালা চেলিম খানৰ সৈতে আফগানিস্তানলৈ সন্তানসহ পলায়ন কৰিছিল ৱাহিদা বেগম ৷ যি কথা এজাহাৰত উল্লেখ কৰিছে ৱাহিদাৰ মাতৃয়ে ৷ লগতে পাকিস্তান আৰ্মীক ধন দি মেনেজ কৰিবলৈ চেষ্টা কৰিছিল কাবুলিৱালা চেলিম খানে আৰু তেতিয়াই পাকিস্তান আৰ্মীয়ে গ্ৰেপ্তাৰ কৰে ৱাহিদা বেগমৰ লগতে চেলিম খানক ৷

এইটো অনুমান কৰা হৈছিল যে ৱাহিদা সম্পত্তি বিক্ৰী কৰাৰ পাচত চেলিম খানৰ সৈতে আফগানিস্তানলৈ পলাই গৈছিল আৰু পৰৱৰ্তী সময়ত পাকিস্তানী কাৰাগাৰত অৱতৰণ কৰিছিল । অৱশ্যে গোটেই কাহিনীটো স্পষ্ট হ'ব যেতিয়া ৱাহিদা আৰু তেওঁৰ পুত্ৰ ৱাঘা সীমান্তৰ মাজেৰে প্ৰত্যাৰ্পণৰ পিছত ভাৰতলৈ উভতি আহিব ।

লগতে পঢ়ক : Assam Woman In Pakistan Jail: পাকিস্তানৰ কাৰাগাৰত আবদ্ধ নগাঁৱৰ ৱাহিদা বেগম

Last Updated : May 29, 2024, 2:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.