ETV Bharat / state

ব্যৱসায়ীৰ দ্বাৰা ঠগ খোৱা গ্ৰাহকে কেনেকৈ ল'ব আইনৰ সহায়, জানো আহক - Consumer protect act 2019

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 9:36 PM IST

Consumer protection : আপুনি কোনো সামগ্ৰী অনলাইন তথা অফলাইনযোগে ক্ৰয় কৰাৰ ক্ষেত্ৰত কেতিয়াবা ঠগ খাইছে নেকি ? তেনেহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে ৷

consumer protection
ব্যৱসায়ীৰ দ্বাৰা ঠগ খোৱা গ্ৰাহকে কেনেকৈ ল'ব আইনৰ সহায়, জানো আহক

গুৱাহাটী, ২৯ মাৰ্চ : এজন গ্ৰাহকৰ অধিকাৰ কি ? যেতিয়া এজন গ্ৰাহকে এটা সামগ্ৰী দোকানৰ পৰা বা অনলাইনযোগে ক্ৰয় কৰে তেতিয়া দোকানীজনে গ্ৰাহকজনৰ প্ৰতি অন্যায় কৰিলে গ্ৰাহকজনে কি কৰিব, কিদৰে আইনৰ সহায় ল'ব আৰু ন্যায় পাব পাৰে সেই বিষয়ে আমি হয়তো বহুতে নাজানো ।‌ অথবা জানিলেও আইনৰ জটিলতাৰ ভীতিগ্ৰস্ত হৈ আগনাবাঢ়ো ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰাহক সুৰক্ষা আইন আছে । এই আইনখন ১৯৮৬ ৰ প্ৰণয়ন হৈছিল যদিও পিচত ২০১৯ চনত এই আইনখন‌ সংশোধন কৰা হয়। Consumer protect act, 2019 আইনখনৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা Consumers legal protection forum ৰ‌ সম্পাদক অজয় হাজৰিকাই আমাক সবিশেষ জানিবলৈ দিয়ে ৷

হাজৰিকাই কয় যে, এই আইনখন‌ সংশোধন কৰি এতিয়া অনলাইন সেৱা ( e-commerce) ক অন্তৰ্ভুক্ত কৰা হৈছে ৷ যিকোনো সামগ্ৰী এটা ক্ৰয় কৰা ব্যক্তি বা ক্ৰেতাই হৈছে গ্ৰাহক । সেয়া দোকানৰ পৰা অথবা অনলাইনযোগে ক্ৰয় কৰা হ'ব পাৰে । বেংকিং সেৱাও এই‌ আইনৰ অধীনত আছে । গ্ৰাহক এজনে যিকোনো অসৎ ব্যৱসায়িক বা সীমাবদ্ধ ব্যৱসায়িক কাম-কাজ, ক্ৰটিযুক্ত সামগ্ৰী, সেৱাৰ ক্ষেত্ৰত ঘাটি, অত্যাধিক মূল্য আদায়, বেআইনী সামগ্ৰীৰ বিক্ৰীৰ বলি হ’ব পাৰে ৷ তেনে ক্ষেত্ৰত এজন গ্ৰাহকে আইনৰ সহায় ল'ব পাৰে ।

হাজৰিকাই লগতে কয় যে, Consumer protect act, 2019 জৰিয়তে গ্ৰাহকে District Consumer Disputes Redressal Commissions, the State Consumer Disputes Redressal Commissions and the National Consumer Disputes ওচৰত গৈ অভিযোগ দিব পাৰে । এটকাৰ পৰা ৫০ লাখ টকা পৰ্যন্ত অভিযোগ District Consumer Disputes Redressal Commissions দিব লাগিব ।‌ আকৌ ৫০ লাখৰ অধিকৰ পৰা‌ ২ কোটি‌ টকা পৰ্যন্ত গোচৰ the State Consumer Disputes Redressal Commissions ত দিব লাগিব । আনহাতে ২ কোটিৰ অধিক হ'লে the National Consumer Disputes দিব লাগিব।‌

District Consumer Disputes Redressal Commissions সকলো জিলাতে আছে । কিন্তু কিছুমান জিলাত এই ব্যৱস্থা সক্ৰিয় হৈ থকা নাই । তথাপি গ্ৰাহকে আয়োগৰ ওচৰত গৈ অতি সহজে গোচৰ সন্দৰ্ভত আয়োগত দাখিল‌ কৰিব পাৰে ।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ ভালুক, চিৰন্তনু শইকীয়াৰ লেঞ্চত ধৰা পৰিল বিশেষ ফটো - Kaziranga National Park

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.