ETV Bharat / state

কেনে আছে নগাঁৱৰ ভুক্তভোগী কিশোৰীগৰাকী ? জনালে চিকিৎসালয় কৰ্তৃপক্ষই - Dhing Rape Case

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 7:20 PM IST

Health condition of Dhing rape victim : ধিঙৰ দলবদ্ধ ধৰ্ষণৰ ভুক্তভোগীৰ বৰ্তমানৰ অৱস্থা কেনে ? সেই কথা জনালে চিকিৎসালয় কৰ্তৃপক্ষই ৷ কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’লে হিউমেন ৰাইট্ছ ইন্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ প্ৰতিনিধি দলে ৷

Health condition of Dhing rape victim
কেনে আছে নগাঁৱৰ ভুক্তভোগী কিশোৰীগৰাকী ? (ETV Bharat Assam)

নগাঁও, ২৩ আগষ্ট : এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই উত্তাল কৰি তুলিছে সমগ্ৰ নগাঁও জিলা । বৃহস্পতিবাৰে সন্ধিয়া টিউশ্যন কৰি ঘৰলৈ ওভতাৰ পথত তিনিটাকৈ পাষণ্ডৰ কামনাৰ বলি হয় নাবালিকাগৰাকী ৷

বৃহস্পতিবাৰে সন্ধিয়া ধিং অঞ্চলৰে এটা স্থানত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকী । লগে লগেই কিশোৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা ঘটনা পোহৰলৈ অহাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ধিঙৰ লগতে সমগ্ৰ অসমতেই ।

ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডক লৈ শুকুৰবাৰে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । সদৌ অসম ছাত্ৰ সন্থাৰ ধিং আঞ্চলিক সমিতিৰ আহ্বানত বন্ধ হৈ পৰে সমগ্ৰ ধিং অঞ্চল ৷

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ :

নগাঁৱৰ ধিঙত সংঘটিত হোৱা কিশোৰী ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে অন্যান্য দল-সংগঠনৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷ ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবীত নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷ সংগঠনটোৱে নগাঁৱৰ নতুন বজাৰৰ পৰা ধিংকাণ্ডৰ বিৰুদ্ধে উলিয়াই প্ৰতিবাদী সমদল ৷

ধিঙৰ ৰাজপথলৈ সহস্ৰাধিক মহিলা :

ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে সহস্ৰাধিক মহিলা ৷ কিশোৰী ধৰ্ষণৰ ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ লগতে অঞ্চলটোৰ মহিলা-যুৱতীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ সহস্ৰাধিক মহিলাই । মহিলাৰ প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ ধিং অঞ্চল ।

কেনে আছে ভুক্তভোগী কিশোৰীৰ স্বাস্থ্যৰ অৱস্থা ? :

তিনিটাকৈ পাষণ্ডৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে নগাঁও মেডিকেল কলেজ হাস্পতালত । চিকিৎসাধীন কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান উন্নত হোৱা বুলি জনাইছে নগাঁও মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ কবিন্দ্ৰ দেৱ শৰ্মাই । কিশোৰীগৰাকী বৰ্তমান ঘৰলৈ উভতি যাব পৰা অৱস্থালৈ ঘূৰি অহা বুলিও উল্লেখ কৰে হাস্পতাল কৰ্তৃপক্ষই ।

ইপিনে শুকুৰবাৰে নগাঁও মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় হিউমেন ৰাইট্ছ ইন্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ এটা প্ৰতিনিধি দলে । এনে ঘটনা ৰোধ কৰিবলৈ সজাগতাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে হিউমেন ৰাইট্ছ ইন্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ প্ৰতিনিধিয়ে ।

লগতে পঢ়ক : ধিঙৰ জঘন্য ঘটনাৰ বাবে চৰকাৰে যি কৰিব লাগে কৰিব: পীযুষ হাজৰীকা

তদন্ত সঠিক দিশত আগবাঢ়িছে, অভিযুক্তৰ পৰা লাভ কৰা হৈছে তথ্য : ধিঙত জি পি সিং

ধৰ্ষণকাণ্ডই জোকাৰিছে ৰাজ্য : ধিংকন্যাক ন্যায়ৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.