ETV Bharat / state

গৃহমন্ত্ৰীয়ে অসমবাসীক চৰম অপমান কৰিছে : অখিল গগৈ - Assam Flood 2024

Akhil Gogoi : অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ডিব্ৰুগড়ত গুৰুত্বপূৰ্ণ সংবাদমেল বিধায়ক অখিল গগৈৰ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ ভয়াৱহ বান পৰিস্থিতিক বান সদৃশ পৰিৱেশ বুলি কৈ অসমবাসীক চৰম অপমান কৰিছে বুলি মন্তব্য বিধায়কগৰাকীৰ ৷ হিন্দু- মুছলমানক লৈ ৰাজনীতি কৰাতকৈও অসমৰ বানপানীক লৈ বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ আহ্বান অখিল গগৈৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 8:16 PM IST

Akhil Gogoi Press Meet
মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈৰ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 8 জুলাই : "চেলেপু কথাৰে বান সমস্যাটোক লঘু কৰিব নেকি ? এজন চেলেপু মুখ্যমন্ত্ৰী, অগভীৰ মুখ্যমন্ত্ৰী, এজন অসংবেদনশীল আৰু আত্মসমৰ্পণকাৰী মুখ্যমন্ত্ৰী ৷ যিজন মুখ্যমন্ত্ৰীয়ে আজি অসমৰ প্ৰত্যেকজন লোকক অপমান কৰিছে ৷" ৰাজ্যৰ বৰ্তমানৰ বান পৰিস্থিতিক লৈ সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক এইদৰে সমালোচনা বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷

ডিব্ৰুগড়ত গুৰুত্বপূৰ্ণ সংবাদমেল বিধায়ক অখিল গগৈৰ (ETV BHARAT ASSAM)

অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ডিব্ৰুগড়ত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ ডিব্ৰুগড়ৰ সাহিত্য সভা ভৱনত সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে বিধায়কজনে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ ভয়াৱহ বান পৰিস্থিতিক 'বান সদৃশ' পৰিস্থিতি বুলি কৰা মন্তব্যই অসমবাসীক চৰম অপমান কৰা বুলি কয় বিধায়ক গগৈয়ে ৷ তেওঁ বানত ৰাজ্যৰ 24 লাখ মানুহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 78 জন মানুহৰ মৃত্যু হৈছে বুলি উল্লেখ কৰি আৰু কিমান লাখ লোক ক্ষতিগ্ৰস্ত হ'লে কেন্দ্ৰই পুঁজি মোকলাই দিব বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে ৷ গুজৰাট, বিহাৰত 78 জন মানুহৰ মৃত্যু হোৱাহেতেন কেন্দ্ৰই লগে লগে সাহাৰ্য প্ৰদান কৰিলেহেতেন বুলি মন্তব্য কৰে তেওঁ ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ গজদন্ত মিনাৰৰ পৰা নামিবলৈ আহ্বান কৰে বিধায়কজনে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা কৰিলে বাহিৰৰ পৰা মানুহ নাহিব বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি 'তেন্তে অসমৰ বানপানীৰ ৰাষ্ট্ৰীয় সমাধান কি থাকিব' বুলি প্ৰশ্ন কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এজন 'চেলেপু, অসংবেদনশীল, অগভীৰ মুখ্যমন্ত্ৰী' বুলি অভিহিত কৰে অখিল গগৈয়ে ৷ এইবাৰ বানত কেন্দ্ৰীয় চৰকাৰৰ অসমৰ বিৰুদ্ধে থকা মাহীআইৰ দৃষ্টি লজ্জাজনক ৰূপত স্পষ্ট হৈছে বুলি তীব্ৰ সমালোচনা কৰে তেওঁ ৷

লগতে পঢ়ক : সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰে ৰাইজক ৰাম ঠগন দি আছে : অখিল গগৈ - Assam Flood 2024

বিধায়ক অখিল গগৈয়ে লগতে বিগত দহটা বছৰত ৰাজ্যত বানপানীত প্ৰায় 27 হাজাৰ 105 কোটি টকাৰ ক্ষতি হৈছে বুলি তথ্য দাঙি ধৰে ৷ কিন্তু ডাবল ইঞ্জিন চৰকাৰৰ আমোলত দহটা বছৰত মাত্ৰ 205 কোটি 31 লাখ টকাহে কেন্দ্ৰীয় চৰকাৰে আজি পৰ্যন্ত দিছে বুলি কয় তেওঁ ৷ আনহাতে ৰাজ্যৰ জলসম্পদ মন্ত্ৰীক 'চ্যুট-বুট মন্ত্ৰী' আখ্যা দি তেওঁ তীব্ৰ সমালোচনা কৰে ৷ সৰ্বানন্দ সোণোৱালৰ নিচিনা এজন জনজাতীয় মুখ্যমন্ত্ৰীক লেং মাৰি মুখ্যমন্ত্ৰী হ'ব পাৰে, কিন্তু বানপানীৰ বাবে কেন্দ্ৰৰ পৰা কিয় টকা আনিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীক উদ্দেশ্যি প্ৰশ্ন কৰে অখিলে গগৈয়ে ৷

প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি "বানপীড়িতৰ খবৰ ল'বলৈ বিৰোধী নেতা ৰাহুল গান্ধী আহি গ'ল, কিন্তু ডিঙিত গামোচা আঁৰি থকা প্ৰধানমন্ত্ৰী আজি ক'ত গ'ল" বুলি প্ৰশ্ন কৰে ৷ তেওঁ কয় যে, হিন্দু-মুছলমানৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ থকাতকৈ বানপানীক লৈ আলোচনা কিয় নকৰে ৷ বানপানীক লৈ বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ দাবী বিধায়ক অখিল গগৈৰ ৷ লগতে অসমৰ বান পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে 50 হাজাৰ কোটি টকা ধনৰ আবণ্টন দিয়াৰ দাবী অখিল গগৈৰ ৷

লগতে পঢ়ক : ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উৰুলি পুঙা : অখিল গগৈ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.