মৰিগাঁও: অসমৰ এক ঐতিহাসিক তথা পৰম্পৰাগত উৎসৱ হৈছে জোনবিল মেলা । যাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে মধ্য অসমৰ মৰিগাঁও জিলাৰ ভৈয়ামৰ লোকসকলৰ লগতে কাৰ্বিআংলং আৰু মেঘালয়ৰ পাহাৰত বসবাস কৰা জনগোষ্ঠীয় লোকসকলে । কেৱল মৰিগাঁও বুলি ক’লে ভুল হ’ব কাৰণ, এই মেলাত সমগ্র ৰাজ্যৰ লগতে দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰে জোনবিলৰ পাৰ ।
প্ৰতি বছৰে মাঘ বিহুৰ ঠিক পাছতেই অনুষ্ঠিত হৈ আহিছে ঐতিহাসিক জোনবিল মেলা ৷ গোভাৰজাৰ শাসন কালৰে পৰা পৰম্পৰাগতভাৱে চলি অহা এই মেলাৰ এক বিশেষ তাৎপৰ্য হৈছে বিনিময় প্ৰথা ৷ এইবাৰো তিনিদিনীয়াকৈ জোনবিল মেলা উদযাপনৰ যো-জা চলাইছে মেলা উদযাপন সমিতিয়ে ৷ ইংৰাজী নৱবৰ্ষত অৰ্থাৎ অহা জানুৱাৰী ১৬, ১৭ আৰু ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা ৷
এইবেলি কাৰ্বিআংলং আৰু মেঘালয়ৰ প্ৰায় ৮০ খন গাঁৱৰ ৰাইজে মেলালৈ বিনিময়ৰ বাবে আনিব নিজ নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ ৷ বিনিময় প্ৰথাৰ বাবে বিখ্যাত এই জোনবিল মেলাৰ দ্বিতীয় দিনা বহিব গোভা দেওৰজাৰ ৰাজদৰবাৰ ৷
জোনবিল মেলা সমিতিৰ সভাপতি জুৰছিং বৰদলৈয়ে এক সংবাদমেল আয়োজন কৰি কয়, ‘‘এইবাৰ দৰবাৰত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক প্ৰদান কৰিব ৰাজভাট্টা ৷ আনহাতে এই মেলাথলীত সম্বৰ্ধনা জনোৱা হ’ব অভিনেত্ৰী তথা পৰিচালিকা আইমী বৰুৱা আৰু ড৹ ববী শৰ্মা বৰুৱাক ৷’’
উল্লেখ্য যে, প্ৰতিবছৰে দেশ-বিদেশৰ পৰ্যটক আৰু প্ৰায় ৫/৬ লাখ লোকৰ আগমন ঘটা জোনবিল মেলা উপলক্ষে এদিন চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে ঐতিহাসিক গোভ দেওৰজাৰ ৰাজ পৰিষদ আৰু জোনবিল মেলা উন্নয়ন সমিতিয়ে ৷
জোনবিল মেলাৰ বিষয়ে কিছু কথা:
জোনবিল মেলাৰ এক ইতিহাস আছে । মৰিগাঁও জিলাৰ মধ্যৱৰ্তী জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত থকা এখন বিল, নাম জোনবিল ৷ তাৰ পাৰতেই অনুষ্ঠিত হয় এই জোনবিল মেলা । এই মেলা কোনে, কেতিয়াৰ পৰা আৰম্ভ কৰিছিল তাৰ ইতিবৃত্তি সঠিকভাৱে নাই যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠা হোৱা দিনৰে পৰা এই মেলা প্ৰচলিত হোৱা বুলি গৱেষকসকলে মত পোষণ কৰিছে ।
কিছুমান জনশ্ৰুতি লোকসমাজৰ মুখত শুনিবলৈ পোৱা যায় যে গোভাৰাজ্যৰ প্ৰতিষ্ঠাপক গোভা ৰজাই এদিন ৰাণীৰ সৈতে নৌকা বিহাৰ কৰি ঘূৰি ফুৰোঁতে এইখন বিলৰ কাষ পাইছিল । নিশা বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি উজ্বলি উঠিছিল । তাকে দেখি ৰজা-ৰাণীৰ মন আনন্দত উৎফুল্লিত হৈ পৰিছিল আৰু তেতিয়া ৰজাই ৰাণীক কৈছিল এইখন জোনটোৰ দৰে বিল আৰু তেতিয়াৰ পৰাই এই বিলখনৰ নাম জোনবিল হোৱা বুলি জনবিশ্বাস আছে । এই বিলৰ পাৰত মেলাখন অনুষ্ঠিত হোৱাৰ বাবেই এই মেলাৰ নাম জোনবিল মেলা । মাঘ বিহুৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হয় ঐতিহাসিক জোনবিল মেলা ।
এই মেলাৰ প্ৰধান তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা তিৱা লোকসকলৰ উপৰিও আন জনজাতীয় লোকসকলে নিজৰ উৎপাদিত বিভিন্ন সামগ্ৰী ভৈয়ামত বসবাস কৰা তিৱা তথা অন্যান্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ , শুকান মাছ আদিৰ সৈতে বিনিময় কৰে । অৰ্থাৎ এই দিনটোত কিছু ঘণ্টাৰ বাবে অচল হৈ পৰে মুদ্ৰা । যত চলে কেৱল বিনিময় প্ৰথা ।
এতিয়া মাথোঁ অপেক্ষা ১৬,১৭ আৰু ১৮ জানুৱাৰীলৈ । য’ত পুনৰ এবছৰৰ অন্তত মিলন ঘটিব পাহাৰ-ভৈয়ামৰ লোকসকলৰ । সমন্বয়ৰ মিলন ভূমিলৈ পৰিণত হ’ব জোনবিলৰ পাৰ । য’ত ক্ষন্তেক সময়ৰ বাবে অচল হৈ পৰিব মুদ্ৰাৰ প্ৰচলন । পাহাৰৰ মামা-মামীৰ সৈতে ভৈয়ামৰ লোকসকলে বিনিময় কৰিব নিজৰ উৎপাদিত সামগ্ৰীৰ লগতে আন্তৰিক চেনেহ ৷
লগতে পঢ়ক: আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা, মেলাথলীত ইউনেস্ক’ৰ গৱেষকৰ দল
উথপথপ জোনবিল মেলাৰ বাকৰি, এদিন বাবে দেওঁৰাজ্যত অচল আধুনিক মুদ্ৰা