ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে দিলে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ইংগিত : চাৰি নতুন সদস্যৰ অন্তৰ্ভূক্তিৰ সম্ভাৱনা - Assam Govt Ministry Reshuffle

CM Himanta Biswa Sarma : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৷ আগষ্টত হ’ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ নতুন মুখৰ অন্তৰ্ভূক্তিৰ সম্ভাৱনা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি কি ক’লে চাওক এই প্ৰতিবেদনত ৷

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 1:07 PM IST

ASSAM GOVT MINISTRY RESHUFFLE
আন্তৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ (ETV Bharat Assam)

তেজপুৰ, 21 জুন: অসম চৰকাৰৰ মন্ত্ৰীসভাত শীঘ্ৰেই হ’ব সালসলনি ৷ আগষ্ট মাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা ৷ এই কথা শুকুৰবাৰে প্ৰকাশ কৰে খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

তেজপুৰত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

তেজপুৰৰ নেহৰু মৈদামত ৰাজ্য চৰকাৰে এইবেলি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিছে আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী ৷ শুকুৰবাৰে এই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হৈছিল মুখ্য়মন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক: ৪ জুনৰ পিচত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সালসলনি ! ভৱেশ কলিতা মন্ত্ৰী হ’লে ৰাজ্যিক সভাপতি হ’ব কোন ? - Assam Govt Ministry Reshuffle

যোগ দিৱসৰ কাৰ্যসূচীৰ অন্তত মুখ্য়মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ কেবিনেটৰ সালসলনি সন্দৰ্ভত সংবাদ মাধ্য়মৰ আগত কেতবোৰ কথা প্ৰকাশ কৰে ৷ 15 আগষ্টৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কেবিনেট সালসলনি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷ সাংবিধানিক নিয়ম অনুসৰি এই কেবিনেটত থাকিব 19 জন সদস্য ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত হ্ৰাস পাইছিল এগৰাকী মন্ত্ৰী ৷ তাৰে পৰিপ্ৰেক্ষিতত কিছু সালসলনি ঘটাবলগীয়া হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেটত ৷ নতুন নিৰ্দেশনা অনুসৰি, পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ হাতৰ পৰা বিভাগটো আঁতৰাই নিজৰ হাতত ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: দিছপুৰৰ মায়া এৰি দিল্লীলৈ যাবলৈ ওলাল শিলচৰৰ নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য - LOK SABHA ELECTION RESULTS 2024

আনহাতে, কেশৱ মহন্তক দিয়া হৈছে পৰিবহণ, মীন আৰু আবকাৰীৰ দৰে বিভাগৰ গুৰু দায়িত্ব ৷ তাৰোপৰি মহন্তৰ হাতত আছে বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব ।

লগতে পঢ়ক: পৰিবহণ-আবকাৰী মহন্তক গতাই স্বাস্থ্যৰ দায়িত্ব নিজেই ল'লে মুখ্যমন্ত্ৰীয়ে - Changes is Assam Government

উল্লেখ্য যে, ড৹ শৰ্মাই 2021 চনত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে 19 জনীয়া ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসভাৰ ভিতৰত খালী হৈ আছিল তিনিখন আসন ৷ মুঠ 16 গৰাকী কেবিনেট মন্ত্ৰীৰ ভিতৰত পৰিমল শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সেই সংখ্যা 15 গৰাকীলৈ হ্ৰাস পায় । সেয়ে আগষ্টত হ’বলগীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সময়ত চাৰিখন নতুন মুখ কেবিনেটত অন্তৰ্ভূক্তি কৰাৰ সম্ভাৱনা আছে ৷

ভাৰতীয় সেনাৰ সৈতে বৈঠকত অংশগ্ৰহণ :

মুখ্যমন্ত্ৰী শৰ্মাই বৃহস্পতিবাৰে নিশা তেজপুৰস্থিত ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ এক বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠক সৌজন্যমূলক আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

উল্লেখ্য যে, ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছে ভাৰত-চীন সীমান্তত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ সমান্তৰালভাৱে অসমত AFSPA ৰ প্ৰৱৰ্তনত সেনাৰ এক বিশেষ ভূমিকা আছে ৷ বৰ্তমান এই আইন উঠাই লোৱাৰ পাচত সেনাই উগ্ৰপন্থী বিৰোধী কোনো অভিযানত অংশগ্ৰহণ কৰিবলগীয়া হোৱা নাই । আইন শৃংখলাজনিত বিষয়ত সেনাৰ সৈতে সৌহাৰ্দমূলক বৈঠক অনুষ্ঠিত হৈয়ে থাকে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: AFSPA extended in Assam: অসমৰ ৪ খন জিলাত AFSPA সম্প্ৰসাৰণ; ৪ খন জিলাৰ পৰা প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.