ETV Bharat / state

গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে পাহাৰ কাটি গঢ়ি তোলা মেঘালয়ৰ প্ৰতিষ্ঠানকে দোষাৰোপ মুখ্যমন্ত্ৰীৰ - Artificial flood in Guwahati

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 5:46 PM IST

CM Himanta on Guwahati flood : গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে পুনৰ মেঘালয়ক দোষাৰোপ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰীক পত্ৰ দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ গ্ৰীণ জ’নৰ প্ৰস্তাৱ মেঘালয়ৰ মুখ্যমন্ত্ৰীক ৷

CM Himanta on Guwahati flood
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ৯ আগষ্ট : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এতিয়া প্ৰতিদিনে সৃষ্টি হৈছে কৃত্ৰিম বান । কৃত্ৰিম বানত ধুনীয়া গুৱাহাটীৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে ৷ এজাক বৰষুণ দিলেই আতংকিত হৈ পৰে মহানগৰবাসী ৷ ক’ত কেতিয়া কিমান সময়ৰ বাবে আৱদ্ধ হৈ থাকিবলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাই ৷

সোমবাৰৰ বিয়লি হোৱা এজাক ধাৰাসাৰ বৰষুণৰ পিছত গুৱাহাটীত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিয়ে সকলোকে এই কথা ভাবিবলৈ বাধ্য কৰাইছে ৷ সেয়েহে এতিয়া এজাক বৰষুণ দিলেই চিন্তিত হৈ পৰে মহানগৰৰ মহানাগৰীক । এই কৃত্ৰিম বান সন্দৰ্ভত কালিৰ দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াই চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মেঘালয়ৰ পাহাৰ কাটি গঢ়ি উঠা অনুষ্ঠান-প্ৰতিষ্ঠানবোৰক দোষাৰোপ কৰিছিল ।

বিশেষকৈ মেঘালয়ৰ পাহাৰ কাটি গঢ়ি উঠা University of Science and Technology of Meghalaya ক টাৰ্গেট কৰি লৈছিল মুখ্যমন্ত্ৰীয়ে । তাৰ পিছতে বিশ্ববিদ্যালয়খনে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ অভিযোগ প্ৰত্যাখান কৰিছিল । শুকুৰবাৰে পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াই কয় যে গুৱাহাটীৰ বানৰ বাবে মেঘালয়েই দায়ী ।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ মেঘালয়ৰ বাবে গুৱাহাটীত কৃত্ৰিম বান হৈছে । বৰ্তমান USTM থকা অঞ্চলটোৰ আমি কালি ছেটেলাইট ছবি সংগ্ৰহ কৰো । ২০১১ চনত ছেটেলাইট ছবি কেনেকুৱা আছিল, ২০১৮ ত কেনেকুৱা আৰু আজিৰ পৰীক্ষা কৰিলে সকলো স্পষ্ট হ'ব যে কেনেকুৱা ধংস তাত চলিছে । যদি কোনোবাই বিশ্বাস নকৰে গোটেই USTM খন ভ্ৰমণ কৰাৰ সুবিধা গুৱাহাটীৰ নাগৰিকক দিয়ক । তেতিয়া নিজেই সকলো গম পাই যাব ।’’

ড৹ শৰ্মাই কয়, ‘‘ কেৱল USTM এ নহয়, সেই অঞ্চলত পাহাৰ কাটি গঢ়ি তোলা সকলো অনুষ্ঠান গুৱাহাটীৰ কৃত্ৰিম বানৰ কাৰণ । আমচাঙত অবৈধ দখল হৈছে, নোহোৱা বুলি নকওঁ । এইটো পুৰণি সমস্যা, মই নতুন সমস্যাবিলাকৰ কথাহে কৈ আছো । মহানগৰীৰ বান সমস্যা কেতিয়া নিঃশেষ হ'ব তাৰ উত্তৰ মোৰ ওচৰত নাই । মেঘালয়ে যিমানেই পাহাৰ কাটিব, সিমানেই গুৱাহাটীত বান হ'ব । মই কালিও মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ চিঠি দিছো যে আপোনালোকে এই ঠাইখিনি গ্ৰীণ জ’ন কৰক ।’’

লগতে পঢ়ক : বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰীৰ পঢ়াৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.