শিলচৰ, 25 জুলাই: কাছাৰৰ ভুবন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত তিনি মাৰ উগ্ৰপন্থী সদস্য নিহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি এইবাৰ আদালতৰ দ্বাৰস্থ হৈছে নিহতসকলৰ পৰিয়াল ৷ পৰিয়ালৰ লেখ আবেদনৰ ভিত্তিত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, ৰাজ্যৰ মুখ্য সচিব, কাছাৰৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসহ সাতগৰাকীক জাননী জাৰি কৰিছে আদালতে ৷

আদালতৰ পুনৰ নিৰ্দেশ অহালৈকে তিনিওগৰাকী উগ্ৰপন্থীৰ মৃতদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে ৷ বিগত 16 জুলাইত কাছাৰৰ ধলাই গংগানগৰৰ পৰা মাৰণাস্ত্ৰসহ তিনি মাৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে ৷ ধৃতসকলক জেৰা চলাই আৰক্ষীয়ে তিনিওগৰাকী মাৰ উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি নিশ্চিত কৰে ৷

একেদিনাই নিশা তিনিওগৰাকী উগ্ৰপন্থীক লগত লৈ কাছাৰৰ ভুবন পাহাৰত অভিযান চলাবলৈ যাওঁতে ঘন জংঘলৰ পৰা আৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে উগ্ৰপন্থী সংগঠনটোৰ আন আন সদস্যসকলে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে ৷ দুয়োপক্ষৰ এই গুলীবৰ্ষণৰ মাজতে আৰক্ষীৰ জিম্মাত থকা তিনি মাৰ উগ্ৰপন্থী গুলীবিদ্ধ হৈ নিহত হয় ৷

কিন্তু এই ঘটনা সম্পূৰ্ণ পৰিকল্পিত বুলি দাবী কৰে মাৰ জনগোষ্ঠীয় বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ৷ নিৰীহ তিনি যুৱকক গ্ৰেপ্তাৰ কৰাৰ ছলেৰে কাছাৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ তুলি আন্দোলনত নামি পৰিছে সংগঠনকেইটা ৷
ইয়াৰ মাজতে ঘটনাৰ সঠিক তদন্ত বিচাৰি আদালতৰ কাষ চাপিছে নিহত তিনি যুৱকৰ পৰিয়াল ৷ পৰিয়ালৰ লেখ আবেদনৰ ভিত্তিতে ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধান, কাছাৰৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসহ সাত শীৰ্ষ বিষয়াক জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে ৷ বিচাৰপতি কল্যাণ ৰায় সুৰানা আৰু সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠিত বিচাৰপীঠে বুধবাৰে জাৰি কৰে এই নিৰ্দেশনা ৷
লগতে পঢ়ক: হাতত AK-47 আৰু পিষ্টল লৈ গৈ আছিল তিনি যুৱক, বাটতে পালে আৰক্ষীয়ে