ETV Bharat / state

নগাঁৱত কোটি টকা মূল্যৰ হেৰ’ইন জব্দ - Drugs seized in Nagaon - DRUGS SEIZED IN NAGAON

Drugs seized in Nagaon : নগাঁও জিলাত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান নগাঁও আৰক্ষীৰ । ডিমাপুৰৰ পৰা সৰবৰাহৰ সময়ত প্ৰায় কোটি টকা মূল্যৰ হেৰ'ইন জব্দ নগাঁও আৰক্ষীৰ ।

Drugs seized in Nagaon
নগাঁৱত কোটি টকা মূল্যৰ হেৰ’ইন জব্দ
author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 8:45 PM IST

নগাঁৱত কোটি টকা মূল্যৰ হেৰ’ইন জব্দ

নগাঁও, 25 মাৰ্চ : নগাঁৱত পুনৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ডিমাপুৰৰ পৰা সৰবৰাহৰ সময়ত প্ৰায় কোটি টকা মূল্যৰ হেৰ'ইন জব্দ নগাঁও আৰক্ষীৰ । লগতে আৰক্ষীয়ে জব্দ কৰে বিলাসী বাহনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক ।

  • " class="align-text-top noRightClick twitterSection" data="">

নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে স্বপনীল ডেকাই যোগদান কৰাৰ পিচতেই ড্ৰাগছৰ বিৰুদ্ধে এইটো প্ৰথম বৃহৎ অভিযান নগাঁও আৰক্ষীৰ । সোমবাৰে চলা এই অভিযানত জব্দ কৰা হয় প্ৰায় কোটি টকা মূল্যৰ হেৰ'ইন ।

নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সোমবাৰে বিয়লি নগাঁও মহাবিদ্যালয়ৰ সমীপত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত চলোৱা অভিযানত জালত পৰে দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী । AS 02 AJ 0170 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনেৰে নগাঁৱলৈ হেৰ’ইনখিনি সৰবৰাহ কৰাৰ সময়ত আৰক্ষীৰ অভিযানকাৰী দলটোৱে হেৰ'ইনভৰ্তি 37 টা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় কোটি টকা হ'ব বুলি ধাৰণা কৰা হৈছে ।

ডিমাপুৰৰ পৰা নগাঁৱলৈ হেৰ’ইনখিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ আৰক্ষীৰ দলটোৱে দুই ড্ৰাগছ সৰবৰাহকাৰী আনৰুল ইছলাম আৰু মইনুদ্দিনক আটক কৰে যদিও আন এটা সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় । সম্প্ৰতি ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

বিগত সময়ত নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ বাবে কেইবাগৰাকী আৰক্ষী অধীক্ষকে বহু চেষ্টা কৰাৰ পিচতো নগাঁৱত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । মাত্ৰ কেইদিনমান পূৰ্বে গোৱালপাৰা জিলাৰ পৰা নগাঁও জিলালৈ বদলি হৈ আহি দায়িত্বভাৰ গ্ৰহণ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপনীল ডেকাই ৷

লগতে পঢ়ক: মাজুলীত জ্বলি ছাই হ’ল ৫০ ঘৰ লোকৰ ইলেকট্ৰনিকছ সামগ্ৰী - Irresponsibility of APDCL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.