গোলাঘাট, ২৬ এপ্ৰিল : গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বকিয়াল, শামুকজান অঞ্চলত আছে সদৌ অসম দৃষ্টিহীন বিকাশ সমিতি প্ৰশিক্ষণ কেন্দ্ৰ । ক'ভিড মহামাৰীৰ সময়ত বিশেষভাৱে সক্ষম পুৰুষ-মহিলাই থকাৰ বাবে ঠাইৰ অভাৱত ভুগিছিল । আনকি ৰে'ল ষ্টেচনত থাকিবলৈ গ'লে খেদি পঠিয়াইছিল বিশেষভাৱে সক্ষম লোকসকলক । এই সকলো দৃশ্য প্ৰত্যক্ষ কৰিছিল বিশেষভাৱে সক্ষম দীপক হাজৰিকাই । তাৰ পাচতে গোলাঘাট জিলাৰ অতিকৈ ভিতৰুৱা অঞ্চল বকিয়ালৰ শামুকজানত নিজৰ নামত থকা দুকঠা মাটিত খুজি মাগি দুটা সাধাৰণ ঘৰ নিৰ্মাণ কৰে । শেহতীয়াভাৱে গোলাঘাট ৰ'টাৰী ক্লাৱৰ সদস্যসকলে এই কেন্দ্ৰটোক প্ৰদান কৰিলে টিনপাত ।
সদৌ অসম মান্না দৃষ্টিহীন বিকাশ সমিতিয়ে প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম পুৰুষ-মহিলাক আশ্ৰয় প্ৰদান কৰি আহিছে । তাৰ পাচৰে পৰা উক্ত গৃহতে ১৫ গৰাকী বিশেষভাৱে সক্ষম পুৰুষ-মহিলাই ইজনে-সিজনৰ প্ৰতি সাৰথি হৈ জীৱন নিৰ্বাহ কৰি আছে । ইমানেই নহয়, দীপক হাজৰিকাক সভাপতি হিচাপে লৈ এখন সমিতি গঠন কৰি পৰিচালনা কৰি আহিছে দৃষ্টিহীন বিকাশ সমিতি প্ৰশিক্ষণ কেন্দ্ৰই ।
এই সমিতিখনৰ তৎপৰতাত নতুনকৈ আৰু দুটা কোঠা নিৰ্মাণ কৰি তাত কেইবাগৰাকী লোকে বসবাস কৰি আহিছে । নিতৌ গৃহটোৰ পৰা কেইগৰাকীমান দৃষ্টিহীন পুৰুষ-মহিলাই জিলাখনৰ বিভিন্ন প্ৰান্তত খুজি মাগি আনি নিজৰ পেটৰ ভোক নিবাৰণ কৰাৰ লগতে অন্য সতীৰ্থসকলৰ ভোক নিবাৰণ কৰে । কিন্তু কিছুদিন পূৰ্বে এজাক শিলাবৃষ্টিৰ ফলত গৃহকেইটাৰ টিনসমূহ নষ্ট হৈ পৰে । তাৰ পাচৰে পৰা বৰষুণ আহিলে ঘৰৰ ভিতৰত থাকিব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হয় । এই বিষয়ে গোলাঘাট ৰ'টাৰী ক্লাৱৰ সদস্যসকল অৱগত হোৱাত সামাজিক দায়বদ্ধতাৰ পৰিচয় দি প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰটোত তিনি বান্দল টিনপাত যোগান ধৰে ।
বৃহস্পতিবাৰে ৰ'টাৰী ক্লাৱ গোলাঘাট এলিগেঞ্চৰ সভাপতি প্ৰাশান্ত পুজাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য় ব্যাখ্যা কৰে ক্লাবৰ সদস্যা সীমা নাথে । এই সভাত ক্লাবৰ সম্পাদক প্ৰবীণ বাগাৰীয়া, সদস্যা লুকুমণি গোস্বামী, শ্ৰীমন্ত বৰফুকন, সঞ্জীৱ সন্দিকৈ আদি কৰি ক্লাবৰ বিষয়ববীয়া সকলে উপস্থিত থাকে । কিন্তু পৰিতাপৰ বিষয় এই যে এইসকল বিশেষভাৱে সক্ষম লোকে আজি পৰ্যন্ত লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সা-সুবিধা।
এইক্ষেত্ৰত গোলাঘাট ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অৱগত কৰিছিল যদিও বৰ্তমানলৈকে মুখ্যমন্ত্ৰীৰ পৰা কোনোধৰণৰ সহাৰি লাভ কৰা নাই । উল্লেখ্য উক্ত সভাত দৃষ্টিহীন বিকাশ সমিতি প্ৰশিক্ষণ কেন্দ্ৰৰ সদস্যসকলে বিভিন্ন ধৰণৰ গীত-মাত পৰিৱেশন কৰে ।
লগতে পঢ়ক:মাজুলীৰ দিব্যাংগ যুৱকৰ বাবে ইউটিবাৰে সাজি দিলে দোকান